Advertisment

GSTৰ বাহিৰেও অসমৰ মানুহে আৰু কি টেক্স দিয়ে?

GSTৰ বাহিৰেও অসমৰ মানুহে আৰু এটা টেক্স দিব লাগে, সেয়া হৈছে মামী টেক্স। অসমৰ ইতিহাসত আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্য়মন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান অসমত মামীক চান্দা নিদিয়াকৈ কোনোধৰণৰ কাম নহয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিস্ফোৰণ। 

 Filephoto
Filephoto

GSTৰ বাহিৰেও অসমৰ মানুহে আৰু কি টেক্স দিয়ে?
গৌৰৱ গগৈৰ বিস্ফোৰণ!

GSTৰ বাহিৰেও অসমৰ মানুহে আৰু এটা টেক্স দিব লাগে, সেয়া হৈছে মামী টেক্স। অসমৰ ইতিহাসত আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্য়মন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান অসমত মামীক চান্দা নিদিয়াকৈ কোনোধৰণৰ কাম নহয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিস্ফোৰণ। 

Advertisment

Read More- ৰাভা হাছঙৰ বৰদুৱাত ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতা হাজাৰ হাজাৰ লোকৰ

অসমৰ ইতিহাসত আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্য়মন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। GSTৰ বাহিৰেও অসমৰ মানুহে আৰু এটা টেক্স দিব লাগে, সেয়া হৈছে মামী টেক্স। গুৱাহাটীৰ প্ৰতিগৰ মানুহৰ ঘৰত আজিকালি মামীৰ কথা চৰ্চা হয়। আপোনালোকে যিটোক  টেক্স বুলি কয় আমি অসমৰ মানুহে সেইটোক চান্দা বুলি কও। অসমত চান্দা তোলা এটা সংস্কৃতি আছে। বিহুৰ আয়োজনৰ নিচিনা ভাল কামত অসমত চান্দা তোলা হয়। কিন্তু বিগত ৫ বছৰে মামীক চান্দা নিদিয়াকৈ কোনোধৰণৰ কাম নহয়। 

আমি অসমৰ প্ৰতিঘৰ মানুহে এইবিলাক কথা পাতিয়েই থাকো। কিন্তু ঘৰত পতা কথাবিলাক এতিয়া বাহিৰলৈ গৈছে। এই কথাবিলাকে আমাক এতিয়া লজ্জানত কৰিছে। আৰু এতিয়া এই মামী টেক্সৰ পৰা আমাক পৰিত্ৰাণ লাগে। 

Read More- মগনীয়াক দিয়াৰ দৰে দিলে নহ'ব...পূৰ্ণ পৰ্যায়ৰ চাকৰিৰ দাবীৰে অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিস্ফোৰক সংবাদমেল। সংবাদমেলত গৌৰৱ গগৈয়ে কয়,- আমি বিচাৰো সমগ্ৰ দেশত অসমৰ গৰিমা, অসমৰ সংস্কৃতি,  অসমৰ ইতিহাস, অসমৰ ৰাজনীতি, অসমৰ স্থানীয় উদ্যোগক লৈ চৰ্চা হওক। দেশৰ বিকাশত অসমৰ অৰিহণা কিমান ইয়াক লৈ চৰ্চা হওক। কিন্তু অসমৰ বাহিৰত আজিকালি অসমৰ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী জনক লৈহে চৰ্চা হয়। 

Read More- দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ ৩০০কৈ টকা... মুকলি হ'ল 'প্ৰেৰণা' আঁচনি

আনহাতে গৌৰৱ গগৈয়ে কয়, - কিছুমান মিছা ভিডিঅ' বনাই বিজেপিয়ে আমাৰ মানুহখিনিক হাৰাশাস্তি কৰিছে। কিন্তু এইটো কথা মই সদায় কম যে অসমৰ ইতিহাসত আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্য়মন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। আমাৰ কিছুমান মানুহত আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে। কিন্তু গ্ৰেপ্তাৰ কৰিলেই সছাবোৰ মিছা হৈ নাযায়। সছা কথা কোনেও লুকাব নোৱাৰে। অসমৰ ইতিহাসত আৰু বৰ্তমান দেশৰ ভিতৰতেই আটাইতকৈ বেছি ভ্ৰস্ত মুখ্যমন্ত্ৰীজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা।

Advertisment
Advertisment