Assameseৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুকৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক। চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ বাহনত খুন্দিয়াই পলাবলৈ লৈছিল গৰু সৰবৰাহকাৰী। পলাবলৈ লওঁতেই চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰে গুলীচালনা। Jyotiprasad Sarma Dec 28, 2025 09:13 ISTৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক Photograph: (DY365)ৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুকআৰক্ষীৰ জালত ছাইজুদ্দিন আলী, আজিজুৰ ৰহমান, জেহেৰুল ইছলামৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক। চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ বাহনত খুন্দিয়াই পলাবলৈ লৈছিল গৰু সৰবৰাহকাৰী। পলাবলৈ লওঁতেই চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰে গুলীচালনা। Advertismentপুনৰ চোৰাং গৰু সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা। কামৰূপৰ বাইহাটা চাৰিআলিৰ গোৰেশ্বৰ পথত গুলীচালনা আৰক্ষীৰ। আৰক্ষীৰ বাহন খুন্দিয়াই পলোৱাৰ চেষ্টা কৰিছিল গৰু চোৰৰ বাহনে। চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষীৰ গাড়ীক খুন্দিয়াই পলাবলৈ চেষ্টা কৰাৰ সময়তে বাইহাটাচাৰিআলি আৰক্ষীয়ে কৰে গুলীচালনা। আৰক্ষীয়ে গৰু চোৰৰ দলটোক নিয়ন্ত্ৰণলৈ আনিবলৈ গুলীচালনা কৰে। অৱশ্যে আৰক্ষীৰ গুলীচালনাত হতাহত হোৱা নাই কোনো লোক। Also Read: ১ জানুৱাৰীৰ পৰা সলনি হ’ব বহুকেইটা নিয়ম৩ চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হাজোৰ ছাইজুদ্দিন আলী, আজিজুৰ ৰহমান আৰু সৰ্থেবাৰীৰ জেহেৰুল ইছলামক। তিনি গৰু চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে AS14 T1553 নম্বৰৰ এখন বাহন জব্দ কৰে আৰক্ষীয়ে। বাহনখনৰ পৰা চোকা অস্ত্ৰ, তলা খোলা সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে।Also Read: সময় গতিশীল...। উভতি চাওঁ ২০২৫উল্লেখযোগ্য যে, ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে গৰু চোৰৰ ঘটনা। গৰু সৰবৰাহৰ ক্ষেত্ৰত আৰক্ষী-প্ৰশাসন যিমানেই কঠোৰ হৈছে, সিমানেই যেন গৰু চুৰি অথবা গৰু সৰবৰাহৰ ঘটনা বৃদ্ধি পাইছে ৰাজ্যত। ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানত চোৰাং গৰু জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক ধৰাৰ খবৰো প্ৰায়ে পোৱা যায়। তাৰ পিছতো আৰক্ষী-প্ৰশাসনৰ ৰঙা চকুক ভয় নকৰি একাংশই যেন নিতৌ ৰাজ্যৰ ভিন্ন স্থানত গৰু সৰবৰাহৰ চেষ্টা চলাই আছে। আৰক্ষীৰ অভিযানৰ মাজতো কোনে কেনেকৈ চলাই আছে এই চোৰাং বেহা? কাৰ আশীৰ্বাদত ক'ৰ পৰা নিয়ন্ত্ৰণ হয় চোৰাং গৰু সৰবৰাহৰ নেটৱৰ্ক সেয়া এতিয়া হৈছে এক ডাঙৰ প্ৰশ্ন। AdvertismentAdvertisment Read the Next Article