Assameseআজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহআজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেইবাটাও কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। চৰকাৰী সময়সূচী অনুসৰি আজি নিশা গুৱাহাটীত উপস্থিত হ'ব গৃহমন্ত্ৰীগৰাকী। কইনাধৰাৰ ১নং ৰাজ্যিক অতিথিশালাত নিশা কটাব গৃহ মন্ত্ৰী অমিত শ্বাহে।Jyotiprasad Sarma Dec 28, 2025 12:51 ISTআজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ Photograph: (DY365)আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহআজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেইবাটাও কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। চৰকাৰী সময়সূচী অনুসৰি আজি নিশা গুৱাহাটীত উপস্থিত হ'ব গৃহমন্ত্ৰীগৰাকী। কইনাধৰাৰ ১নং ৰাজ্যিক অতিথিশালাত নিশা কটাব গৃহ মন্ত্ৰী অমিত শ্বাহে। ২০২৬ৰ নিৰ্বাচনৰ প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ অমিত শ্বাহৰ ভ্ৰমণসূচী। Advertismentআজি নিশা বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কইনাধৰাৰ ১নং ৰাজ্যিক অতিথিশালাত নিশা কটাব গৃহ মন্ত্ৰী অমিত শ্বাহে। কাইলৈ সোমবাৰে পুৱা মহানগৰীৰ বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ছহিদ স্মাৰকত গৃহমন্ত্ৰীগৰাকীয়ে জনাব শ্ৰদ্ধাঞ্জলি।Also Read: ১৮ মহীয়া আয়াজ আজিলে গঢ়িলে ৰেকৰ্ডইয়াৰ পিছতে নগাঁৱৰ বটদ্ৰৱালৈ ৰাওনা হ'ব গৃহমন্ত্ৰীগৰাকী। বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব অমিত শ্বাহে। মাংগলিক অনুষ্ঠান, নাম–কীৰ্তন, গায়ন–বায়নৰ ভিন্ন অনুষ্ঠানৰ মাজেৰে ৰাইজৰ বাবে প্ৰকল্পটো উদ্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। বটদ্ৰৱা থানত নৱনিৰ্মিত আৱিৰ্ভাৱ ক্ষেত্ৰৰ শুভ উদ্বোধনৰ পিছতে গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব এখন জনসভাত।Also Read: ব্যস্ততাৰে ভৰা জীৱনৰ কোলাহলৰ পৰা আঁতৰি...বিয়লি গুৱাহাটীত আৰক্ষী আয়ুক্ত কাৰ্যালয় মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ইয়াৰ পিছতে খানাপাৰাত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহও মুকলি কৰিব অমিত শ্বাহে। সন্ধিয়া ৫.৩০ বজাত গুৱাহাটীৰ পৰা দিল্লীলৈ উভতি যাব গৃহমন্ত্ৰীগৰাকী। Also Read: ৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুকউল্লেখ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পৱিত্ৰ বটদ্ৰৱা থানক এক বিশ্বমানৰ আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ অভিলাসী পদক্ষেপ গ্ৰহণ কৰিছিল অসম চৰকাৰে। প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় দুশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই সাংস্কৃতিক প্ৰকল্পৰ নাম দিয়া হ'ব 'আবিৰ্ভাৱ ক্ষেত্ৰ'। এই প্ৰকল্পত পৃথিৱীৰ আটাইতকৈ উচ্চ গুৰু আসন, সত্ৰীয়া সংস্কৃতিত প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য খটোৱা অতিথিগৃহ, দেৱবাদ্য তালৰ কলাকেন্দ্ৰ, ফুলৰ সাজত গৱেষণা কেন্দ্ৰ, নাৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ, জাপিৰ সাজত নাটঘৰকে ধৰি নিৰ্মাণকাৰ্য চলোৱা হৈছে। AdvertismentAdvertisment Read the Next Article