Assameseযুঁজখন দুৰ্বল কৰাৰ চেষ্টা! অসমত শংকৰ-মাধৱ আছে, আজান নাইঅসমত শংকৰ-মাধৱ আছে, শংকৰ-আজান নাই৷ শংকৰ-আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নোৱাৰিব। কংগ্ৰেছ দলৰ দুৰ্বলতা আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে অসমত এটা নতুন সভ্যতাৰ সৃষ্টি হ'ল। Mrinmoy Talukdar Dec 27, 2025 17:24 ISTFilephotoযুঁজখন দুৰ্বল কৰাৰ চেষ্টা! অসমত শংকৰ-মাধৱ আছে, আজান নাইঅসমত শংকৰ-মাধৱ আছে, শংকৰ-আজান নাই৷ শংকৰ-আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নোৱাৰিব। কংগ্ৰেছ দলৰ দুৰ্বলতা আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে অসমত এটা নতুন সভ্যতাৰ সৃষ্টি হ'ল। একেদৰে লাচিত বৰফুকনৰ সৈতে বাঘ হাজৰিকাক একত্ৰিত কৰিও আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে৷ AdvertismentRead More- মিত্ৰতাৰ ভিত্তিবৰ্ষ ২০২১! অগপক লৈ কি কলে মুখ্যমন্ত্ৰীয়ে?কংগ্ৰেছ দলৰ দুৰ্বলতা আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে অসমত এটা নতুন সভ্যতাৰ সৃষ্টি হ'ল। ১০-২০ লাখ নহয়, প্ৰায় ডেৰি কোটি জনগণৰ সৈতে সৃষ্টি হ'ল এই নতুন সভ্যতাটো। বাংলাদেশৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰা মিঞা মুছলমানৰ বাবেই অসমৰ আগন্তুক লোকপিয়লত মিঞা মুছলমানৰ সংখ্যা হ'বগৈ ৪০ শতাংশ। মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। Read More- ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক! ১০০ৰো অধিক ISIS সন্ত্ৰাসবাদীৰ মৃত্য়ু২০১১ চনৰ লোকপিয়লত হিন্দু আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ পাৰ্থক্য এটি চিন্তাৰ বিষয়। ৩% অসমীয়া মুছলমানক বাদ দিলে ২০১১ চনত বাংলাদেশৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰা মুছলমানৰ সংখ্যা ৩১%৷ ২০২৭ৰ যেতিয়া লোকপিয়ল হ'ব, অসমত বাংলাদেশী মূলৰ মিঞা মুছলমানৰ বৰ্ধিত সংখ্যা কিমান বাঢ়িব সেয়া চিন্তনীয়।Read More- চৰকাৰী আঁচনিৰ নামত পঞ্চায়তে পঞ্চায়তে দুৰ্নীতিবিশ্বত এনে এখন ৰাজ্য নাই, য'ত ইয়াৰ মূল অধিবাসী জনসংখ্যা ৬০%ৰ তললৈ অৱনমিত হৈছে আৰু বাংলাদেশী মূলৰ মানুহৰ সংখ্যা ৪০% পাৰ হৈ খৰতকীয়া গতিৰে বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ৷ সেয়ে জনগাঁথনিৰ পৰিৱৰ্তন আমাৰ বাবে মূল প্ৰত্যাহ্বান৷ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আল্লাহক বাদ দি এই মিঞা মুছলমানসকলে বেলেগ একো স্বীকাৰ কৰিব নোৱাৰে। যদি আপুনি হিন্দু এজনক সোধে ধৰ্ম ডাঙৰ নে ৰাষ্ট্ৰ ডাঙৰ, তেতিয়া তেও ৰাষ্ট্ৰ ডাঙৰ বুলি কয়। কিন্তু মুছলমানক বাবে ডাঙৰ হৈছে ধৰ্ম। বাংলাদেশত শেহতীয়াভাৱে হিন্দু যুৱকৰ সৈতে সংঘটিত হোৱা ঘটনাই ইয়াৰ প্ৰমাণ।Read More- সাৱধান! সুৰাপান কৰি বাহন চলালেই বাতিল হ’ব লাইচেঞ্চলগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, "অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছোঁ--অসমত শংকৰ-মাধৱ আছে, শংকৰ-আজান অসমত নাই৷ শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল৷ শংকৰ-আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নোৱাৰিব৷ ঠিক একেদৰে লাচিত বৰফুকনৰ সৈতে বাঘ হাজৰিকাক একত্ৰিত কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে৷ কৰবাত যদি বাঘ হাজৰিকা আছিল থাকক কিন্তু আমি মোগলক পৰাজিত কৰা বিশ্ববিজয়ী বীৰ হিচাপে লাচিত বৰফুকনক চাব বিচাৰো। লগতে মুখ্যমন্ত্ৰীৰ প্ৰশ্ন- বাঘ হাজৰিকাক লৈ ক'ৰ পৰা আহিছে বুৰঞ্জীৰ তথ্য"?AdvertismentAdvertisment Read the Next Article