Advertisment

অৰুণাচলী দুৰ্বৃত্তৰ সন্ত্ৰাস!

লখিমপুৰৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা। অসম-অৰুণাচল সীমান্ত চেঁচা ৰাজগড়ত নিশা অৰুণাচলী লোকৰ তাণ্ডৱ চলোৱাৰ অভিযোগ। এটি পৰিয়ালক আক্ৰমণ অৰুণাচলী যুৱকৰ। ২জন লোক গুৰুতৰভাৱে আহত। 

 অৰুণাচলী দুৰ্বৃত্তৰ সন্ত্ৰাস! Photograph: (DY365)
অৰুণাচলী দুৰ্বৃত্তৰ সন্ত্ৰাস! Photograph: (DY365)

অৰুণাচলী দুৰ্বৃত্তৰ সন্ত্ৰাস!


২জনক আক্ৰমণ, ভাঙিলে ব্যৱসায়িক প্ৰতিষ্ঠান

লখিমপুৰৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা। অসম-অৰুণাচল সীমান্ত চেঁচা ৰাজগড়ত নিশা অৰুণাচলী লোকৰ তাণ্ডৱ চলোৱাৰ অভিযোগ। এটি পৰিয়ালক আক্ৰমণ অৰুণাচলী যুৱকৰ। ২জন লোক গুৰুতৰভাৱে আহত। 

Advertisment

Also Read: ঘপিয়াই হত্যা পত্নীসহ ২ কন্যা সন্তানক

নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্ত চেঁচা ৰাজগড়ত নিশা অৰুণাচলী লোকৰ তাণ্ডৱৰ অভিযোগ৷ এটি পৰিয়ালৰ দুজনক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ গুৰুতৰ অভিযোগ কেইজনমান অৰুণাচলী যুৱকৰ বিৰুদ্ধে। আক্ৰমণ কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি লণ্ড-ভণ্ড কৰাৰো অভিযোগ৷

Also Read: মনোৰঞ্জনৰ আহিলা নেকি অখিল গগৈ? মুখ্যমন্ত্ৰীৰ কটাক্ষ

খবৰ অনুসৰি বসন্ত বৰা নামৰ যুৱকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা কেইজনমান অৰুণাচলী যুৱকে উপদ্ৰৱ চলোৱাৰ অভিযোগ। নিশা শোৱাৰ পিছত ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবলৈ বসন্ত বৰাক জোৰ কৰিছিল দুৰ্বৃত্ত অৰুণাচলী দলটোৱে। বসন্ত বৰাই নিশা দোকান খুলিবলৈ অমান্তি হৈছিল। দোকান খুলিব নোৱাৰো বুলি কোৱাৰ পিছতেই অৰুণাচলী যুৱককেইজনে ব্যৱসায়ী বসন্তৰ লগতে তেওঁৰ পুত্ৰক প্ৰহাৰ কৰে৷ ইয়াতে ক্ষান্ত নাথাকি দোকাখন ভাঙি লণ্ড-ভণ্ড কৰে অৰুণাচলী যুৱকেইজনে। বসন্ত বৰাৰ মুখমণ্ডলত গুৰুতৰভাৱে আঘাত পোৱাৰ লগতে আঘাতৰ বাবে পুত্ৰৰ মূৰত ১৭টাকৈ চিলাই পৰে৷ আহত বসন্ত আৰু পুত্ৰক ধলপুৰ চিকিৎসালয়ত চিকিৎসা কৰে যদিও উন্নত চিকিৎসাৰ বাবে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে চিকিৎসকে। 

Also Read: কোন ওছমান হাদী? যাৰ মৃত্যুত জ্বলিছে বাংলাদেশ

ইফালে ঘটনা সন্দৰ্ভত বসন্তৰ পত্নীয়ে শিমলুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷ অঞ্চলটোত পূৰ্বেও বহুবাৰ এনেধৰণৰ ঘটনা সংঘটিত হৈ অহাৰো অভিযোগ উত্থাপন হৈছে।

Advertisment
Advertisment