Assameseভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো?ভোটাৰ তালিকাত বিসংগতি আছে নেকি আপোনাৰ? যদি আপোনাৰ ভোটাৰ তালিকাত বিসংগতি আছে তেনেহলে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিবলৈ আপোনাৰ হাতত আছে আৰু কেইটামান দিন। ইতিমধ্যে BLO-এ ঘৰে ঘৰে গৈ সম্পূৰ্ণ কৰিছে ভোটাৰ ভেৰিফিকেশ্যন। Mrinmoy Talukdar Dec 28, 2025 18:26 ISTFilephotoভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো?২২ জানুৱাৰীৰ পূৰ্বে দিয়ক অভিযোগভোটাৰ তালিকাত বিসংগতি আছে নেকি আপোনাৰ? যদি আপোনাৰ ভোটাৰ তালিকাত বিসংগতি আছে তেনেহলে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিবলৈ আপোনাৰ হাতত আছে আৰু কেইটামান দিন। ইতিমধ্যে BLO-এ ঘৰে ঘৰে গৈ সম্পূৰ্ণ কৰিছে ভোটাৰ ভেৰিফিকেশ্যন। AdvertismentRead More- আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহপ্ৰকাশ পালে ফটোযুক্ত খচৰা ভোটাৰ তালিকা। খচৰা ভোটাৰ তালিকাত বিসংগতি আছে নেকি আপোনাৰ? যদি বিসংগতি আছে তেনেহলে আপুনি জনাব পাৰিব BLOক। ২২ জানুৱাৰীলৈকে আপুনি জনাব পাৰিব ওজৰ-আপত্তি। Read More- ১ জানুৱাৰীৰ পৰা সলনি হ’ব বহুকেইটা নিয়মভোটাৰ তালিকাৰ পৰা নাম কটা যাব ৪,৭৮,৯৯২ জন ভোটাৰৰ নাম! SRৰ পাছত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত আহি পৰিছে এই তথ্য। আপোনাৰো নাম নাহিলে নেকি খচৰা ভোটাৰ তালিকাত? যদি আপোনাৰো নাম খচৰা ভোটাৰ তালিকাত অহা নাই তেনেহলে ২২ জানুৱাৰীৰ ভিতৰত দিয়ক অভিযোগ দিয়ক BLOক। Read More- প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ-মুখ্যমন্ত্ৰী১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা। ২ ফেব্ৰুৱাৰীৰ পূৰ্বে নিষ্পত্তি হ’ব খচৰা ভোটাৰ তালিকাত থকা ওজৰ-আপত্তিসমূহ। খচৰা ভোটাৰ তালিকাক লৈ থকা আপোনাৰ ওজৰ-আপত্তিসমূহ ১৯৫০ নম্বৰত ফোন কৰিও অভিযোগ দিব পাৰিব। আনহাতে এই ওজৰ-আপত্তিসমূহ নিস্পত্তি কৰিবলৈ ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত অনুষ্ঠিত হ'ব বিশেষ শিবিৰ।Read More- যুঁজখন দুৰ্বল কৰাৰ চেষ্টা! অসমত শংকৰ-মাধৱ আছে, আজান নাইইতিমধ্যে BLO-এ ঘৰে ঘৰে গৈ সম্পূৰ্ণ কৰিছে ভোটাৰ ভেৰিফিকেশ্যন। ওজৰ-আপত্তিৰ বাবে সংগ্ৰহ কৰক ৬ আৰু ৭নং প্ৰ-পত্ৰ। BLOৰ সৈতে যোগাযোগ কৰি আপুনি এই ফৰ্ম সমূহ লাভ কৰাৰ লগতে ONLINE VOTER APPতো আপোনালোকে এই ফৰ্ম সমূহ লাভ কৰিব। লগতে ভোটাৰসকলে ECI.GOV.INত গৈ নিজৰ নাম সমূহ চাব পাৰিব।Read More-মিত্ৰতাৰ ভিত্তিবৰ্ষ ২০২১! অগপক লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে?AdvertismentAdvertisment Read the Next Article