Assameseআজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩ সংখ্যক মৃত্যু দিৱসগোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২৩ সংখ্যক মৃত্যু দিৱস। গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবাৰ্ষিকী উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।Jyotiprasad Sarma Dec 27, 2025 14:03 ISTআজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩ সংখ্যক মৃত্যু দিৱস Photograph: (DY365)আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩ সংখ্যক মৃত্যু দিৱসৰত্নেশ্বৰ মৰাণলৈ 'প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা'গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২৩ সংখ্যক মৃত্যু দিৱস। গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবাৰ্ষিকী উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।AdvertismentAlso Read: কাজিৰঙাৰ জলাশয়ত মত্স্য চিকাৰত নিষেধাজ্ঞালোক সংগীতৰ অন্যতম সাধক প্ৰতিমা বৰুৱা পাণ্ডেয়ে ২০০২ চনৰ ২৭ ডিচেম্বৰৰ দিনটোতে স্বৰ্গগামী হৈছিল। তেওঁৰ মৃত্যু দিৱস উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।Also Read: চৰকাৰী আঁচনিৰ নামত পঞ্চায়তে পঞ্চায়তে দুৰ্নীতিআজিৰ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে প্ৰদান কৰি অহিছে 'প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা'। এই বৰ্ষত এই বিশেষ সন্মানৰ বাবে আছুৱে নিৰ্বাচিত কৰিছিল তিনিচুকীয়াৰ কাকপথাৰৰ লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণক। গুৱাহাটীৰ চানমাৰিস্থিত ছহিদ উদ্যানত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰত্নেশ্বৰ মৰাণক প্ৰদান কৰা হয় 'প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা'। অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উপস্থিত থাকে আছুৰ সভাপতি উত্পল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকনসহ কেন্দ্ৰীয় নেতৃত্ব। Also Read: ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক! ১০০ৰো অধিক ISIS সন্ত্ৰাসবাদীৰ মৃত্য়ুৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গৌৰীপুৰতো গোৱালপৰীয়া লোক সংগীতৰ অন্যতম সাধক প্ৰতিমা বৰুৱা পাণ্ডেক স্মৰণ। মাটিয়াবাগ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা প্ৰতিমূৰ্তিত প্ৰমথেশ বৰুৱা মহাবিদ্যালয় আৰু ৰাজপৰিয়ালৰ উদ্যোগত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।AdvertismentAdvertisment Read the Next Article