Advertisment

জোনাইত সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতা

ধেমাজিৰ জোনাইত দুদিনীয়াকৈ অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতা। বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম ভিত্তিত 'MR. & MS ASSAM' দেহশ্ৰী প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকী পুৰুষ আৰু মহিলা শৰীৰ চৰ্চাবিদে অংশগ্ৰহণ কৰে।

 জোনাইত সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতা Photograph: (DY365)
জোনাইত সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতা Photograph: (DY365)

জোনাইত সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতা


কোনে জিনিলে শ্ৰেষ্ঠত্বৰ খিতাপ?


ধেমাজিৰ জোনাইত দুদিনীয়াকৈ অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতা। বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম ভিত্তিত 'MR. & MS ASSAM' দেহশ্ৰী প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকী পুৰুষ আৰু মহিলা শৰীৰ চৰ্চাবিদে অংশগ্ৰহণ কৰে। জোনাইৰ মুৰ্কংচেলেক মিনি কৃষ্টি ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাৰ।

Advertisment

মুঠ ১৭টা শাখাত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত এই দেহশ্ৰী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত কোনে কোনে লাভ কৰিলে জয়ৰ খিতাপ। 

পুৰুষৰ শাখাত মিষ্টাৰ অসমৰ খিতাপ জয় কৰে জোনাইৰ কিৰণ টায়েঙে। তিনিচুকীয়াৰ মামণি দাসে মহিলাৰ শাখাত মিছ আছামৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

মহিলাৰ ফিটনেছ মডেলত চেম্পিয়ন হয় সুকন্যা দত্ত। পুৰুষৰ ফিজিক শাখা আৰু জুনিয়ৰত খিতাপ অৰ্জন কৰে কৃতি চন্দ্ৰ গগৈয়ে। ক্লাছিক ব’ডী বিল্ডিঙত ন্যাগে টাপৰিয়াই লাভ কৰে খিতাপ। মুজাহিদুল ইছলামে মাষ্টাৰ্ছ ব’ডী বিল্ডিঙত বিজয়ীৰ খিতাপ অৰ্জন কৰে। ষ্টাৰ কেটেগৰীত পাপু কান্তিয়ে অৰ্জন কৰে শ্ৰেষ্ঠত্বৰ খিতাপ। খিতাপ লাভ কৰি আনন্দিত হৈ পৰে প্ৰতিযোগীসকল। ইমানদিনে কৰি অহা কষ্ট সাৰ্থক হোৱা বুলি মন্তব্য কৰে থিতাপ অৰ্জনকাৰীসকলে। 

দেওবাৰে সফল সামৰণি পৰা দেহশ্ৰী প্ৰতিযোগিতাখন AAPSA/IFBB/ IBBFFৰ তত্বাৱধানত আৰু জোনাই চিয়াং ফিটনেছ চেণ্টাৰৰ সহযোগত অসম ভিত্তিত দুদিনীয়াকৈ অনুষ্ঠিত হয়। 

দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ভুৱন পেগু। লগতে উপস্থিত থাকে AAPSAৰ সভাপতি গৌতম কলিতা, সম্পাদক কুশল চাংমাই আৰু IFBB/IBBFFৰ কেইবাগৰাকীও কেন্দ্ৰীয় প্ৰতিনিধিবৰ্গ। 

Advertisment
Advertisment