Assameseবিহাৰ হেৰুৱালে ক্ষমতাচ্যুত হ'ব নেকি বিজেপি? নিৰ্বাচনৰ পূৰ্বে ৰে'ল প্ৰকল্পৰ বাবে বিহাৰলৈ ৩,১৬৯ কোটি টকাৰ অনুমোদন কেন্দ্ৰৰ!বিহাৰ হেৰুওৱাৰ ভয়ত কঁপিছে NDA নেতৃত্বাধীন বিজেপি চৰকাৰ। সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত যাদু দেখুৱাব নোৱাৰিলে শক্তি হ্ৰাস পোৱাৰ ভয়ত ত্ৰস্তমান বিজেপি। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰলৈ বিজেপিৰ নিৰ্বাচনী টোপ। Naba Gogoi Sep 10, 2025 18:39 ISTবিহাৰ হেৰুৱালে ক্ষমতাচ্যুত হ'ব নেকি বিজেপি? Photograph: (INTERNET)বিহাৰ হেৰুওৱাৰ ভয়ত কঁপিছে NDA নেতৃত্বাধীন বিজেপি চৰকাৰ। সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত যাদু দেখুৱাব নোৱাৰিলে শক্তি হ্ৰাস পোৱাৰ ভয়ত ত্ৰস্তমান বিজেপি। ইফালে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ তথা বিৰোধীৰ ভোটাৰ অধিকাৰ যাত্ৰাত বিপুল সমাগমেও মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে NDAৰ। যাৰ বাবে কেন্দ্ৰীয় বাজেটত কেন্দ্ৰৰ কেৱল মাত্ৰ বিহাৰ উন্নয়নৰ কথা। বিহাৰ বিধানসভা নিৰ্বাচনে দেশৰ ৰাজনীতিত ল'ব গুৰুত্বপূৰ্ণ ভূমিকা। বিহাৰৰ পিছত অহা বছৰ পশ্চিম বংগতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ আগতে কেন্দ্ৰীয় কেবিনেট বৈঠকত বিশেষ কৈ বিহাৰ আৰু পশ্চিম বংগৰ বাবে ৰে'ল প্ৰকল্পৰ বাবে ধন আবণ্টনত অনুমোদন জনোৱাতো যথেষ্ট তাৎপৰ্যপূৰ্ণ।Advertismentনিৰ্বাচনমুখী বিহাৰলৈ ৰে’ল প্ৰকল্পৰ বাবে বৃহৎ পুঁজি আবণ্টনত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। ভাগলপুৰ-ডুমকা-ৰামপুৰহাট ৰে’লপথত ‘ডাবল লাইন’ৰ কামৰ বাবে ৩,১৬৯ কোটি টকা আবণ্টনত অনুমোদন কেন্দ্ৰ। উল্লেখ্য যে ভাগলপুৰ-ডুমকা-ৰামপুৰহাট ৰে’লপথত বৰ্তমান মাত্ৰ এটা ৰে'লপথ আছে। এই ৰে'লপথটো সম্প্ৰসাৰণ কৰি ‘ডাবল লাইন’লৈ ৰূপান্তৰিত কৰাৰ কাম চলি আছে। কেন্দ্ৰীয় চৰকাৰৰ মতে বিহাৰৰ লগতে পশ্চিম বংগ আৰু ঝাৰখণ্ডো এই প্ৰকল্পৰ দ্বাৰা উপকৃত হ’ব।মনকৰিবলগীয়া বিষয় যে বিহাৰৰ মুঠ ১৭৭ কিলোমিটাৰ ৰে'লপথ ডাবল লাইনযুক্ত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে লৈছে এই পদক্ষেপ। ইয়াৰে ১৭৭ কিঃমিঃৰ প্ৰায় ৪৭ কিলোমিটাৰ ৰে'লপথ আছে পশ্চিম বংগত। সমাগত নিৰ্বাচন প্ৰাকক্ষণত উভয় ৰাজ্যত এই কামৰ বাবে কেন্দ্ৰীয় কেবিনেটে ৩,১৬৯ কোটি টকা আবণ্টন দিবলৈ অনুমোদন জনাইছে এক গুলীত দুই চিকাৰ কৰিব বিচাৰিছে। দৰাচলতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে কেন্দ্ৰীয় কেবিনেট বৈঠকত এই ৰে'ল প্ৰকল্পৰ বাবে ধন আবণ্টন দিয়া বিষয়টোৱে যথেষ্ট তাৎপৰ্যপূৰ্ণ বহন কৰিছে। বিহাৰলৈ ধন আৱন্টন দিয়াক লৈ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, 'এই প্ৰকল্পৰ বাবে ৩,১৬৯ কোটি টকাৰ বিনিয়োগ হ'ব। বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগক সংযোগ কৰাৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ প্ৰকল্প'। কেন্দ্রীয় চৰকাৰে দাবী কৰা অনুসৰি এই প্ৰকল্পৰ দ্বাৰা তিনিখন ৰাজ্যৰ প্রায় ৪৪১খন গাঁৱৰ ২৮ লাখৰো অধিক লোক উপকৃত হ’ব৷ইয়াৰ লগতে আলোচনাৰ বিষয় এয়ে যে বিহাৰত কিং মেকাৰ নীতিশ কুমাৰক সন্তুষ্ট কৰিবলৈ বহু সময়ত চেষ্টা কৰি আহিছে চৰকাৰে। পূৰ্বে মোদী চৰকাৰৰ পূৰ্ণাংগ বাজেটত দুই কিং মেকাৰ নীতিশ-নাইডুৰ বাবে চৰকাৰে আন ৰাজ্যক মাহী আইৰ চকুৰে চাই এই দুই ৰাজ্য বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প মুকলি কৰি দিছিল। সেয়া যদিও লোকসভা নিৰ্বাচনৰ বাবে আছিল কিন্তু এয়া হ'ল বিধানসভা নিৰ্বাচন। যদিও বিধানসভা নিৰ্বাচন বিহাৰ বিজেপি বা NDAৰ দখলত থকাটো অতিকৈ জৰুৰী। ফলত বিহাৰবাসীৰ মন জয় কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে পাৰে মানে চেষ্টা অব্যাহত ৰাখিছে। বিহাৰৰ ২৪৩খন আসনৰ বাবে অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী টোপে কি ফল দেখুওৱাব সেয়া হ'ব লক্ষনীয়। Read the Next Article