Assameseচিয়াং নৈৰ পাৰত সেউজ বিপ্লৱচিয়াং নৈৰ পাৰত সেউজ বিপ্লৱ। কৃষি কাৰ্যৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে জামপানীৰ কৃষিজীৱী ৰাইজে। প্ৰায় দুই শতাধিক কৃষকে শ শ হেক্টৰ মাটিত কৃষি কাৰ্যৰে উপাৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে। Jyotiprasad Sarma Dec 28, 2025 09:54 ISTচিয়াং নৈৰ পাৰত সেউজ বিপ্লৱ Photograph: (DY365)চিয়াং নৈৰ পাৰত সেউজ বিপ্লৱচিয়াং নৈৰ পাৰত সেউজ বিপ্লৱ। কৃষি কাৰ্যৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে জামপানীৰ কৃষিজীৱী ৰাইজে। প্ৰায় দুই শতাধিক কৃষকে শ শ হেক্টৰ মাটিত কৃষি কাৰ্যৰে উপাৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে। Advertismentঅসম-অৰুণাচল সীমান্তৱৰ্তী চিয়াং নৈ পাৰৰ জামপানী অঞ্চলত গঢ় লৈ উঠিছে এক সেউজ বিপ্লৱ। অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াং জিলাত অৱস্থিত এই জামপানীৰ উৰ্বৰা মাটিত অসমৰ লগতে অৰুণাচল প্ৰদেশৰ প্ৰায় দুই শতাধিক কৃষকে শ শ হেক্টৰ মাটিত কৃষি কাৰ্যৰে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।Also Read: ৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুকএই অঞ্চলৰ কৃষকসকলে আলু, সঁৰিয়হ, তিল আদি নানান শস্যৰ খেতি কৰি বছৰ বছৰ ধৰি জীৱন নিৰ্বাহ কৰি আহিছে। খৰালি আৰু বাৰিষা দুয়োটা কালতে কৃষি কাৰ্যৰে শস্য উৎপাদন অব্যাহত ৰাখিছে। নিজা সাঁচতীয়া ধনেৰে ব্যৱসায়িক ভিত্তিত কৃষি কৰি উপাৰ্জনৰ পথ মুকলি কৰি আহিছে এইসকল কৃষকে।Also Read: আৰক্ষীৰ অত্যাচাৰে শেষ কৰিলে ৰছিদুল হকৰ জীৱন!আনহাতে, জামপানী অঞ্চল অসম-অৰুণাচল সীমান্তৰ অৰুণাচল প্ৰদেশত অৱস্থিত হোৱাৰ ফলত দুয়োখন ৰাজ্যৰ পৰা কোনো চৰকাৰী সাহাৰ্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষকসকলে। ফলত নিজা গাঁঠিৰ ধন ভাঙি বহু কষ্টৰ মাজেৰে কৃষি কাৰ্য চলাই যাবলগীয়া হৈছে বুলি জানিব দিয়ে এইসকল কৃষক ৰাইজে। জামপানীত উৎপাদিত শস্যসমূহ অসমৰ ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, চিলাপথাৰ আদিৰ উপৰিও অৰুণাচল প্ৰদেশৰ পাচিঘাট, ইটানগৰ, আলং আদি বিভিন্ন স্থানলৈ ৰপ্তানি কৰে। বহু কষ্টৰ মাজেৰে শস্য উৎপাদনৰ পিছতো শস্যৰ উচিত মূল্য নোপোৱাৰ বাবে বহু সময়ত লোকচানৰ সন্মুখীনও হ’বলগীয়া হয় বুলি খেতিয়কসকলে জানিবলৈ দিয়ে।AdvertismentAdvertisment Read the Next Article