Assameseবৃদ্ধি হ’ল ৰে’ল ভাড়া, টিকট বুকিং কৰি থোৱাসকলৰ কি হ'ব?আজিৰে পৰা ৰে’লত যাত্ৰা কৰা যাত্ৰীসকলে ভৰিব লাগিব পূৰ্বৰ তুলনাত অধিক ধন। বছৰৰ অন্তিম মাহটোত বৃদ্ধি কৰা হ’ল ৰে’লৱে টিকটৰ দাম। AC আৰু NON AC উভয়তে ৰে’ল যাত্ৰীয়ে ভৰিব লাগিব অধিক ভাৰা। ভাৰা বৃদ্ধিৰ জৰিয়তে ৬০০ কোটি টকাৰ ৰাজহ লাভৰ আশা ভাৰতীয় ৰে’লৱেৰ।Mrinmoy Talukdar Dec 26, 2025 16:59 ISTFilephotoবৃদ্ধি হ’ল ৰে’ল ভাড়া, টিকট বুকিং কৰি থোৱাসকলৰ কি হ'ব?আজিৰে পৰা ৰে’লত যাত্ৰা কৰা যাত্ৰীসকলে ভৰিব লাগিব পূৰ্বৰ তুলনাত অধিক ধন। বছৰৰ অন্তিম মাহটোত বৃদ্ধি কৰা হ’ল ৰে’লৱে টিকটৰ দাম। AC আৰু NON AC উভয়তে ৰে’ল যাত্ৰীয়ে ভৰিব লাগিব অধিক ভাৰা। ভাৰা বৃদ্ধিৰ জৰিয়তে ৬০০ কোটি টকাৰ ৰাজহ লাভৰ আশা ভাৰতীয় ৰে’লৱেৰ।AdvertismentRead More- সাৱধান! সুৰাপান কৰি বাহন চলালেই বাতিল হ’ব লাইচেঞ্চৰেল যাত্ৰী সকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা ব্যয়বহুল হ’ল ৰে’ল যাত্ৰা। অতিৰিক্ত ৰাজহ আহৰণৰ লক্ষ্য়ৰে কেইদিন মান পূৰ্বে ভাৰতীয় ৰে’লৱেই লৈছিল এই সিদ্ধান্ত। ইয়াৰ পূৰ্বে বিগত বৰ্ষৰে জুলাই মাহতো ৰে’ল ভাড়া বৃদ্ধি কৰিছিল ভাৰতীয় ৰে’লৱেই।Read More- জনজাতিকৰণৰ নামত চৰকাৰৰ ললীপপ!আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ নতুন ভাড়াৰ কথা ঘোষণা কৰিছিল ভাৰতীয় ৰে’লৱেই। এতিয়াৰে পৰা ৫০০ কিলোমিটাৰ যাত্ৰাৰ বাবে যাত্ৰী সকলে দিব লাগিব অতিৰিক্ত ১০ টকাকৈ। ২১৫ কিলোমিটাৰৰ পিছত প্ৰতি কিঃমিঃত সাধাৰণ শ্ৰেণীৰ ভাড়া ১ পইচাকৈ বৃদ্ধি কৰা হৈছে। একেধৰণেৰে মেইল আৰু এক্সপ্ৰেছৰ প্ৰতি কিঃমিঃত টিকটৰ দাম বৃদ্ধি কৰা হৈছে ২ পইচাকৈ।Read More- চিটীবাছৰ অতপালি বন্ধ কৰিবলৈ নতুন নিয়ম!মন্ত্ৰালয়ৰ পৰা পোৱা তথ্য অনুসৰি সকলো যাত্ৰীবাহী ৰে’লৰ জেনেৰেল, শ্লীপাৰ, AC সকলো শিতানতে ভাড়া বৃদ্ধি প্ৰযোজ্য হৈছে। কিন্তু স্থানীয় আৰু মাহেকীয়া ছিজন টিকট (এম এছ টি)ৰ ক্ষেত্ৰত ভাড়া বৃদ্ধি হোৱা নাই। আনহাতে জেনেৰেলত ২১৫ কিলোমিটাৰৰ তলৰ যাত্ৰাৰ কোনো ভাড়া বৃদ্ধি কৰা হোৱা নাই। Read More- পঞ্চায়তৰ সিদ্ধান্ত, মহিলাই ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন!উচ্চ পৰ্যায়ৰ কাৰ্যকলাপৰ বাবে আৰু সুৰক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবেই ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’লৱেই। আজিৰে পৰা কাৰ্যকৰী হ'ল এই নতুন নিয়ম। কিন্তু ইতিমধ্যেই টিকট বুকিং কৰি থোৱাসকলে এইক্ষেত্ৰত কোনোধৰণৰ অতিৰিক্ত মাচুল দিব নালাগে।AdvertismentAdvertisment Read the Next Article