Advertisment

ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক! ১০০ৰো অধিক ISIS সন্ত্ৰাসবাদীৰ মৃত্য়ু

নাইজেৰিয়াৰ ISISৰ ঘাটিত ভয়ংকৰ আক্ৰমণ। আমেৰিকাৰ ভয়ংকৰ আক্ৰমণত ধ্বংস হ'ল ISISৰ কেইবাটাও ঘাটি। খ্ৰীষ্টান গণহত্যাৰ পোতক তুলিবলৈ আমেৰিকাই কৰা এই আক্ৰমণত ১০০ৰো অধিক ISIS সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য। 

 Filephoto
Filephoto

ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক! ১০০ৰো অধিক ISIS সন্ত্ৰাসবাদীৰ মৃত্য়ু 

নাইজেৰিয়াৰ ISISৰ ঘাটিত ভয়ংকৰ আক্ৰমণ। আমেৰিকাৰ ভয়ংকৰ আক্ৰমণত ধ্বংস হ'ল ISISৰ কেইবাটাও ঘাটি। খ্ৰীষ্টান গণহত্যাৰ পোতক তুলিবলৈ আমেৰিকাই কৰা এই আক্ৰমণত ১০০ৰো অধিক ISIS সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য। 

Advertisment

Read More- বৃদ্ধি হ’ল ৰে’ল ভাড়া, টিকট বুকিং কৰি থোৱাসকলৰ কি হ'ব?

উত্তৰ-পশ্চিম নাইজেৰিয়াত থকা সন্ত্ৰাসবাদীৰ ঘাটিত আমেৰিকাৰ বোমাবৰ্ষণ। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নাইজেৰিয়াক বাৰে বাৰে সকীয়নি দিয়াৰ পাছতেই ISISৰ বিৰুদ্ধে আমেৰিকাৰ শক্তিশালী বিধ্বংসী আক্ৰমণ।  আমেৰিকাৰ ভয়ংকৰ আক্ৰমণত ধ্বংস হ'ল  ISISৰ কেইবাটাও ঘাটি। 

Read More- সাৱধান! সুৰাপান কৰি বাহন চলালেই বাতিল হ’ব লাইচেঞ্চ

আমেৰিকাৰ এই  বিধ্বংসী আক্ৰমণত  ১০০ৰো অধিক ISIS সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য। খ্ৰীষ্টান গণহত্যাৰ পোতক তুলিবলৈ এই আক্ৰমণ চলায় আমেৰিকাই। নাইজেৰিয়াত নিৰীহ খ্ৰীষ্টানসকলক বাৰে বাৰে লক্ষ্য কৰি লৈছিল সন্ত্ৰাসবাদীয়ে। যাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বাৰে বাৰে সকীয়নি দি আহিছিল নাইজেৰিয়াক। ডনাল্ড ট্ৰাম্পৰ সকীয়নিৰ পাছতেই ISISৰ বিৰুদ্ধে আমেৰিকাৰ শক্তিশালী তথা  বিধ্বংসী আক্ৰমণ। বিধ্বংসী আক্ৰমণৰ পিছতেই ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰতিক্ৰিয়া- 'এয়া সন্ত্ৰাসবাদীৰ ওপৰত আমেৰিকাৰ শক্তিশালী আৰু ঘাতক আক্ৰমণ'।

Read More- জনজাতিকৰণৰ নামত চৰকাৰৰ ললীপপ!

ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই অভিযানৰ কথা ঘোষণা কৰি সন্ত্ৰাসবাদীক কঠোৰ সতৰ্কবাণী প্ৰদান কৰিছে। ট্ৰাম্পে লিখিছে, "মোৰ নিৰ্দেশত আমেৰিকাই উত্তৰ-পশ্চিম নাইজেৰিয়াত ISIS সন্ত্ৰাসবাদীৰ ওপৰত এক শক্তিশালী আৰু মাৰাত্মক আক্ৰমণ চলায়। এই সন্ত্ৰাসবাদীসকলে নিৰীহ খ্ৰীষ্টানসকলক লক্ষ্য কৰি লৈছিল। মই আগতীয়াকৈ সকীয়াই দিছিলো যে যদি খ্ৰীষ্টানসকলক হত্যা কৰা বন্ধ নহয় তেন্তে ইয়াৰ পৰিণতি ভয়াৱহ হ'ব, আৰু আজি ৰাতি সেই পৰিণতি দৃষ্টিগোচৰ হৈছে।"

Read More- চিটীবাছৰ অতপালি বন্ধ কৰিবলৈ নতুন নিয়ম!

উল্লেখ্য যে ৰাষ্ট্ৰপতি ট্ৰাম্পে ইয়াৰ পূৰ্বে নাইজেৰিয়াক কঠোৰ সতৰ্কবাণী প্ৰদান কৰিছিল। ট্ৰাম্পে কৈছিল যদি নাইজেৰিয়াত খ্ৰীষ্টানসকলৰ ওপৰত হত্যা আৰু আক্ৰমণ বন্ধ নহয় তেন্তে আমেৰিকাই নাইজেৰিয়া চৰকাৰক দিয়া সকলো অৰ্থনৈতিক আৰু সামৰিক সাহায্য তৎক্ষণাত বন্ধ কৰি দিব।

Advertisment
Advertisment