Assameseনলবাৰীত বন্যহস্তীৰ উপদ্ৰৱবন্যহস্তীয়ে নিতৌ উপদ্ৰৱ চলাইছে বনমন্ত্ৰীৰ গৃহ জিলা নলবাৰীত। নলবাৰীৰ কেন্দুকুছি, বৰখানাজান, ক্ষুদ্ৰকটৰা, খাতকটৰা, কতাহকুছি গাঁৱকে ধৰি বিভিন্ন স্থানত হাতীৰ জাকে সন্ত্ৰাস চলাই বহু পৰিয়ালৰ বাসগৃহ ভাঙি তচ-নচ কৰি পেলায়। Jyotiprasad Sarma Dec 21, 2025 14:55 ISTনলবাৰীত বন্যহস্তীৰ উপদ্ৰৱ Photograph: (DY365)নলবাৰীত বন্যহস্তীৰ উপদ্ৰৱ১৩টাকৈ গৃহ ভাঙি তচ-নচকোনোমতে প্ৰাণৰক্ষা কেবাটাও পৰিয়ালৰবন্যহস্তীয়ে নিতৌ উপদ্ৰৱ চলাইছে বনমন্ত্ৰীৰ গৃহ জিলা নলবাৰীত। নলবাৰীৰ কেন্দুকুছি, বৰখানাজান, ক্ষুদ্ৰকটৰা, খাতকটৰা, কতাহকুছি গাঁৱকে ধৰি বিভিন্ন স্থানত হাতীৰ জাকে সন্ত্ৰাস চলাই বহু পৰিয়ালৰ বাসগৃহ ভাঙি তচ-নচ কৰি পেলায়। দেওবাৰে পুৱতি নিশা পুনৰ হাতীৰ আক্ৰমণত আতংকিত হৈ পৰে দুখনকৈ গাঁৱৰ ১৩টাকৈ পৰিয়াল।Advertismentনলবাৰীৰ উত্তৰ দিশৰ খাটকটৰা গাঁও আৰু কতাহকুছি গাঁৱত নিশা হাতীৰ জাকে চলাই উপদ্ৰৱ। ১৩টাকৈ পৰিয়ালত আক্ৰমণ কৰে হাতীৰ জাকটোৱে। ঘৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বহু সা-সম্পত্তি নষ্ট কৰে বনৰীয়া হাতীৰ জাকে। কোনোমতে প্ৰাণৰক্ষা পৰে পৰিয়ালকেইটাৰ। খাটকটৰা গাঁও আৰু কতাহকুছি গাঁও দুখনৰ নিতুল বৈশ্য, হাছিনা বেগম, অক্ষয় হালৈ, সনাতন হালৈ, বনমালী মেধি, প্ৰদীপ কলিতা, ৰাখেব বড়ো, মিণ্টু বড়ো, হৰমোহন বড়ো, কিশোৰ বৰ্মন, উদয় হালৈ, নগেন কলিতা আৰু মহেশ কলিতাৰ গৃহ ভাঙি তচ-নচ কৰে বন্যহস্তীৰ জাকে। লগতে অঞ্চলটোৰ লোকসকলৰ বাৰীৰ গছ ভাঙি তহিলং কৰে হাতীৰ জাকটোৱে। লক্ষণীয়ভাৱে নলবাৰী চহৰৰ উত্তৰ দিশত হাতীৰ জাকটোৱে বিগত কিছুদিন ধৰি দিনে-নিশাই উপদ্ৰৱ চলাই ৰাইজক আতংকিত কৰি আহিছে। নিশা হ’লেই বিনিদ্ৰ ৰজনী কটাই আহিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।যোৱা দুটা বছৰে নলবাৰী, বাক্সা আৰু তামুলপুৰত বনৰীয়া হাতীয়ে চলাই আহিছে উপদ্ৰৱ। বহুলোকৰ ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে কেবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে হাতীৰ আক্ৰমণত।পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ বন বিভাগে হাতীৰ জাকটো ভূটান সীমান্তলৈ খেদি পঠাইছিল যদিও পুনৰ হাতীৰ জাকটোৱে পৃথকে পৃথকে সন্ত্ৰাস চলাইছে বাক্সা, তামুলপুৰ আৰু নলবাৰীত। কেবাদিন ধৰি সন্ত্ৰাস চলাইছে নলবাৰীৰ উত্তৰ দিশত। নলবাৰীৰ বন বিভাগে নিতৌ হাতী খেদাত ব্যস্ত হৈ আছে যদিও সম্পূৰ্ণৰূপে হাতী খেদি পঠিয়াব নোৱৰাত চৰম আহুকালৰ সৃষ্টি হৈছে ৰাইজৰ।দিনৰ ভাগত পাগলাদিয়া নৈৰ ঘন জংঘলত সোমাই পৰাৰ হাতীৰ জাকটোৱে নিশাৰ এন্ধাৰ নামি অহাৰ লগে লগে পৃথকে পৃথকে উপদ্ৰৱ চলাই আঞ্চলটোত। যাৰ পৰিণতিত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। নলবাৰীৰ উত্তৰ দিশৰ কেন্দুকুছি, বৰখানাজান, কটলাবৰকুছি, ক্ষুদ্ৰকটৰা, বতাহগিলা, বৰঘোপা, জাবোন, জামতোলা, চেংনৈ, কেম্পৰঘাট, মাজুশিৰালকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে বনৰীয়া হাতীৰ উপদ্ৰৱত। AdvertismentAdvertisment Read the Next Article