Advertisment

সময় গতিশীল...। উভতি চাওঁ ২০২৫

সময় গতিশীল। সময়ৰ সোঁতত অতীত হ’ব আৰু এটা বছৰ। ২০২৫ৰ যৱনিকা পৰিবলৈ মাজত মাথোঁ আৰু কেইটামান ক্ষণ। ২০২৫ বৰ্ষটোলৈ উভতি চালে আপোনাৰ দুচকু সেমেকি উঠিব। এই বৰ্ষত আমি হেৰুৱালো বহু উজ্বল নক্ষত্ৰ।

 সময় গতিশীল...। উভতি চাওঁ ২০২৫ Photograph: (DY365)
সময় গতিশীল...। উভতি চাওঁ ২০২৫ Photograph: (DY365)

সময় গতিশীল...


উভতি চাওঁ ২০২৫

ধুমুহাৰ বছৰ ২০২৫। সুৰে জিৰণি লোৱা বছৰ আছিল এই ২০২৫। যাবলৈ লওঁতেও যেন থমকি ৰৈছে এই বছৰ। হৃদয়ত সাঁচ বঢ়াই অনুৰণনে হেন্দুলিত কৰিছে বুকু। 

Advertisment

সময় গতিশীল। সময়ৰ সোঁতত অতীত হ’ব আৰু এটা বছৰ। ২০২৫ৰ যৱনিকা পৰিবলৈ মাজত মাথোঁ আৰু কেইটামান ক্ষণ। ২০২৫ বৰ্ষটোলৈ উভতি চালে আপোনাৰ দুচকু সেমেকি উঠিব। এই বৰ্ষত আমি হেৰুৱালো বহু উজ্বল নক্ষত্ৰ। সংগীত, সংস্কৃতি, সাহিত্যৰ লগতে অসম আৰু অসমীয়াৰ সোণালী ভঁৰাল উকা কৰি বিদায় মাগিলে বহুকেইগৰাকী পুৰোধা ব্যক্তিয়ে।

যিকেইগৰাকী পুৰোধা ব্যক্তিয়ে এই বৰ্ষটোত আমাৰ মাজৰ পৰা বিদায় মাগিলে। তেওঁলোকৰ বিদায় সমাজৰ বাবে অপূৰণীয় ক্ষতি। শিল্প, সংস্কৃতি আৰু সমাজলৈ তেওঁলোকৰ অৱদান আগন্তুক বছৰবোৰলৈ চিৰস্মৰণীয় হৈ থাকিব...। ২০২৫ বৰ্ষটোত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুচি যোৱা বিশিষ্ট ব্যক্তিসকলক সামৰি আমাৰ এক প্ৰতিবেদন। 

জুবিন গাৰ্গ:
১৯ ছেপ্টেম্বৰ (২০২৫)ত অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসান ঘটে। ছিংগাপুৰত অনাকাংক্ষিত পৰিস্থিতিত উভতি নহাৰ বাটেৰে চিৰদিনলৈ গুচি যায় ৫২ বছৰীয়া শিল্পী জুবিন গাৰ্গ। দ্বীপৰাষ্ট্ৰ ছিংগাপুৰত এক অনুষ্ঠানৰ বাবে গৈছিল জুবিন গাৰ্গ। নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে ছিংগাপুৰলৈ গৈছিল হাৰ্টথ্ৰৱগৰাকী। অনুষ্ঠানৰ পূৰ্বে য়টত উঠি সাগৰলৈ গৈছিল জুবিন গাৰ্গ। সাগৰত সাঁতুৰি থাকোঁতেই স্বাস্থ্যৰ অৱনতি ঘটে জুবিন গাৰ্গৰ। ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। ছিংগাপুৰৰ জেনেৰেল হাস্পতালৰ ICUত ভৰ্তি কৰোৱা হৈছিল জুবিন গাৰ্গক। কিন্তু সকলো চেষ্টা অসাৰ কৰি অজস্ৰ অনুৰাগীক কন্দুৱাই জুবিন গাৰ্গ ঘূৰি নহাৰ বাটেৰে গুচি গ’ল সমগ্ৰ অসম আৰু অসমীয়াক কন্দুৱাই। অজস্ৰ অনুৰাগী তথা অসমীয়াই আজিও পাহৰিব পৰা নাই প্ৰাণৰ শিল্পীগৰাকী নোহোৱাৰ বেদনা।

