Assameseকাজিৰঙাৰ জলাশয়ত মত্স্য চিকাৰত নিষেধাজ্ঞাকাজিৰঙাৰ জলাশয়ত মত্স্য চিকাৰত নিষেধাজ্ঞা। পৰম্পৰাৰ নামত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়ত মত্স্য চিকাৰত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। শেহতীয়াকৈ এক নিৰ্দেশনাযোগে চৰকাৰক নিষেধাজ্ঞা আৰোপ কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। Jyotiprasad Sarma Dec 27, 2025 12:45 ISTকাজিৰঙাৰ জলাশয়ত মত্স্য চিকাৰত নিষেধাজ্ঞা Photograph: (DY365)কাজিৰঙাৰ জলাশয়ত মত্স্য চিকাৰত নিষেধাজ্ঞাকাজিৰঙাৰ জলাশয়ত মত্স্য চিকাৰত নিষেধাজ্ঞা। পৰম্পৰাৰ নামত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়ত মত্স্য চিকাৰত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। শেহতীয়াকৈ এক নিৰ্দেশনাযোগে চৰকাৰক নিষেধাজ্ঞা আৰোপ কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। Advertismentমুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ জলাশয়সমূহত বৃহৎ পৰিসৰত চলি থকা মাছ ধৰা কাৰ্য ৰোধ কৰিবলৈ জৰুৰী ন্যায়িক হস্তক্ষেপ বিচাৰি RTI কৰ্মী ৰোহিত চৌধুৰীয়ে দাখিল কৰা এখন জনস্বার্থ জড়িত আবেদনৰ (PIL) শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা জাৰি কৰে ন্যায়ালয়ে। Also Read: চৰকাৰী আঁচনিৰ নামত পঞ্চায়তে পঞ্চায়তে দুৰ্নীতিমাঘ বিহুৰ সময়ত প্ৰতিবছৰে বহুসংখ্যক লোকে নিজৰ পৰম্পৰাগত ৰীতি-নীতি পালন কৰিবলৈ উদ্যানখনত প্ৰৱেশ কৰে, যাৰ ভিতৰত কাজিৰঙাৰ জলাশয়সমূহত মাছ ধৰা কাৰ্যও অন্তৰ্ভুক্ত। আবেদনকাৰীৰ অধিবক্তাই লগতে উল্লেখ কৰে যে, এই কাৰ্যই বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰাৰ লগতে কাজিৰঙাৰ পৰিৱেশতন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাই। উল্লেখ কৰে যে, এনে কাৰ্যকলাপে কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ্যৰ লগতে বিলুপ্তপ্ৰায় এশিঙিয়া গঁড়, নানান পৰিভ্ৰমী পক্ষী আৰু প্ৰায় ৪২ প্ৰজাতিৰ মাছৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।Also Read: পোৱা নাই মহিলা উদ্যমিতা আঁচনিআনহাতে, বন বিভাগৰ চৰকাৰী অধিবক্তাই কয় যে, কাজিৰঙাৰ জলাশয়ত এনে অবৈধ মৎস্য চিকাৰ নিয়ন্ত্ৰণ কৰিবলৈ নিয়মীয়াকৈ নিষেধাজ্ঞা জাৰি কৰা হয়। কিন্তু ধৰ্মীয় আৱেগৰ বাবে নিৰ্দিষ্ট স্থানত বৃহৎ সংখ্যক লোক একত্ৰিত হোৱাৰ বাবে এনে নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয়। Also Read: দুৰ্বৃত্তই বিষ দি মাৰিলে ৭৫টাকৈ পশুধনআনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰতাৰ সুৰক্ষা স্বাৰ্থত সকলোকেসহযোগিতাৰ আহ্বান প্ৰকৃতি প্ৰেমীৰ৷AdvertismentAdvertisment Read the Next Article