Assameseচৰকাৰী আঁচনিৰ নামত পঞ্চায়তে পঞ্চায়তে দুৰ্নীতিচৰকাৰী আঁচনিৰ নামত পঞ্চায়তে পঞ্চায়তে দুৰ্নীতি । ধন নিদিলে আঁচনিৰ সুবিধা নাপায় হিতাধিকাৰীয়ে। PMAY, অৰুণোদয়কে ধৰি সকলোতে কেৱল দুৰ্নীতি আৰু দুৰ্নীতি। ধন নিদিলে তালিকাৰ পৰা হিতাধিকাৰীৰ নাম কৰ্তনৰো দিয়ে ভাবুকি।Mrinmoy Talukdar Dec 26, 2025 18:58 ISTFilephotoটকা দিয়ক আঁচনি লওক!চৰকাৰী আঁচনিৰ নামত পঞ্চায়তে পঞ্চায়তে দুৰ্নীতিচৰকাৰী আঁচনিৰ নামত পঞ্চায়তে পঞ্চায়তে দুৰ্নীতি । ধন নিদিলে আঁচনিৰ সুবিধা নাপায় হিতাধিকাৰীয়ে। PMAY, অৰুণোদয়কে ধৰি সকলোতে কেৱল দুৰ্নীতি আৰু দুৰ্নীতি। ধন নিদিলে তালিকাৰ পৰা হিতাধিকাৰীৰ নাম কৰ্তনৰো দিয়ে ভাবুকি।AdvertismentRead More- চিটীবাছৰ অতপালি বন্ধ কৰিবলৈ নতুন নিয়ম!চৰকাৰী আঁচনিৰ নামত কি চলিছে ৰাজ্যৰ পঞ্চায়তত? ধন নিদিলে আঁচনিৰ সুবিধা নাপায় হিতাধিকাৰীয়ে। PMAY, অৰুণোদয়কে ধৰি সকলোতে কেৱল চলিছে দুৰ্নীতি। চৰকাৰী ঘৰ পাবলৈ হ'লে হিতাধিকাৰীয়ে দিব লাগে ৫০০ৰ পৰা ১০০০ পৰ্যন্ত টকা । Read More- ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক! ১০০ৰো অধিক ISIS সন্ত্ৰাসবাদীৰ মৃত্য়ুটকা দিলেহে পাব চৰকাৰী ঘৰ পাব ,অন্যথা চৰকাৰী ঘৰৰ সপোন বাদ দিয়ক। এই অভিযোগ উত্থাপিত হৈছে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কামানডাঙ্গা গাওঁ পঞ্চায়তৰ বিৰুদ্ধে । চৰকাৰী ঘৰ পাবলৈ হ'লে হিতাধিকাৰীয়ে দিব লাগে ৫০০ৰ পৰা ১০০০ পৰ্যন্ত টকা । খোদ হিতাধিকাৰীয়ে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে আনিছে এই অভিযোগ। Read More- বৃদ্ধি হ’ল ৰে’ল ভাড়া, টিকট বুকিং কৰি থোৱাসকলৰ কি হ'ব?যি সময়ত চৰকাৰে গাঁৱে -ভূৱে প্ৰতিটো দুখীয়া পৰিয়ালৰ বাবে বিনামূলীয়া ঘৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনে সময়তে কামানডাঙ্গা গাওঁ পঞ্চায়তত চলিছে চৰকাৰী ঘৰ দিয়াৰ নামত অবৈধ ধন সংগ্ৰহৰ অঘোষিত প্ৰতিযোগিতা। চৰকাৰী কোনো আঁচনিত এটকাও দিব নালাগে বুলি মুখ্য মন্ত্ৰীয়ে দিয়া কঠোৰ নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুৱাই চৰকাৰী ঘৰ দিয়াৰ নামত পঞ্চায়ত প্ৰতিনিধি আৰু পঞ্চায়তৰ কৰ্মচাৰীয়ে মিলি জি'অ টেগিঙ'ৰ নামত ফটো উঠাই অবৈধ ভাৱে ধন সংগ্ৰহ কৰিছে।Read More- পোৱা নাই মহিলা উদ্যমিতা আঁচনিভূক্তভোগী হিতাধিকাৰীয়ে দিয়া অভিযোগ অনুসৰি পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মচাৰীয়ে টকা দিলেহে জি'অ টেগিঙ' কৰে । ইয়াৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ নামতো একেই অৱস্থা। টকা নিদিলে হিতাধিকাৰীয়ে নাপায় কোনো আঁচনি। টকা দিলে পকী ঘৰ থকা পৰিয়ালেও চৰকাৰী ঘৰ পায় আনহাতে টকা নিদিলে যোগ্য ব্যক্তিও আঁচনি লাভৰ পৰা বঞ্চিত হয়। যাৰ ফলত ভূক্তভোগী ৰাইজে পঞ্চায়ত সদস্য সহিদুৰ ইছলাম আৰু কৰ্মচাৰীসকলৰ উচিত শাস্তিৰ লগতে উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী কৰিছে ।AdvertismentAdvertisment Read the Next Article