Also Read: ভেৰগাঁৱৰ ডিমাকুছিত হাতী-মানুহৰ সংঘাত

ৰাজীৱ শদিয়া :
২০২৫ৰ মাঘ বিহুৰ উৰুকাৰ দিনাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আহিছিল দুঃখবৰটো৷ অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল কণ্ঠশিল্পী ৰাজীৱ শদিয়াই৷ ১৩ জানুৱাৰী (২০২৫)ত নেদেখাজনে কাঢ়ি লৈ গ’ল জাতি-মাটিৰ গান গাই ভাল পোৱা শিল্পী ৰাজীৱ শদিয়াক৷ ১২ জানুৱাৰীৰ দিনা তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত গাই থকাৰ মাজতে হঠাৎ ঢলি পৰি অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী। তাৰ পাছত ততাতৈয়াকৈ ৰাজীৱ শদিয়াক এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল৷ হৃদক্ৰিয়া বন্ধ হৈ পৰাত কণ্ঠশিল্পীগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি কৰোৱা হৈছিল। কিন্তু AMCHৰ ICUত চিকিৎসাধীন অৱস্থাতে ৰাজীৱ শদিয়াই মৃত্যুৰ ওচৰত হাৰ মানে। 

দীপক শৰ্মা :
৩ নৱেম্বৰ (২০২৫)ত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ পৰলোকপ্ৰাপ্তি ঘটে। ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল বাঁহীবাদক দীপক শৰ্মাই। বিগত কেইবাবছৰ ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল দীপক শৰ্মা। ১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল দীপক শৰ্মাই। 

গায়ত্ৰী হাজৰিকা : 
১৬ মে’ (২০২৫)ত জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ মৃত্যু হয়। মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল ৪৫ বছৰ। ‘সৰা পাতে পাতে ফাগুন নামে’ এই গীতটিৰে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ মৃত্যুমুখত পৰে। 

Also Read: প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ-মুখ্যমন্ত্ৰী

হেমন্ত দত্ত :
১১ আগষ্ট (২০২৫)ত অভিনেতা, নাট্যকাৰ, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ বিয়োগ ঘটে। ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। ১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰিছিল হেমন্ত দত্তই। হেমন্ত দত্তই এশৰো অধিক নাট আৰু পাঁচশৰো অধিক গীত ৰচনা কৰিছে। অসংখ্য নাট পৰিচালনা কৰাৰ উপৰি তেওঁ উপপথ (১৯৮০) নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল। নাটক-চিনেমা-সংগীতৰ অনবদ্য অৱদানেৰে অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰা হেমন্ত দত্তলৈ অসম চৰকাৰৰ ২০২৪ বৰ্ষৰ অসম সৌৰভ সন্মান আগবঢ়াইছিল।

প্ৰফুল্ল গোবিন্দ বৰুৱা :
দশক দশক ধৰি অসমৰ সংবাদ ক্ষেত্ৰক মহীয়ান কৰা প্ৰবীণ সাংবাদিক তথা আছাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী, পৰিচালন সঞ্চালক, সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ ২০২৫ চনৰ ১৪ ডিচেম্বৰত দেহাৱসান ঘটে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বাৰ্ধক্যজনিত কাৰণত ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰফুল্ল গোবিন্দ বৰুৱাই। তেওঁৰ বিয়োগ অসমৰ সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি

Advertisment
Advertisment