Advertisment

গৌৰৱৰ ক্ষণ... কেয়া সাহাই নাম সন্নিৱিষ্ট কৰিলে INTERNATIONAL BOOK OF RECORDSত

ৰাজ্যবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে চাপৰৰ কেয়া সাহাই। INTERNATIONAL BOOK OF RECORDSত নাম সন্নিৱিষ্ট হ'ল প্ৰতিভাশালী যুৱতীগৰাকীৰ। কৰিলে এই কাম।

 গৌৰৱৰ ক্ষণ... কেয়া সাহাই নাম সন্নিৱিষ্ট কৰিলে INTERNATIONAL BOOK OF RECORDSত

অসমীয়া যুৱতীৰ হাতৰ যাদু... কেয়াক আপুনিও জনাওক শুভেচ্ছা

INTERNATIONAL BOOK OF RECORDSত নাম সন্নিৱিষ্ট হ'ল চাপৰৰ এগৰাকী প্ৰতিভাশালী যুৱতীৰ

Advertisment

গুৱাহাটী, ১৩ ডিচেম্বৰঃৰাজ্যবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে চাপৰ পৌৰসভাৰ অন্তৰ্গত ৬নং ৱাৰ্ডৰ কেয়া সাহাই। কোনো ধৰণৰ মডেলিং সঁজুলি নোহোৱাকৈ বোকা মাটিৰে নিৰ্মিত আটাইতকৈ সৰু মাত্ৰ ৩ ছেন্টিমিটাৰ ফলৰ বাছকেট নিৰ্মাণ কৰি সাহাৰ সফলতা। সেই আটাইতকৈ সৰু ফলৰ বাছকেট নিৰ্মাণ কৰিয়েই নিজৰ নাম সন্নিৱিষ্ট কৰিলে INTERNATIONAL BOOK OF RECORDSত। যুৱতীগৰাকীৰ এই সফলতাত উৎফুল্লিত পৰিয়াল বৰ্গৰ লগতে চাপৰবাসী। 

ALSO READ: 'জুবিনক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছিলো'-মুখ্যমন্ত্ৰী

উল্লেখ্য যে কেয়া সাহাই সৰুৰে পৰাই দেউতাকক অনুকৰণ কৰি আৰ্টৰ লগত জড়িত হৈ পৰে। কিন্তু ২০২০ চনৰ ক'ভিডৰ সময়ৰ পৰাই বোকা মাটিৰে বিভিন্ন সৰু সৰু সামগ্ৰী বনাবলৈ চেষ্টা কৰে। পূৰ্বতেও বহু সৰু সৰু সামগ্ৰী বোকা মাটিৰে তৈয়াৰ কৰি আহিছে যদিও সামাজিক মাধ্যমত ভিন্ন ৰেকৰ্ড দেখি অনুপ্ৰাণিত হয়। অৱশেষত নিজে ক্লেৰে ৩ ছেন্টিমিটাৰৰ ফলৰ বাছকেট নিৰ্মাণ কৰি INTERNATIONAL BOOK OF RECORDSৰ বাবে আবেদন কৰে। ফলত আটাইতকৈ সৰু ফলৰ বাছকেট নিৰ্মাণ কৰিয়েই নিজৰ নাম সন্নিৱিষ্ট কৰিলে INTERNATIONAL BOOK OF RECORDSত।

ALSO READ: কি কি আছে চাৰ্জশ্বীটত? ৪ অভিযুক্তৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা

কিন্তু বহু দিনৰ সাধনাৰ ফলত অৱশেষত INTERNATIONAL BOOK OF RECORDSত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সামৰ্থ্য হয়। এই সফলতাৰ আঁৰত কেয়া সাহাৰ পিতৃ-মাতৃৰ লগতে শিক্ষাগুৰুৰ যথেষ্ট সহযোগীতা আছে বুলিও জানিবলৈ দিয়ে প্ৰতিভাশালী কেয়া সাহাই। 

ALSO READ: অৰুণাচলত দুটাকৈ সন্দেহজনক ISIৰ এজেণ্টক গ্ৰেপ্তাৰ

Advertisment
Advertisment