Advertisment

১৮ মহীয়া আয়াজ আজিলে গঢ়িলে ৰেকৰ্ড

১৮ মহীয়া আয়াজ আজিলে গঢ়িলে ৰেকৰ্ড। ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰে গৌৰৱ কঢ়িয়াই আনিলে আয়াজ আজিলে। দেৱ শিশুৰ বিস্ময়ক প্ৰতিভাত এতিয়া গৌৰৱান্বিত সকলো।

 ১৮ মহীয়া আয়াজ আজিলে গঢ়িলে ৰেকৰ্ড Photograph: (DY365)
১৮ মহীয়া আয়াজ আজিলে গঢ়িলে ৰেকৰ্ড Photograph: (DY365)

১৮ মহীয়া আয়াজ আজিলে গঢ়িলে ৰেকৰ্ড

১৮ মহীয়া আয়াজ আজিলে গঢ়িলে ৰেকৰ্ড। ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰে গৌৰৱ কঢ়িয়াই আনিলে আয়াজ আজিলে। দেৱ শিশুৰ বিস্ময়ক প্ৰতিভাত এতিয়া গৌৰৱান্বিত সকলো।

Advertisment

মাত্ৰ ডেৰ বছৰ বয়সতে আয়াজ আজিলে গঢ়িলে ৰেকৰ্ড। ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰে গৌৰৱ কঢ়িয়ালে আয়াজ আজিলে। বিশেষ স্বীকৃতিৰে ১৮ মহীয়া আয়াজ আজিলে নগাঁৱৰ লগতে সমগ্ৰ অসমলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হয়। নগাঁৱৰ ছুহাইল আনোৱাৰ চৌধুৰী আৰু ৰৌজানা মমতাজৰ সন্তান আয়াজ আজিল।

Also Read: ব্যস্ততাৰে ভৰা জীৱনৰ কোলাহলৰ পৰা আঁতৰি...

কম সময়ৰ ভিতৰত আয়াজে ক’ব পাৰে কেইবাখনো দেশ, বাহনৰ নাম। ১৮ মহীয়া আয়াজ অজিলে পাঁচ মিনিটতে ৪৫খন দেশৰ নাম, ২৭খন বাহনৰ নাম, ২৪টা প্ৰাণীৰ নাম, ২৩টা ঘৰুৱা সামগ্ৰী, ১৪টা ৰাষ্ট্ৰীয় চিহ্ন, ৮টা গ্ৰহ, ২৫টা সাধাৰণ জ্ঞান, ইংৰাজী বৰ্ণমালা আৰু ১ পৰা ৫০লৈকে মাত্ৰ পাঁচ মিনিটতে ক'বলৈ সক্ষম হোৱাত আয়াজ আজিলে অর্জন কৰিলে এই খিতাপ। 

Also Read: চিয়াং নৈৰ পাৰত সেউজ বিপ্লৱ

১৮ মহীয়া থুনুক-থানাক মাতেৰেই ইতিমধ্যে আয়াজ অজিলে আজুৰিছে কেইবাটাও বঁটা। ১৫ মাহ বয়সতে অসম বুক অফ ৰেকৰ্ডৰ স্বীকৃতিও পাইছে আয়াজ আজিলে। ১৫ মাহ বয়সতে অসম বুক অফ ৰেকৰ্ড, Young Achiever Olympaid, Super kid Awardৰ লগতে আৰু কেইবাটাও বঁটা লাভ কৰে।


উল্লেখ্য যে, আয়াজ অজিলৰ পিতৃ-মাতৃ ছুহাইল আনোৱাৰ চৌধুৰী আৰু ৰৌজানা মমতাজৰ ঘৰ ৰূপহীহাটৰ কাঠপাৰা গাঁৱত যদিও কৰ্মসূত্ৰে থাকে নগাঁৱৰ ডিমৰুগুৰিত। বৰ্তমান ১৯মহীয়া দেৱ শিশুৰ এই বিস্ময়ক প্ৰতিভাত গৌৰৱাম্বিত পিতৃ-মাতৃ। কণমানি আয়াজ অজিলৰ এই বিশেষ স্বীকৃতিত আনন্দিত অঞ্চলবাসী। সকলোৱে আয়াজ অজিলক জনাইছে মাৰম আৰু শুভকামনা।  

Advertisment
Advertisment