Assameseবিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ প্ৰতিবাদবিজেপি চৰকাৰক হুংকাৰ দি পুনৰ ৰাজ্যত বিশাল প্ৰতিবাদ। জনজাতিকৰণৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া। ’২৬ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ’।Mrinmoy Talukdar Nov 22, 2025 20:41 ISTFilephotoবিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ প্ৰতিবাদবিজেপি চৰকাৰক হুংকাৰ দি পুনৰ ৰাজ্যত বিশাল প্ৰতিবাদ। জনজাতিকৰণৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া। ’২৬ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ’।Advertismentবিজেপি চৰকাৰৰ বিৰুদ্ধে উজনিৰ পৰা নামনিলৈ আৰম্ভ হৈছে ধাৰাবাহিক আন্দোলন। হাজাৰ হাজাৰ খিলঞ্জীয়া ওলাই আহিছে ৰাজপথলৈ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে খিলঞ্জীয়াই হাতত লৈছে জোঁৰ সমদল কাৰ্যসূচী। হাতে হাতে খিলঞ্জীয়াই জোঁৰ লৈ হুংকাৰ দিছে জংগী আন্দোলনৰ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত উত্তাল ৰাজ্য। এফালে জনজাতিকৰণৰ দাবী, আনফালে জনজাতিকৰণৰ বিৰোধিতা। বিজেপি চৰকাৰক হুংকাৰ দি উত্তৰ অসমৰ ৰাজপথত বিশাল প্ৰতিবাদ। হাতে হাতে জোঁৰ লৈ ৰাজপথলৈ ওলাই আহিছে শ শ পুৰুষ-মহিলা। জনজাতিকৰণৰ দাবীত লখিমপুৰত আহোম সম্প্ৰদায়ৰ জোঁৰ সমদল। টাই-আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে উলিয়ালে জোঁৰ সমদল। ২৫ নৱেম্বৰত জনজাতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দাবীৰে লখিমপুৰ চহৰৰ সোঁ মাজেৰে জোঁৰ সমদল। স্থানীয় ত্যাগ ক্ষেত্ৰত সমবেত হৈ সুকীয়া আহোম ৰাজ্যৰ দাবী তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ।খিলঞ্জীয়াৰ এটাই দাবী জনজাতিকৰণ দিয়ক, অন্যথা প্ৰত্যুত্তৰ পাব ২৬ৰ নিৰ্বাচনত। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নিদিলে চৰকাৰৰ বিৰুদ্ধে স্থিতি লোৱাৰ হুংকাৰ খিলঞ্জীয়াৰ।আনফালে জনজাতিকৰণৰ বিৰোধিতাৰে জোনাইত প্ৰবল প্ৰতিবাদী কাৰ্যসূচী। গাঁৱে গাঁৱে প্ৰতিবাদী জোঁৰ সমদল কাৰ্যসূচীৰে সৰৱ জনজাতি সংগঠন। TMPK, MMK, TMMKৰ নেতৃত্বত জোঁৰ সমদল। ‘কোনোপধ্যে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰিব চৰকাৰে’।‘চৰকাৰে দাখিল কৰিবলগীয়া প্ৰতিবেদন হ’ব নোৱাৰিব ছয় জনগোষ্ঠীৰ সপক্ষে’। দাবী নামানিলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।AdvertismentAdvertisment Read the Next Article