Advertisment

অশান্ত কাৰ্বি ভূমিত দুজনৰ মৃত্যু, কৰ্তন ইণ্টাৰনেট সেৱা

এতিয়াও অশান্ত হৈ আছে কাৰ্বি ভূমি। সান্ধ্য আইন জাৰি কৰাৰ পাছতো শাম কটা নাই খেৰনিৰ পৰিস্থিতি। অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙত এইপৰ্যন্ত দুজনকৈ যুৱকৰ মৃত্যুৰ খবৰ। পৰিস্থিতিৰ ভয়াৱহতালৈ চাই পশ্চিম কাৰ্বি আংলঙত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। 

 Filephoto
Filephoto

অশান্ত কাৰ্বি ভূমিত দুজনৰ মৃত্যু, কৰ্তন ইণ্টাৰনেট সেৱা

এতিয়াও অশান্ত হৈ আছে কাৰ্বি ভূমি। সান্ধ্য আইন জাৰি কৰাৰ পাছতো শাম কটা নাই খেৰনিৰ পৰিস্থিতি। অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙত এইপৰ্যন্ত দুজনকৈ যুৱকৰ মৃত্যুৰ খবৰ। পৰিস্থিতিৰ ভয়াৱহতালৈ চাই পশ্চিম কাৰ্বি আংলঙত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। 

Advertisment

Read More- বৰ্তমানেও অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি

কাৰ্বি আংলঙ জ্বলিছে। বিগত দুটা দিনত কাৰ্বি আংলঙত সংঘটিত হৈছে ইটোৰ পাছত সিটো হিংসাত্মক ঘটনা। আৰক্ষীৰ সৈতেও মুকলি সংঘাতত নামি পৰিছে প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে ইটোৰ পাছত সিটো বাসগৃহ, ইখনৰ পিছত সিখন বাহন। শ শ প্ৰতিবাদকাৰীৰ সন্মুখত নীৰৱ দৰ্শক আৰক্ষী।

Read More- বাংলাদেশত হিন্দুক কৰা অত্যাচাৰ সমৰ্থন ৰঙিয়াৰ যুৱকৰ!

বৰ্তমানেও অগ্নিগৰ্ভা হৈ আছে পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্বি আংলঙত জাৰি কৰা হৈছিল BNSৰ ১৬৩ ধাৰা। কিন্তু সান্ধ্য আইন জাৰি কৰাৰ পাছতো শাম কটা নাই খেৰনিৰ পৰিস্থিতি। 

Read More- অধিক ৰাজহ লাভৰ আশা! বৃদ্ধি হ’ব ৰে’ল ভাড়া

সোমবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত কাৰ্বি লোকসকলৰ প্ৰতিবাদে লৈছিল হিংসাত্মক ৰূপ। হাজাৰ হাজাৰ কাৰ্বি লোক ৰাজপথলৈ ওলাই আহিছিল। প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল KACCৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহ। তাৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ লগতে দোকান-পোহাৰ, যান-বাহনতো অগ্নিসংযোগ কৰিছিল প্ৰতিবাদকাৰীয়ে। 

Read More- অটোৰিক্সা চালকক প্ৰচণ্ড চৰ বিজেপি বিধায়কৰ

ইয়াৰ পাছতেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰিছিল গুলীচালনা। আৰক্ষীৰ গুলীচালনাত আহত হৈছিল ৩ প্ৰতিবাদকাৰী। ইয়াৰ মাজতে এতিয়া পশ্চিম কাৰ্বি আংলঙৰ ভয়াৱহ ঘটনাত দুজনকৈ যুৱকৰ মৃত্যুৰ খবৰ আহি পৰিছে। খেৰণিত আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত ছিংথি টিমুং নামৰ যুৱকজনৰ চিকিৎসাধীন অৱস্থাতে খেৰণি আদৰ্শ চিকিৎসালয়ত মৃত্যু হয়। আনহাতে প্ৰতিবাদকাৰীয়ে যি বাসগৃহ জ্বলাই দিছিল এই ঘটনাত অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছে সুৰজ দে’ নামৰ এজন ২০ বছৰীয়া যুৱকো। 

Read More- আচৰিত! কৰ্ণাটকৰ শালমালা নদীৰ পাৰত আছে হাজাৰ হাজাৰ শিৱলিংগ

এই সকলোবোৰৰ পাছতেই পৰিস্থিতিৰ ভয়াৱহতালৈ চাই পশ্চিম কাৰ্বি আংলঙত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। হিংসাত্মক ঘটনাৰ মাজত উৰাবাতৰি প্ৰতিৰোধৰ বাবে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।

Advertisment
Advertisment