Advertisment

ৰাজ্যৰ বিয়াগোম বীজ নিগম বিভাগত বৃহৎ কেলেংকাৰী।

ৰাজ্যৰ বিয়াগোম বীজ নিগম বিভাগত সংঘটিত হৈছে কোটি টকীয়া কেলেংকাৰী৷ ২০১৭ চনত মটৰমাহ বিতৰণৰ নামত কোনে চলাইছিল লুণ্ঠন ৰাজ? মটৰমাহ বিতৰণৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগত ৭ জন বিষয়া কৰ্মচাৰীক তলব CID ৰ।

 ৰাজ্যৰ বিয়াগোম বীজ নিগম বিভাগত  বৃহৎ কেলেংকাৰী।

ৰাজ্যৰ বিয়াগোম বীজ নিগম বিভাগত সংঘটিত হৈছে কোটি টকীয়া কেলেংকাৰী৷ ২০১৭ চনত মটৰমাহ বিতৰণৰ নামত কোনে চলাইছিল লুণ্ঠন ৰাজ?মটৰমাহ বিতৰণৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগত ৭ জন বিষয়া কৰ্মচাৰীক তলব CID ৰ।

Advertisment

 ধুবুৰীৰ মেচাৰ্ছ ধনৰাজ এণ্টাৰপ্ৰাইজ নামৰ এখন ফাৰ্মৰ নামত সংঘটিত হৈছিল চাৰি কোটি টকীয়া কেলেংকাৰী৷ ফাৰ্মখনৰ স্বত্বাধিকাৰী অজয় মোৰে ভুৱা নথি পত্ৰৰে সৰকাইছিল ৪ কোটি টকা৷ কিন্তু প্ৰশ্ন হয় কাৰ আশীৰ্বাদত অজয়ে চলাইছিল লুণ্ঠনৰাজ?

২০১৭ চনত মটৰমাহ বিতৰণৰ নামত সংঘটিত হৈছিল এই কেলেংকাৰী। ১৭/১৯ নম্বৰত CID ত ৰুজু কেলেংকাৰীৰ গোচৰ। ইফালে বীজ নিগমৰ কেইবাজনো বিষয়া কৰ্মচাৰীয়ে ধনৰ বিনিময়ত মুকলি কৰি দিছিল বিল৷ CID য়ে সেই সকল বিষয়া কৰ্মচাৰীৰ স্বাক্ষ্য গ্ৰহণ কৰাৰ লগতে সংগ্ৰহ কৰিব হস্তাক্ষৰৰ নমুনা৷ তাৰ পাছতে CID য়ে ফৰেঞ্চিকলৈ প্ৰেৰণ কৰিব হস্তাক্ষৰৰ নমুনা৷ যাৰ বাবে ইজনৰ পিছত সিজন বিষয়া কৰ্মচাৰীক তলব কৰিছে CID কাৰ্যালয়লৈ। শুকুৰববাৰে ৩ জনক সোধা-পোছাৰ বাবে তলব কৰিলে CID য়ে। আল্পনা বড়ো, প্রিয়ংকা হাজৰিকা, দেৱাশিস সেন গুপ্তাক তলব CID ৰ। ৬ ছেপ্টেম্বৰত তলব নৱনীত শইকীয়া, ললিত দাসক। ৭ ছেপ্টেম্বৰত তলব বীজ নিগমৰ জেনেৰেল মেনেজাৰ ড০ নন্দী ৰায়ক।

 এতিয়া প্ৰশ্ন হয় বিগত ৬ বছৰে বীজ নিগমৰ নামত সংঘটিত হোৱা ৪ কোটি টকীয়া কেলেংকাৰীৰ সথিক তদন্ত কৰিব পাৰিবনে CID য়ে৷ নে ফুটুকাৰ ফেনত পৰিণত হ'ব তদন্তহে পোহৰলৈ আহিব।