Assameseপঞ্চায়তৰ সিদ্ধান্ত, মহিলাই ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন!আজৱ সিদ্ধান্ত! মহিলাই এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন। স্মাৰ্টফোনৰ সলনি মহিলাই কেৱল কিপেড মোবাইল ফোনহে ব্যৱহাৰ কৰিব পাৰিব। ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম। ৰাজস্থানৰ জালৌৰ জিলাৰ এখন পঞ্চায়তে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।Mrinmoy Talukdar Dec 23, 2025 14:54 ISTFilephotoপঞ্চায়তৰ সিদ্ধান্ত, মহিলাই ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন!আজৱ সিদ্ধান্ত! মহিলাই এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন। স্মাৰ্টফোনৰ সলনি মহিলাই কেৱল কিপেড মোবাইল ফোনহে ব্যৱহাৰ কৰিব পাৰিব। ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম। ৰাজস্থানৰ জালৌৰ জিলাৰ এখন পঞ্চায়তে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।AdvertismentRead More- কাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতিবৰ্তমান ইণ্টাৰনেটৰ দিন। স্মাৰ্টফোন আৰু ইণ্টাৰনেট অবিহনে জীৱন অচল বুলি কলেও একপ্ৰকাৰ ভূল কৰা নহ'ব। কিন্তু ৰাজস্থানৰ জালৌৰ জিলাৰ গাওঁ পঞ্চায়তৰ এক সিদ্ধান্তই সৃষ্টি কৰিছে মহিলাৰ অধিকাৰক লৈ এক নতুন বিতৰ্কৰ।Read More- বাস্তৱ হ'ল সপোন, কোনে কোনে পালে চৰকাৰী নিযুক্তি?জালৌৰ জিলাৰ গাওঁ পঞ্চায়তে লোৱা সিদ্ধান্ত অনুসৰি নৱবিবাহিত কইনাই হওক বা মহিলাই হওক, সকলোৱে ইন্টাৰনেট থকা মোবাইল ব্যৱহাৰৰ পৰা আঁতৰি থাকিব লাগিব। জালৌৰ জিলাৰ সুন্দমাতা পট্টিৰ চৌধুৰী সম্প্ৰদায়ৰ এখন পঞ্চায়তে ১৫ খন গাঁৱৰ বোৱাৰী আৰু কন্যাই কেমেৰা থকা স্মাৰ্টফোন ব্যৱহাৰ কৰিব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্দেশ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব বুলিও সিদ্ধান্ত লৈছে গাওঁ পঞ্চায়তে। Read More- অটোৰিক্সা চালকক প্ৰচণ্ড চৰ বিজেপি বিধায়কৰএই সিদ্ধান্তই মহিলাসকলক কেৱল ৰাজহুৱা অনুষ্ঠান, বিয়া নাইবা সামাজিক অনুষ্ঠানলৈ মোবাইল ফোন নিয়াত বাধা দিয়াই নহয়, ওচৰ-চুবুৰীয়াৰ ঘৰলৈও স্মাৰ্টফোন নিয়াত নিষেধাজ্ঞা আৰোপ কৰিছে। পঞ্চায়তৰ মতে, মহিলাসকলে স্মাৰ্টফোনৰ সলনি কেৱল কিপেড মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰিব, গতিকে তেওঁলোকে কেৱল কথা পাতিব পাৰিব, ইণ্টাৰনেট বা কেমেৰা ব্যৱহাৰ কৰিব নোৱাৰিব।Read More- https://dy365live.com/assamese/support-for-the-persecution-of-hindus-in-bangladesh-10940194ছাত্ৰীসকলে কেৱল মাত্ৰ ঘৰত পঢ়া-শুনা কৰিবলৈহে মোবাইল ফোনৰ ব্যৱহাৰ কৰিব পাৰিব। কন্যা ছাত্ৰীক সকাহ দি পঞ্চায়তে কৈছে যে যদি পঢ়া-শুনাৰ বাবে ছাত্ৰীসকলক মোবাইল ফোনৰ প্ৰয়োজন হয়, তেন্তে তেওঁলোকে কেৱল ঘৰৰ ভিতৰতে মোবাইল ব্যৱহাৰ কৰিব পাৰিব, কিন্তু ঘৰৰ বাহিৰলৈ মোবাইল ফোন নিব নোৱাৰিব।AdvertismentAdvertisment Read the Next Article