Advertisment

দেশৰ দৰিদ্ৰ কয়দীক সকাহ উচ্চতম ন্যায়ালয়ৰ

দেশৰ হাজাৰ হাজাৰ দৰিদ্ৰ কয়দীৰ বাবে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। যিসকল কয়দী সৰু সৰু অভিযোগত কাৰাগাৰত বন্দী হৈ আছে আৰু জামিন লাভ কৰাৰ পাছতো জামিনৰ ধন পৰিশোধ কৰিব নোৱাৰে। সেইসকল কয়দীক জামিনৰ ধন প্ৰদান কৰিব চৰকাৰে। 

 FILEPHOTO
FILEPHOTO

দেশৰ দৰিদ্ৰ কয়দীক সকাহ উচ্চতম ন্যায়ালয়ৰ

দেশৰ হাজাৰ হাজাৰ দৰিদ্ৰ কয়দীৰ বাবে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্তই সকাহ দিব দেশৰ দৰিদ্ৰ কয়দীসকলক। যিসকল কয়দী সৰু সৰু অভিযোগত কাৰাগাৰত বন্দী হৈ আছে আৰু জামিন লাভ কৰাৰ পাছতো জামিনৰ ধন পৰিশোধ কৰিব নোৱাৰে। যাৰ বাবে মুকলি আকাশৰ তললৈ আহিব নোৱাৰে দৰিদ্ৰ কয়দীসকল। সেইসকল কয়দীক জামিনৰ ধন প্ৰদান কৰিব চৰকাৰে। 

Advertisment

উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছে যে যদি কোনো দৰিদ্ৰ অভিযুক্তই আৰ্থিক দীনতাৰ বাবে জামিন ল'ব নোৱাৰে তেন্তে সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ জৰিয়তে চৰকাৰে সাহাৰ্য প্ৰদান কৰিব। কেৱল ধনৰ অভাৱৰ বাবেই কোনো ব্যক্তিক জামিন লাভ কৰাৰ পিছতো জে'লত ৰাখিব নোৱাৰিব বুলি আদালতে ঘোষণা কৰে।

সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম এম সুনিৰেশ আৰু এছ চি শৰ্মাৰ বিচাৰপীঠে এই সন্দৰ্ভত দিয়ে ৰায়। বিচাৰপীঠে কয় যে, 'নতুন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP)ৰ অধীনত যদি কোনো দৰিদ্ৰ অভিযুক্তৰ বাবে জামিনৰ ধন পৰিশোধ কৰাটো অসম্ভৱ হয়, তেন্তে তেওঁলোকৰ হৈ DLSA সেই ধন পৰিশোধ কৰিব পাৰিব। ডিএলএছএ সৰ্বোচ্চ ১ লাখ টকা জামিনৰ ধন দিব পাৰিব। যদি বিচাৰ আদালতে ইয়াতকৈ অধিক জামিনৰ ধন নিৰ্ধাৰণ কৰিছে তেন্তে ডি এল এছ এয়ে আদালতত আবেদন দাখিল কৰিব যাতে ইয়াক হ্ৰাস কৰিব পাৰে।

উচ্চতম ন্যায়ালয়ে লগতে স্পষ্ট কৰি দিয়ে যে যদি কোনো অভিযুক্তক জামিন লাভ কৰাৰ পিছতো সাত দিনৰ ভিতৰত মুকলি কৰি দিয়া নহয় তেন্তে কাৰাগাৰ প্ৰশাসনে তৎক্ষণাত সংশ্লিষ্ট DLSAৰ সম্পাদকক অৱগত কৰিব লাগিব। ইয়াৰ পিছত ডি এল এছ এৰ বিষয়াই অভিযুক্তজনৰ কাৰাগাৰৰ একাউণ্টত কোনোধৰণৰ ধন আছে নে নাই সেয়া পৰীক্ষা কৰিব। যদিহে অভিযুক্তৰ হাতত পুঁজি নাথাকে তেন্তে পাঁচ দিনৰ ভিতৰত জিলা পৰ্যায়ৰ ক্ষমতাপ্ৰাপ্ত সমিতিয়ে জামিনৰ বাবে প্ৰয়োজনীয় পুঁজি মুকলি কৰি দিব।

Advertisment
Advertisment