Advertisment

কাইলৈৰ পৰা ফেলকন ফেষ্টিভেল

ডিমাহাছাও সাজু হৈছে ১১ সংখ্যক ফেলকন ফেষ্টিভেল অনুষ্ঠিত কৰিবলৈ৷ ১১ সংখ্যক ফেলকন ফেষ্টিভেলৰ বাবে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈ উঠিছে। কাইলৈৰ পৰা ১৪ ডিচেম্বৰলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ফেলকন ফেষ্টিভেল। 

 কাইলৈৰ পৰা ফেলকন ফেষ্টিভেল Photograph: (DY365)
কাইলৈৰ পৰা ফেলকন ফেষ্টিভেল Photograph: (DY365)

কাইলৈৰ পৰা ফেলকন ফেষ্টিভেল


বলীউডৰ কণ্ঠশিল্পীয়ে ৰচিব সুৰৰ মায়াজাল

এতিয়া শীতৰ বতৰ। শীত আৰম্ভ হোৱাৰ লগে লগে উত্তৰ-পূবৰ প্ৰায় প্ৰতিখন ৰাজ্যত অনুষ্ঠিত হয় বিভিন্ন ফেষ্টিভেল। শীতৰ সময়ছোৱাত সলনি হয় প্ৰকৃতিৰো ৰূপ। ঘন কুঁৱলীৰ আচ্ছাদনে আৱৰি থাকে সকলো। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ সমান্তৰালকৈ দেশী-বিদেশী বিভিন্ন পৰীভ্ৰমী চৰাইৰ আগমনে বিভিন্ন ঠাইত সৃষ্টি কৰে বিনন্দীয়া পৰিৱেশৰ৷ 

Advertisment

আলহী পক্ষীৰ আগমন ঘটে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ। এই আলহী পক্ষীকলৈয়ে অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংছ’ত অনুষ্ঠিত হয় ফেলকন মহোত্সৱ। কাইলৈৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ফেলকন মহোত্সৱ।

সেয়ে এতিয়া ডিমা হাছাওতো মানুহৰ মাজত বিৰাজ কৰিছে উৎকণ্ঠাই, কিয়নো ডিমাহাছাও সাজু হৈছে ১১ সংখ্যক ফেলকন ফেষ্টিভেল অনুষ্ঠিত কৰিবলৈ৷ ১১ সংখ্যক ফেলকন ফেষ্টিভেলৰ বাবে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈ উঠিছে। কাইলৈৰ পৰা ১৪ ডিচেম্বৰলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ফেলকন ফেষ্টিভেল। 

পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংছ’ত অনুষ্ঠিত হ'বলগীয়া ফেলকন ফেষ্টিভেলত অনুষ্ঠান পৰিৱেশন কৰিব বলীউডৰ কেইবাগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী, বেণ্ডে। সুৰৰ মায়াজালেৰে মায়াময় কৰি তুলিব উমৰাংছ’ৰ পৰিৱেশ।  ১২ ডিচেম্বৰত বলীউডৰ কণ্ঠশিল্পী বিশাল মিশ্ৰাই পৰিৱেশন কৰিব সংগীত। বলীউডৰ কণ্ঠশিল্পী শিল্পা ৰাওৱে ১৩ ডিচেম্বৰত অনুষ্ঠান পৰিৱেশন কৰিব ফেলকন ফেষ্টিভেলত। অন্তিমদিনা বলীউডৰ কণ্ঠশিল্পী নিকিতা গান্ধীয়ে পৰিৱেশন কৰিব অনুষ্ঠান। 

ফেলকন মহোৎসৱ (Falcon Festival) হৈছে অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছু'ত অনুষ্ঠিত হোৱা এক বাৰ্ষিক উৎসৱ, যিটো শীতৰ সময়ছোৱাত অৰ্থাৎ অক্টোবৰ-নৱেম্বৰ মাহত আয়োজন কৰা হয়। বছৰৰ এই সময়ছোৱাত এই অঞ্চললৈ অহা আমুৰ ফেলকন নামৰ পৰিভ্ৰমী চৰাইবিধৰ সংৰক্ষণৰ প্ৰতি সজাগতা অনাৰ লক্ষ্যৰে এই উৎসৱ অনুষ্ঠিত কৰা হয়।

এই উৎসৱত স্থানীয় সংস্কৃতি, পৰ্যটনৰ প্ৰচাৰ কৰা হয় আৰু ইয়াত সংগীতানুষ্ঠানসহ বিভিন্ন কাৰ্যসূচীও থাকে। যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আন ৰাজ্য তথা দেশ-বিদেশৰ পৰা লোকে ভিৰ কৰেহি এই অনুষ্ঠানত।

Advertisment
Advertisment