Advertisment

ঘপিয়াই হত্যা পত্নীসহ ২ কন্যা সন্তানক

এটা ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গ’ল সমগ্ৰ ধিং। পাষণ্ড পিতৃয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে ২ কন্যাসহ পত্নীক। ধিঙৰ শল’গুৰিৰ কাছকাটিত সংঘটিত এই নৃশংস হত্যাকাণ্ডটো। বৃহস্পতিবাৰে নিশা প্ৰায় ১ মান বজাত সংঘটিত এই ভয়ংকৰ ঘটনা।

 ঘপিয়াই হত্যা পত্নীসহ ২ কন্যা সন্তানক Photograph: (DY365)
ঘপিয়াই হত্যা পত্নীসহ ২ কন্যা সন্তানক Photograph: (DY365)

ত্ৰিপল মাৰ্ডাৰ


ঘপিয়াই হত্যা পত্নীসহ ২ কন্যা সন্তানক

এটা চাঞ্চল্যকৰ, শিহৰণকাৰী হত্যাকাণ্ড। কুঠাৰেৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে পত্নীসহ দুই কন্যা সন্তানক। পত্নীসহ ২ কন্যাক হত্যা কৰে অভিযুক্ত এমদাদুল ইছলাম নামৰ এটা পাষণ্ডই। 

Advertisment

এটা ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গ’ল সমগ্ৰ ধিং। পাষণ্ড পিতৃয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে ২ কন্যাসহ পত্নীক। ধিঙৰ শল’গুৰিৰ কাছকাটিত সংঘটিত এই নৃশংস হত্যাকাণ্ডটো। ঘটনা অনুসৰি বৃহস্পতিবাৰে নিশা প্ৰায় ১ মান বজাত এটা কোঠাৰ ভিতৰতেই অভিযুক্ত পাষণ্ড পিতৃ এমদাদুল ইছলামে কুঠাৰেৰে ভয়ংকৰভাৱে আক্ৰমণ কৰে দুই কন্যা সন্তান আৰু পত্নীক। অভিযুক্ত এমদাদুল ইছলামৰ কুঠাৰৰ ঘাপত থিতাতে নিহত হয় দুই কন্যা সন্তানসহ পত্নীৰ। এমদাদুলৰ ভয়ংকৰ আক্ৰমণত নিহত পত্নী তাজমিনা খাতুন, কন্যা আৰহান হাচান ওৰফে মণি আৰু দিলহান হাচান ওৰফে ৰাণী। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। 

ঘটনা সংঘটিত কৰাৰ পিছতে অভিযুক্ত এমদাদুল ইছলামে নিজেই চিঞৰি চিঞৰি ওচৰৰ ৰাইজক জনাইছিল ঘটনাৰ কথা। পলকতে অঞ্চলটোত লাগে হুলস্থূল। লগে লগে স্থানীয় ৰাইজে খবৰ দিয়ে ধিং আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে কৰায়ত্ত কৰা অভিযুক্ত এমদাদুল ইছলামক গতাই দিয়ে আৰক্ষীক। 

ইফালে, ঘটনাস্থলীত ধিং আৰক্ষী, শল’গুৰি আৰক্ষী আৰু ডুমডুমীয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। সম্প্ৰতি এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। 

আনহাতে কিহৰ বাবে অভিযুক্ত এমদাদুল ইছলামে নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ। 

Advertisment
Advertisment