Advertisment

সপোন পূৰণ নহ'ব নেকি ৰোহিত-কোহলীৰ? কঠোৰ BCCI !

অনিশ্চয়তাৰ দিশে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ক্ৰিকেট কেৰিয়াৰ। ঘৰুৱা ক্ৰিকেটত ব্যৰ্থ হলেই অন্ত হ'ব পাৰে দুই তাৰকাৰ কেৰিয়াৰ। ২০২৭ চনৰ বিশ্বকাপ খেলাকলৈও নাই কোনো নিশ্চয়তা।

 filephoto
filephoto

সপোন পূৰণ নহ'ব নেকি ৰোহিত-কোহলীৰ? কঠোৰ BCCI !

অনিশ্চয়তাৰ দিশে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ক্ৰিকেট কেৰিয়াৰ। ঘৰুৱা ক্ৰিকেটত ব্যৰ্থ হলেই অন্ত হ'ব পাৰে দুই তাৰকাৰ কেৰিয়াৰ। ২০২৭ চনৰ বিশ্বকাপ খেলাকলৈও নাই কোনো নিশ্চয়তা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পূৰ্বেই ভাৰতীয় ক্ৰিকেটত দেখিবলৈ পোৱা গৈছে বৃহৎ পৰিৱৰ্তন। 

Advertisment

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল।  কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল টীম ইণ্ডিয়াৰ অধিনায়ক সলনি। ৰোহিত শৰ্মাক আতৰাই শুভমন গিলক হাতত অৰ্পন কৰা হ'ল টীম ইণ্ডিয়াৰ বাঘজৰী। এতিয়াৰে পৰা টেষ্ট আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে টীম ইণ্ডিয়াক নেতৃত্ব দিব গিলে। অৱশ্যে ১৫ জনীয়া ভাৰতীয় দলটোত অন্তৰ্ভুক্ত কৰা হৈছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক। শুভমন গিলক এদিনীয়া দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ লগতে তাৰকা মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰক এদিনীয়া দলৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ২০২৭ চনৰ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি শুভমন গিলক অধিনায়ক হিচাপে এডজাষ্ট হ'বলৈ আৰু বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাবলৈ এই সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছে মুখ্য নিৰ্বাচক অজিত আগৰকাৰে। 

ৰোহিত শৰ্মা হৈছে ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম সফল অধিনায়ক। মহেন্দ্ৰ সিং ধোনীৰ পাছতে ভাৰতৰ হৈ আটাইতকৈ বেছি ICC ট্ৰফী জয় কৰা অধিনায়কজনেই হৈছে ৰোহিত শৰ্মা। ৰোহিত শৰ্মাৰ অধিনায়কত্বতেই শেহতীয়াভাৱে টীম ইণ্ডিয়াই ২০২৪ চনৰ টি-২০ বিশ্বকাপ আৰু ২০২৫ চনৰ ICC চেম্পিয়নছ ট্ৰফী আজুৰি আনিবলৈ সক্ষম হৈছিল। ২০২৫ৰ মাৰ্চ মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলখনেই আছিল অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ কেৰিয়াৰৰ অন্তিমখন খেল। 

কেৱল অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াই নহয়, ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক ঘৰুৱা ক্ৰিকেট খেলিবলৈও পৰামৰ্শ দিছে অজিত আগৰকাৰে। ব’ৰ্ডে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰি একপ্ৰকাৰ সকীয়াই দিছে যে যদিহে দুয়োগৰাকী প্ৰবীণ খেলুৱৈয়ে ঘৰুৱা ক্ৰিকেট নেখেলে তেন্তে ২০২৭ চনৰ বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰা নহ’ব।


৫ অক্টোবৰৰ সংবাদমেলত মুখ্য নিৰ্বাচক অজিত আগৰকাৰে কয় যে, বাছনি প্ৰক্ৰিয়া এতিয়া সম্পূৰ্ণৰূপে প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি কৰা হ’ব। আমি খেলুৱৈসকলক স্পষ্টভাৱে কৈছো যে, যেতিয়া তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে তেতিয়া তেওঁলোকে ঘৰুৱা ক্ৰিকেট খেলিব লাগিব। এই নিয়ম সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ’ব। 

লগতে আগৰকাৰে লগতে কয় যে বিজয় হাজাৰে ট্ৰফীৰ দৰে প্ৰতিযোগিতা এতিয়া ভাৰতীয় দললৈ নিৰ্বাচনৰ মূল মাপকাঠী হ’ব। অৰ্থাৎ এতিয়াৰে পৰা কেৱল নাম বা অভিজ্ঞতাই নহয়, শেহতীয়া অন-ফিল্ড প্ৰদৰ্শনেহে খেলুৱৈৰ স্থান নিৰ্ধাৰণ কৰিব। আনহাতে যোৱা কেইবছৰমানৰ পৰা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই প্ৰায়ে জিৰণি লোৱা বা বিৰতি লোৱা দেখা গৈছে। এই সময়ছোৱাত তেওঁলোকে ঘৰুৱা ক্ৰিকেটৰ পৰাও আঁতৰি আছিল। কিন্তু বিচিচিআইয়ে এতিয়া স্পষ্ট কৰি দিছে যে কোনো খেলুৱৈয়েই, নিজৰ নাম যিমানেই ডাঙৰ নহওক কিয়, ঘৰুৱা ক্ৰিকেটৰ পৰা আতৰি থাকিব নোৱাৰে।

অৰ্থাত ২০২৭ চনৰ বিশ্বকাপ খেলিবলৈ হ'লে বিৰাট আৰু ৰোহিতে ঘৰুৱা ক্ৰিকেটত নিজকে প্ৰমাণ কৰিব লাগিব। কাৰণ দুয়োগৰাকী খেলুৱৈয়ে বৰ্তমান কেৱল এদিনীয়া ক্ৰিকেটতহে খেলে। কিন্তু নিৰ্বাচকৰ স্পষ্ট বাৰ্তা যে দলত স্থান লাভ কৰিবলৈ হলে প্ৰদৰ্শন কৰিব লাগিব।