Advertisment

মিঞাসকলক কষ্ট দি থাকিব লাগিব- মুখ্যমন্ত্ৰী

মিঞাৰ আগ্ৰাসনক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিঞাৰ বিৰুদ্ধে অসমত চলি যাব ধাৰাবাহিক অভিযান। এদিনতে চমৎকাৰ নহয়, কিন্তু লাহে লাহে মিঞাই অসম এৰিব লাগিব ।

 Filephoto
Filephoto

মিঞাসকলক কষ্ট দি থাকিব লাগিব- মুখ্যমন্ত্ৰী

মিঞাৰ আগ্ৰাসনক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিঞাৰ বিৰুদ্ধে অসমত চলি যাব ধাৰাবাহিক অভিযান। এদিনতে চমৎকাৰ নহয়, কিন্তু লাহে লাহে মিঞাই অসম এৰিব লাগিব ।

Advertisment

সন্দেহযুক্ত মিঞাৰ আগ্ৰাসনক বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য- "নতুনকৈ আৰু কোনো মিঞাই অসমৰ মাটিত বহিব নোৱাৰিব। মিঞাৰ বিৰুদ্ধে অসমত চলি যাব ধাৰাবাহিক অভিযান"। 

মিঞাৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ, কঠোৰ মুখ্যমন্ত্ৰী। সন্দেহযুক্ত মিঞা সকলক ৰেহাই দিয়া নহব। মিঞাৰ বিৰুদ্ধে হুংকাৰ দি পুনৰ মুখ্যমন্ত্ৰীয়ে ক'লে- "মিঞা সকলক আমি কষ্ট দি থাকিব লাগিব। ইতিমধ্যে এনেকুৱা এটা পৰ্যায় আহি পৰিছে যে নামনি অসমত আমি আৰু মিঞা সকলক প্ৰতিহত কৰিব নোৱাৰো। আমি আতৰি দিয়াৰ লগে লগেই মিঞা সকলে আহি নিগাজিকৈ বহি ললে। কিন্তু এতিয়া আমাৰ চৰকাৰে মিঞাসকলক কষ্ট দিয়া আৰম্ভ কৰিছো"। 

শনিবাৰে সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কৈছিল- "নামনি অসমত মিঞাক আৰু প্ৰতিহত কৰিব নোৱাৰি। আমি আতৰি দিয়াৰ লগে লগে মানুহবিলাকে বহি দিলে। নামনি অসমত নিগাজীকৈ বহি লৈছে একাংশ সন্দেহযুক্ত লোকে। নতুনকৈ আৰু মিঞা আহি যাতে নামনি অসমত বহিব নোৱাৰে তাৰ প্ৰতি আমি কঠোৰ হ'ব লাগিব। ইমানদিনে এই লোকসকলক আমি কষ্ট নিদিয়া বাবে নিগাজিকৈ আহি বহি ল'লে। কিন্তু এতিয়াৰে পৰা এই লোকসকলে যাতে নিগাজিকৈ আহি বহিব নোৱাৰে তাৰ বাবে আমি কষ্ট দি থাকিব লাগিব। আমি এই লোকসকলক ইতিমধ্যে এতিয়া কষ্ট দিয়া আৰম্ভ কৰিছো, কষ্ট দিলেহে এই মানুহবোৰ আতৰি যাব। এদিনতে চমৎকাৰ নহয়, কিন্তু ১০-১৫ বছৰ এই লোক সকলক কষ্ট দি থাকিলে এই মানুহবোৰ নিজে নিজে আতৰি যাব"।

Advertisment
Advertisment