Advertisment

ভেৰগাঁৱৰ ডিমাকুছিত হাতী-মানুহৰ সংঘাত

ওদালগুৰিৰ ভেৰগাঁৱৰ ডিমাকুছিত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ভূটান সীমান্তবাসীয়ে। ভূটান সীমান্তৱৰ্তী অঞ্চলত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস, ভেৰগাঁৱৰ ডিমাকুছিত একেদিনাই গৃহহাৰা পাঁচটাকৈ পৰিয়াল।

 ভেৰগাঁৱৰ ডিমাকুছিত হাতী-মানুহৰ সংঘাত Photograph: (DY365)
ভেৰগাঁৱৰ ডিমাকুছিত হাতী-মানুহৰ সংঘাত Photograph: (DY365)

ভেৰগাঁৱৰ ডিমাকুছিত হাতী-মানুহৰ সংঘাত


গৃহহাৰা কেইবাটাও পৰিয়াল, বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে

ওদালগুৰিৰ ভেৰগাঁৱৰ ডিমাকুছিত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ভূটান সীমান্তবাসীয়ে। ভূটান সীমান্তৱৰ্তী অঞ্চলত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস, ভেৰগাঁৱৰ ডিমাকুছিত একেদিনাই গৃহহাৰা পাঁচটাকৈ পৰিয়াল।

Advertisment

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ বামুণজুলি, ডিমাকুছি, সোণাজুলি, বৰংগাজুলি, নালাপাৰা, কালিখোলা, কচুবিল, পানেৰী, ভূটিয়াচাং, ধৰমজুলি, বগৰীতল, ৰজাগড়কে ধৰি বিভিন্ন অঞ্চলত কেইবামাহো ধৰি বন্যহস্তীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে।

Also Read: আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩ সংখ্যক মৃত্যু দিৱস

ভেৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৩নং উত্তৰ ডিমাকুছি গাঁৱৰ হাতীমাৰাত গৃহহাৰা হৈ পৰিল পাঁচটাকৈ পৰিয়াল। শুক্ৰাম মুণ্ডা, বিনা মুণ্ডা, এটোৱা মুণ্ডা, মাৰকাছ মুণ্ডা আৰু বকুল মুণ্ডাৰ বাসগৃহ ভাঙি ছিঙি চূৰমাৰ কৰে বন্যহস্তীয়ে। বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ উপৰিও খেতি-বাতি, ভঁৰালৰ ধান খাই তহিলং কৰে বন্যহস্তীয়ে।

দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লৈ থকা বন্যহস্তীয়ে নিশা হ'লেই গ্ৰামাঞ্চলত প্ৰৱেশ কৰি ভূটান সীমান্তৱৰ্তী অঞ্চলৰ লোকৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বনৰীয়া হাতীৰ জাক ওলাই অহাত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় চৌদিশে। বিগত সময়তকৈ এই বৰ্ষত বন্যহস্তীৰ উপদ্ৰৱত বহু লোক গৃহহীন হৈ পৰিছে। 

Also Read: কাজিৰঙাৰ জলাশয়ত মত্স্য চিকাৰত নিষেধাজ্ঞা

আনহাতে বৃহত্তৰ ডিমাকুছি অঞ্চলৰ পৰা স্থানীয় বৰনদী অভয়াৰণ্য আৰু ননৈ ৰেঞ্জৰ বহু দূৰত্ব হোৱা হেতুকে বনবিভাগৰ লোক সময়মতে উপস্থিত হ'ব নোৱাৰে ঘটনাস্থলীত। বৃহত্তৰ এলেকাত জনসাধাৰণক সুৰক্ষা দিবলৈ স্থানীয় অভয়াৰণ্যৰ বনকৰ্মীৰ হাতী খেদিবলৈ নাই কোনো ধৰণৰ পৰ্যাপ্ত সা-সুবিধা। 

হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিয়াগোম বন বিভাগ আৰু চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজৰ।

Advertisment
Advertisment