Advertisment

প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ-মুখ্যমন্ত্ৰী

আমাৰ প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ। মন্ত্ৰী-বিধায়ক কোন হ'ব সেয়া অৰ্থহীন। ধুবুৰী, দলগাঁও, নাওবৈচা আদিৰ পৰা অসমীয়া আঁতৰি আহিল। স্বদেশ-স্বজাতিৰ মংগলৰ বাবে আমি জিকিব লাগিব- মুখ্যমন্ত্ৰী। 

 Filephoto
Filephoto

প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ
শেষ ক'ত নাজানো কিন্তু আমি যুঁজিব লাগিব

Advertisment

আমাৰ প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, প্ৰতিটো নিৰ্বাচন জীয়াই থকাৰ যুঁজ। মন্ত্ৰী-বিধায়ক কোন হ'ব সেয়া অৰ্থহীন। ধুবুৰী, দলগাঁও, নাওবৈচা আদিৰ পৰা অসমীয়া আঁতৰি আহিল। স্বদেশ-স্বজাতিৰ মংগলৰ বাবে আমি জিকিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। 

Read More- যুঁজখন দুৰ্বল কৰাৰ চেষ্টা! অসমত শংকৰ-মাধৱ আছে, আজান নাই

২০১৬ চনৰ নিৰ্বাচনত মই কৈছিলো, শৰাইঘাটৰ শেষ ৰণ। কাৰণ যিমানদিনলৈ অসমীয়াই যুঁজি থাকিব, সিমানদিনলৈ অসমীয়া জীয়াই থাকিব। এই যুঁজৰ শেষ ক'ত নাজানো কিন্তু আমি যুঁজি থাকিব লাগিব। কিয়নো আমাৰ পূৰ্বৰ ৰাজনৈতিক নেতাসকলে অসমখন কাৰোবাৰ হাতত গতাই থৈ গ'ল। 

Read More- মিত্ৰতাৰ ভিত্তিবৰ্ষ ২০২১! অগপক লৈ কি কলে মুখ্যমন্ত্ৰীয়ে?

দীঘলীয়া সংগ্ৰাম, সভ্যতাৰ যুঁজত আমি বহুদিনলৈ যুঁজি থাকিব লাগিব। মুখ্যমন্ত্ৰী কোন হ'ব, মন্ত্ৰী কোন হ'ব, বিধায়ক কোন হ'ব এই কথাবোৰে জাতিটোক জীয়াই নাৰাখে। আজি অসমীয়া জাতিক ভাৰতীয় জনতা পাৰ্টিত থকা আপোচবিহীন নেতাৰ প্ৰয়োজন আছে। যিয়ে কোনো পৰিস্থিতিতে আত্মসমৰ্পন নকৰে, শেষ মূহুৰ্ত্তলৈকে যুঁজ দি যাব। 

Read More- চৰকাৰী আঁচনিৰ নামত পঞ্চায়তে পঞ্চায়তে দুৰ্নীতি

আমি এখন ডাঙৰ যুঁজত নামিম। আমাৰ কৰিবলগীয়া বহু কাম আছে। ধুবুৰী, দলগাঁও, নাওবৈচা আদিৰ পৰা অসমীয়া আঁতৰি আহিল। আমাৰ অসমখনক আমি নৱপ্ৰজন্মৰ বাবে সুৰক্ষিত কৰিব লাগিব। বিজেপি দলে আগন্তুক নিৰ্বাচনত জাতিটোক ৰক্ষা কৰিবলৈ, সভ্যতাৰ যুঁজত অৱতীৰ্ণ হ'ব। 

Read More- সাৱধান! সুৰাপান কৰি বাহন চলালেই বাতিল হ’ব লাইচেঞ্চ

আমাৰ মাজত ব্যক্তিগত আশা-আকাংক্ষা থাকিব কিন্তু অসমীয়া জাতিক ৰক্ষাৰ বাবে আমি সৰ্বস্ব ত্যাগ কৰিব লাগিব। কেৱল মন্ত্ৰী-বিধায়ক হলেই যে যুঁজিম তেনেকুৱা নহয়, জাতিক ৰক্ষা কৰিবলৈ আমি সকলোৱে সামগ্ৰিকভাৱে যুঁজিব লাগিব। নিজৰ দেশত, নিজৰ জন্মভূমিত যেতিয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব লাগিব, তাতকৈ ডাঙৰ কলংক আৰু একো নাথাকিব। কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি উদাত্ত ভাষণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Read More- কৈছিল খেদিম, কিন্তু হ'লগৈ বিধায়ক...

Advertisment
Advertisment