Advertisment

হাইদৰ আলীৰ বাবেই তামুলপুৰৰ এখন হাইস্কুলত উত্তপ্ত পৰিস্থিতি

লম্পট শিক্ষক হাইদৰ আলীৰ কু-কাণ্ড। তামুলপুৰৰ এখন হাইস্কুলত হাইদৰ আলীৰ কু-কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি।  শ শ উত্তেজিত ৰাইজে ঘেৰাও কৰিলে এপিজি আব্দুল কালাম বিদ্যালয়।

 Filephoto
Filephoto

হাইদৰ আলীৰ বাবেই তামুলপুৰৰ এখন হাইস্কুলত উত্তপ্ত পৰিস্থিতি

লম্পট শিক্ষক হাইদৰ আলীৰ কু-কাণ্ড। তামুলপুৰৰ এখন হাইস্কুলত হাইদৰ আলীৰ কু-কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি।  শ শ উত্তেজিত ৰাইজে ঘেৰাও কৰিলে এপিজি আব্দুল কালাম বিদ্যালয়।

Advertisment

Read More- GSTৰ বাহিৰেও অসমৰ মানুহে আৰু কি টেক্স দিয়ে?

গুৰু- শিষ্যৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে এগৰাকী শিক্ষকে। শিক্ষক জনৰ নাম হৈছে হাইদৰ আলী। শিক্ষকৰূপী হাইদৰ আলীৰ কু-কীৰ্তি জানিলে আচৰিত হ'ব আপুনিও। 

Read More- ৰাভা হাছঙৰ বৰদুৱাত ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতা হাজাৰ হাজাৰ লোকৰ

হাইদৰ আলী হৈছে তামুলপুৰৰ এপিজি আব্দুল কালাম বিদ্যালয়ৰ শিক্ষক । লম্পট শিক্ষক হাইদৰ আলীৰ বিৰুদ্ধে এগৰাকী কনমাণি ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন  হৈছে। Read 

Advertisment

Read More- দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ ৩০০কৈ টকা... মুকলি হ'ল 'প্ৰেৰণা' আঁচনি

পৰীক্ষা হলতে এগৰাকী কনমাণি ছাত্ৰীক যৌন নিৰ্যাতন চলাইছিল হাইদৰ আলীয়ে। তাৰ পাছতে শিক্ষকৰূপী লম্পট হাইদৰ আলীৰ সমগ্ৰ কু-কীৰ্তিৰ কথা অভিভাৱকক অৱগত কৰিছিল সপ্তম শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰী গৰাকীয়ে। সমগ্ৰ ঘটনা ছাত্ৰী গৰাকীয়ে নিজ মাতৃক অবগত কৰাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে ।

Read More- বন্ধ হ’ব বহু বিবাহ... ৰাষ্ট্ৰপতি স্বাক্ষৰৰ পিছতেই আইনলৈ ৰূপান্তৰ হ’ব বহু বিবাহ প্ৰতিৰোধী বিধেয়ক

Advertisment

উত্তেজিত ৰাইজে আহি বিদ্যালয় খনত উপস্থিত হয় আৰু বিদ্যালয়খন ঘেৰাও কৰে। পৰিস্থিতি উত্তপ্ত হোৱা দেখি আধাতে পৰীক্ষা সামৰি পলাই পত্ৰং দিয়ে লম্পট শিক্ষক হাইদৰ আলীয়ে।

Read More- পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত UCC আনিমঃ মুখ্যমন্ত্ৰী

হাইদৰ আলীৰ এনে কু-কাণ্ডই লজ্জানত কৰিছে সকলোকে। সপ্তম শ্ৰেণীত অধ্যয়ণৰত এগৰাকী কনমাণি ছাত্ৰীৰ সৈতে লম্পট শিক্ষক হাইদৰ আলীয়ে কৰা কু-কাণ্ডই সকলোকে আচৰিত কৰিছে। ইয়াৰ পাছতে এতিয়া হাইদৰ আলীৰ এই কাণ্ডৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰিছে ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।

Read More- আকৌ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস, JEত মৃত্যু ৰূপহীহাটৰ আনোৱাৰ হুছেইন

Advertisment

আনহাতে ইয়াৰ পূৰ্বেও লম্পট শিক্ষক হাইদৰ আলীয়ে কেইবাগৰাকীও কনমাণি ছাত্ৰীৰ লগত এনে কু কৰ্ম  সংঘটিত কৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে।


Advertisment
Advertisment