Advertisment

শোকাৱহ! ভয়ংকৰ বিমান দুৰ্ঘটনাত কেইবাজনৰো মৃত্যু

মাজ আকাশতেই চলন্ত বিমানত অঘটন। পুনৰ বিশ্ব জোকাৰি যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা। ভয়ংকৰ বিমান দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যুৰ খবৰ। বিমানবন্দৰৰ পৰা বিমানখনে উৰা মৰাৰ কিছু সময়ৰ পাছতেই আহিল এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ। 

 Filephoto
Filephoto

শোকাৱহ! ভয়ংকৰ বিমান দুৰ্ঘটনাত কেইবাজনৰো মৃত্যু

মাজ আকাশতেই চলন্ত বিমানত অঘটন। পুনৰ বিশ্ব জোকাৰি যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা। ভয়ংকৰ বিমান দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যুৰ খবৰ। বিমানবন্দৰৰ পৰা বিমানখনে উৰা মৰাৰ কিছু সময়ৰ পাছতেই আহিল এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ। 

Advertisment

Read More- অশান্ত কাৰ্বি ভূমিত দুজনৰ মৃত্যু, কৰ্তন ইণ্টাৰনেট সেৱা

তুৰস্কত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। ভয়ংকৰ বিমান দুৰ্ঘটনাত ৮ জনকৈ লোক মৃত্যুমুখত পৰিছে। দুৰ্ঘটনাত মৃত্যু হয় লিবিয়াৰ সামৰিক মুৰব্বী জেনেৰেল মহম্মদ আলী আহমদ আল হাদ্দাদৰ। দুৰ্ঘটনাত মৃত্যু হোৱা আন চাৰিজন বিষয়া হৈছে লিবিয়াৰ স্থল বাহিনীৰ মুৰব্বী জেনেৰেল আল-ফিটৌৰী গাৰাবিল, সামৰিক উৎপাদন কৰ্তৃপক্ষৰ মুৰব্বী ব্ৰিগেডিয়াৰ জেনেৰেল মাহমুদ আল কাটাৱী, মুখ্য উপদেষ্টা মহম্মদ আল আছাৱী ডায়াব আৰু মুখ্য কাৰ্যালয়ত কৰ্মৰত সামৰিক ফটোগ্ৰাফাৰ মহম্মদ ওমৰ আহমেদ মাহজুব। কিন্তু এই পৰ্যন্ত জানিব পৰা হোৱা নাই ক্ৰু মেম্বাৰ তিনিজনৰ পৰিচয়।

Read More- পঞ্চায়তৰ সিদ্ধান্ত, মহিলাই ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন!

লিবিয়াৰ প্ৰধানমন্ত্ৰী আব্দুল-হামিদ দ্বেইবেহে জাৰি কৰা এক বিবৃতিত এই ঘটনাক আকস্মিক আৰু অত্যন্ত দুখজনক বুলি অভিহিত কৰাৰ লগতে কয় যে এয়া লিবিয়াৰ বাবে এক বৃহৎ ক্ষতি। লগতে  প্ৰধানমন্ত্ৰী গৰাকীয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লিবিয়াৰ সামৰিক মুৰব্বী, আন চাৰিজন বিষয়া আৰু তিনিজন ক্ৰু মেম্বাৰ কঢ়িয়াই অনা এখন ব্যক্তিগত বিমান ৰাজধানী আংকাৰাৰ পৰা উৰণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল।  

Read More- অধিক ৰাজহ লাভৰ আশা! বৃদ্ধি হ’ব ৰে’ল ভাড়া

লিবিয়াৰ বিষয়াসকলৰ মতে, বিমানখনৰ উৰণৰ প্ৰায় ৩০ মিনিটৰ পিছতে বিমানখনৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈছিল। প্ৰাথমিক তথ্যত কাৰিকৰী বিজুতিৰ বাবে যোগাযোগ বিচ্ছিন্ন হোৱা বুলি ধাৰণা কৰা হৈছে। 

Read More- সাৱধান! ধৰ্মৰ অপমান সহ্য কৰা নহ’ব, আহিব নতুন বিধেয়ক

Advertisment
Advertisment