Assameseপোৱা নাই মহিলা উদ্যমিতা আঁচনিমহিলা উদ্যমিতা আঁচনিক লৈ বিতৰ্কৰ সূত্ৰপাত! মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাৰ উত্তাল প্ৰতিবাদ। চৰকাৰে প্ৰদান কৰা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত ৫ শতাধিক মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ। নিজৰ প্ৰাপ্য ধন নিশ্চিত কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিল শ শ বঞ্চিত মহিলা।Jyotiprasad Sarma Dec 26, 2025 17:39 ISTপোৱা নাই মহিলা উদ্যমিতা আঁচনি Photograph: (DY365)পোৱা নাই মহিলা উদ্যমিতা আঁচনি৫ শতাধিক মহিলাৰ প্ৰতিবাদমহিলা উদ্যমিতা আঁচনিক লৈ বিতৰ্কৰ সূত্ৰপাত! মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদ। চৰকাৰে প্ৰদান কৰা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত ৫ শতাধিক মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ। নিজৰ প্ৰাপ্য ধন নিশ্চিত কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিল শ শ বঞ্চিত মহিলা।Advertismentদক্ষিণ কামৰূপৰ বকোৰ ছমৰীয়াত শ শ মহিলাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। ছমৰীয়াত মহিলা উদ্যমিতা আঁচনিক লৈ বৈষম্যৰ অভিযোগ। মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাসকলে বকোৰ ছমৰীয়া ৰাম সৰাস্বতী খেলপথাৰত সাব্যস্ত কৰিলে প্ৰতিবাদ। মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত ছমৰীয়া উন্নয়ন খণ্ডৰ ৫ শতাধিক মহিলাই ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। Also Read: দুৰ্বৃত্তই বিষ দি মাৰিলে ৭৫টাকৈ পশুধনবঞ্চিত মহিলা সকলে জাঙুৰ খাই উঠিছে চৰকাৰে প্ৰদান কৰা উদ্যমিতা আঁচনিৰ বিৰুদ্ধে। প্ৰতিবাদী মহিলাসকলৰ প্ৰশ্ন- কিয় ছমৰীয়া অঞ্চলৰ প্ৰায় ৫ শতাধিক মহিলা বাদ পৰিল এই উদ্যমিতা আঁচনিৰ পৰা?Also Read: বৃদ্ধি হ’ল ৰে’ল ভাড়া, টিকট বুকিং কৰি থোৱাসকলৰ কি হ'ব?প্ৰতিবাদৰ ভাষাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে বঞ্চিত মহিলাসকলে। ছমৰীয়াৰ এইসকল মহিলাই উদ্যমিতা আঁচনিৰ ধন সুনিশ্চিত কৰাৰ বাবেই সাব্যস্ত কৰিলে প্ৰতিবাদ। তেওঁলোকৰ দাবী অতি সোনকালে উদ্যমিতা আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰক। নহ'লে চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব বুলি হুংকাৰ প্ৰতিবাদকাৰী মহিলাসকলৰ।Also Read: সাৱধান! সুৰাপান কৰি বাহন চলালেই বাতিল হ’ব লাইচেঞ্চউল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ ভাগ লৈছে ইখনৰ পিছত সিখনকৈ জনসভাত। জনসভাত হিতাধিকাৰীৰ মাজত বিলাইছে চৰকাৰী আচঁনিৰ ধন। বিলাইছে মহিলা উদ্যমিতা আঁচনিৰ চেক। পিছে দক্ষিণ কামৰূপৰ ছমৰীয়াৰ ৫ শতাধিক মহিলাই মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হৈ সাব্যস্ত কৰা দেখা গ'ল প্ৰতিবাদ। AdvertismentAdvertisment Read the Next Article