Advertisment

কৈছিল খেদিম, কিন্তু হ'লগৈ বিধায়ক...

বাংলাদেশী খেদাৰ কথা কৈ নিৰ্বাচনত জয়ী হোৱা বিজেপিতেই আছে বাংলাদেশী বিধায়ক। বাংলাদেশীক খেদাটো বাদেই, বাংলাদেশীক এতিয়া বিধায়ক পাতে বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অসমত বাঢ়িছে বাংলাদেশীৰ সংখ্যা!  

 Filephoto
Filephoto

কৈছিল খেদিম, কিন্তু হ'লগৈ বিধায়ক...

বাংলাদেশী খেদাৰ কথা কৈ নিৰ্বাচনত জয়ী হোৱা বিজেপিতেই আছে বাংলাদেশী বিধায়ক। বাংলাদেশীক খেদাটো বাদেই, বাংলাদেশীক এতিয়া বিধায়ক পাতে বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অসমত বাঢ়িছে বাংলাদেশীৰ সংখ্যা!  

Advertisment

Read More- অশান্ত কাৰ্বি ভূমিত দুজনৰ মৃত্যু, কৰ্তন ইণ্টাৰনেট সেৱা

পদত্যাগ কৰিব লাগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিয়ে অসমত চৰকাৰ কৰিলে বাংলাদেশী খেদিম বুলি প্ৰতিশ্ৰুতি দিছিল। বাংলাদেশী খেদাৰ কথা কৈয়েই নিৰ্বাচনতো জিকিছিল বিজেপি। কিন্তু খেদাৰ পৰিৱৰ্তে এতিয়া "কা"ৰ জৰিয়তে অসমত বাংলাদেশী সুমুৱাবহে বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। 

Read More- পঞ্চায়তৰ সিদ্ধান্ত, মহিলাই ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন!

বিজেপিৰ বিৰুদ্ধে সৰৱ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰা। ঢেকীয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। ৰিপুণ বৰাৰ মতে অসমত বাংলাদেশীৰ সংখ্যা বাঢ়িছে যদি হিমন্ত বিশ্ব শৰ্মাৰ বাবেই বাঢ়িছে। 

Read More- অধিক ৰাজহ লাভৰ আশা! বৃদ্ধি হ’ব ৰে’ল ভাড়া

লগতে ৰিপুন বৰাই ক'লে- বিজেপিৰ বিধায়কক নাগৰিকত্বৰ প্ৰমান দিবলৈ ইতিমধ্যে আদালতে সময়সীমা বান্ধি দিছে। ৫ জানুৱাৰীৰ ভিতৰত নিজৰ নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব বিধায়ক বিজয় মালাকৰে। ২০১৪ চনত প্ৰধানন্ত্ৰীয়ে অসমলৈ আহি কৈছিল- "১৬ মে'ৰ পাছত সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধি ভাৰতৰ পৰা যাব লাগিব। কিন্তু এতিয়া বিজেপি দলেই সেই বাংলাদেশীকে বিধায়ক পাতিলে। অসমৰ মানুহক বিশ্বাসঘাতকতা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে"। 

Read More- সাৱধান! ধৰ্মৰ অপমান সহ্য কৰা নহ’ব, আহিব নতুন বিধেয়ক

লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে ৰিপুন বৰাই। মুখ্যমন্ত্ৰীক সমালোচনা কৰি ৰিপুন বৰাই কয় যে- আমি কংগ্ৰেছ দলে "কা" আইনৰ বিৰোধিতা কৰিছিলো। "কা" ৰ বিৰোধিতা কৰি আমি প্ৰতিবাদো কৰিছিলো। কিন্তু হিমন্ত বিশ্ব শৰ্মাই "কা"ৰ জৰিয়তে অসমত বাংলাদেশী সুমুৱাব বিচাৰিছে। 

Advertisment
Advertisment