Assameseবাংলাদেশত হিন্দুক কৰা অত্যাচাৰ সমৰ্থন ৰঙিয়াৰ যুৱকৰ!বাংলাদেশত হিন্দু হত্যাৰ সমৰ্থনত ভিডিঅ’ পোষ্ট কৰি গ্ৰেপ্তাৰ যুৱক। ৰঙিয়া আৰক্ষীৰ জালত শ্বেইফ আখতাৰ আলী নামৰ যুৱকজন। ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ’। যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু দুটাকৈ হিন্দুত্ববাদী সংগঠনৰ।Mrinmoy Talukdar Dec 23, 2025 13:09 ISTFilephotoবাংলাদেশত হিন্দুক কৰা অত্যাচাৰ সমৰ্থন ৰঙিয়াৰ যুৱকৰ!বাংলাদেশত হিন্দু হত্যাৰ সমৰ্থনত ভিডিঅ’ পোষ্ট কৰি গ্ৰেপ্তাৰ যুৱক। ৰঙিয়া আৰক্ষীৰ জালত শ্বেইফ আখতাৰ আলী নামৰ যুৱকজন। ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ’। যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু দুটাকৈ হিন্দুত্ববাদী সংগঠনৰ।AdvertismentRead More- ৰক্ষা নাই! বিজেপি নেতাৰ ঘৰত চলিল বুলড’জাৰপুনৰ বাংলাদেশত সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতিৰ। অশান্ত বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত হৈছে আক্ৰমণ। শেহতীয়াকৈ বাংলাদেশত হিন্দু যুৱকক হত্যা কৰি যুৱকজনৰ মৃতদেহ গছত ওলোমাই জ্বলাই দিয়া দিয়া ঘটনাই মানৱ সমাজক জোকাৰি গৈছে। ইয়াৰ মাজতেই বাংলাদেশত হিন্দু যুৱকৰ হত্যাৰ ঘটনাৰ সমৰ্থনত ভিডিঅ' পোষ্ট কৰি আৰক্ষীৰ জালত ৰঙিয়াৰ যুৱক।Read More- সাৱধান! ধৰ্মৰ অপমান সহ্য কৰা নহ’ব, আহিব নতুন বিধেয়কইনকিলাব মঞ্চৰ আহ্বায়ক ওচমান হাদিৰ মৃত্যুৰ পাছতেই পুনৰ বাংলাদেশত সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতিৰ। প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিছে জ্বলালে সংবাদ মাধ্যমৰ কাৰ্যালয়, গুলীয়াই হত্যা কৰিছে সাংবাদিককো। বাংলাদেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদকাৰীৰ মুখত শ্বেইখ হাছিনা আৰু ভাৰত বিৰোধী শ্ল'গান। আনহাতে অশান্ত বাংলাদেশত এজন হিন্দু যুৱকক হত্যা কৰি যুৱকজনৰ মৃতদেহ গছত ওলোমাই জ্বলাই দিয়া হৈছিল। সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত। ইয়াৰ ওপৰিও বাংলাদেশৰ প্ৰান্তে প্ৰান্তে হিন্দুক আক্ৰমণৰ বিভিন্ন ঘটনা পোহৰলৈ আহিছে। উল্লেখ্য যে বাংলাদেশৰ হিন্দুৰ ওপৰত হোৱা এই অত্যাচাৰ নতুন নহয়। শ্বেইখ হাছিনাৰ চৰকাৰৰ পতনৰ পাছতেই বাংলাদেশৰ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ বৃদ্ধি পাইছে। Read More- ইলেকট্ৰিক বাহন আছেনে? ১ জানুৱাৰীৰ পৰা নতুন নিয়মএইবাৰ বাংলাদেশত হিন্দু যুৱকৰ হত্যাৰ ঘটনাৰ সমৰ্থনত ভিডিঅ'পোষ্ট কৰি আৰক্ষীৰ জালত পৰিল ৰঙিয়াৰ এজন যুৱক। বাংলাদেশৰ হিন্দু যুৱক দিপু দাসক একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰি জীৱন্তে জ্বলাই দিয়াৰ এক হৃদয় বিদাৰক ভিডিঅ'ৰ সৈতে কিছু মন্তব্য সংযোগ কৰি সামাজিক মাধ্যমত পোষ্ট কৰিছিল ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ মহম্মদ শ্বেইফ আখটাৰ আলীয়ে। BOLLO CHAIWALA নামৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টযোগে বিতৰ্কিত ভিডিঅ পোষ্ট কৰিছিল মহম্মদ শ্বেইফ আখটাৰ আলীয়ে। উক্ত ভিডিঅ'টো পোষ্ট হোৱাৰ পাছতেই ৰঙা ঘৰৰ আলহী হ'ল যুৱক গৰাকী।Read More- অথলে গ'ল বিৰোধীৰ প্ৰতিবাদ, দেশত নাথাকিব MGNREGA আঁচনিভিডিঅ'টোত এটা বিশেষ সম্প্ৰদায়ক প্ৰৰোচিত তথা উত্তেজিত কৰি আন এটা সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিক আঘাট হনা পৰিলক্ষিত হোৱা বুলি অভিযোগ দুই হিন্দুত্ববাদী সংগঠনৰ। ইতিমধ্যে ৰাষ্ট্ৰীয় বজৰং দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ বজৰং দলে ৰঙিয়া থানাত দাখিল কৰিছে এজাহাৰ। ৰঙিয়া আৰক্ষীয়ে ইতিমধ্যে ২৮৪/২৫ নম্বৰত গোচৰ ৰুজু কৰিছে গ্ৰেপ্তাৰ কৰছে যুৱকজনক।AdvertismentAdvertisment Read the Next Article