Assameseজনজাতিকৰণৰ নামত চৰকাৰৰ ললীপপ!বাৰে বাৰে জনজাতিকৰণৰ নামত চৰকাৰৰ ললীপপ কিয়? '২৬ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ কৰিবনে নাই- চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰক। অন্যথা বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ হ'ব আন্দোলন। বিজেপি চৰকাৰক ওফৰাই দিয়াৰ হুংকাৰ আক্ৰাছুৰ। Mrinmoy Talukdar Dec 24, 2025 14:21 ISTFilephotoজনজাতিকৰণৰ নামত চৰকাৰৰ ললীপপ!বিজেপি চৰকাৰ ওফৰাই দিয়াৰ হুংকাৰ আক্ৰাছুৰবাৰে বাৰে জনজাতিকৰণৰ নামত চৰকাৰৰ ললীপপ কিয়? '২৬ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ কৰিবনে নাই- চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰক। অন্যথা বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ হ'ব আন্দোলন। বিজেপি চৰকাৰক ওফৰাই দিয়াৰ হুংকাৰ আক্ৰাছুৰ। AdvertismentRead More- কৈছিল খেদিম, কিন্তু হ'লগৈ বিধায়ক...'২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ হ'ব আন্দোলন। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক হুংকাৰ দি সংবাদমেল আক্ৰাছুৰ। '২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহ’লে বিজেপি চৰকাৰক ওফৰাই দিয়াৰো দিলে হুংকাৰ। Read More- শোকাৱহ! ভয়ংকৰ বিমান দুৰ্ঘটনাত কেইবাজনৰো মৃত্যুকোচ ৰাজবংশীৰ স্পষ্ট প্ৰশ্ন- বাৰে বাৰে জনজাতিকৰণৰ নামত চৰকাৰৰ ললীপপ কিয়? কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণাৰ পৰিণাম ভুগিব লাগিব বিজেপি চৰকাৰে। চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰক, '২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ কৰিবনে নাই? অন্যথা জনজাতিকৰণ নহ’লে ওফৰাই দিয়া হ'ব বিজেপি চৰকাৰক। Read More- চিটীবাছৰ অতপালি বন্ধ কৰিবলৈ নতুন নিয়ম!বিজেপি চৰকাৰৰ বিৰুদ্ধে সংবাদমেলযোগে আক্ৰাছুয়ে পুনৰ ঘোষণা কৰিলে ব্যাপক আন্দোলনৰ কাৰ্যসূচী। জনজাতিকৰণৰ দাবীৰে ৩০ ডিচেম্বৰত শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব আক্ৰাছুৱে। ৬ জানুৱাৰীত ছাগলীয়াত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে সাব্যস্ত কৰিব প্ৰতিবাদ। লগতে ১০ আৰু ১১ জানুৱাৰীত ৰে’লপথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণেৰে প্ৰতিবাদ কৰিব আক্ৰাছুয়ে। Read More- অশান্ত কাৰ্বি ভূমিত দুজনৰ মৃত্যু, কৰ্তন ইণ্টাৰনেট সেৱাউল্লেখ্য যে মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে- নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয়। নিৰ্বাচনৰ আগত কোনো জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰা নাই। আন্দোলন কৰা সংগঠনসমূহেও এইটো বিচৰা নাই। তেওঁলোকে সিদ্ধান্ত বিচাৰিছিল, সিদ্ধান্ত হ'ল।Read More- পঞ্চায়তৰ সিদ্ধান্ত, মহিলাই ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন!মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা। সংবাদমেলযোগে আক্ৰাছু নেতা প্ৰদীপ ৰায়ে বিছাৰিলে মুখ্যমন্ত্ৰীৰ পৰা স্পষ্ট স্থিতি যে- '২৬ৰ নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীক বিজেপি চৰকাৰে জনজাতিকৰণ কৰিবনে নাই? অন্যথা বিজেপি চৰকাৰক ওফৰাই দিয়াৰো হুংকাৰ দিলে নেতাগৰাকীয়ে। AdvertismentAdvertisment Read the Next Article