Assameseআৰক্ষীৰ অত্যাচাৰে শেষ কৰিলে ৰছিদুল হকৰ জীৱন!বিলাসীপাৰাৰ খুদনামাৰীত চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি এজন কিশোৰে আত্মহত্যা কৰাৰ অভিযোগ। মৃতদেহ সম্মুখত লৈ স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ। আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য।Mrinmoy Talukdar Dec 27, 2025 18:03 ISTFilephotoআৰক্ষীৰ অত্যাচাৰে শেষ কৰিলে ৰছিদুল হকৰ জীৱন!বিলাসীপাৰাৰ খুদনামাৰীত চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি এজন কিশোৰে আত্মহত্যা কৰাৰ অভিযোগ। মৃতদেহ সম্মুখত লৈ স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ। আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য।AdvertismentRead More- প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ-মুখ্যমন্ত্ৰীএইবাৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে এক ভয়ংকৰ অভিযোগ। আৰক্ষীৰ অত্যাচাৰৰ বাবেই এজন কিশোৰে এইবাৰ আত্মহত্যাৰ নিচিনা চৰম পন্থা বাছি লোৱাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। তাৰ পাছতেই মৃতদেহ লগত লৈ সাপটগ্ৰাম আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে।Read More- মিত্ৰতাৰ ভিত্তিবৰ্ষ ২০২১! অগপক লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে?বিলাসীপাৰাৰ খুদনামাৰী ২য় খণ্ডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। উল্লেখ্য যে আৰক্ষীৰ ধাৰাবাহিক অত্যাচাৰ সহিব নোৱাৰি গাঁও খনৰ ৰছিদুল হক নামৰ কিশোৰ জনে আজি পুৱাৰ ভাগত আত্মহত্যাৰ পথ বাছি লয়। সহজ সৰল কিশোৰ জনে এনে চৰম পন্থা বাচি লোৱাৰ পিছতে জাঙুৰ খাই উঠে অঞ্চলবাসী ৰাইজ। তাৰ পাছতেই মৃতদেহ লৈ সাপটগ্ৰাম আৰক্ষী হায় হায়, আৰক্ষী বিষয়া ৰিদিপ ৰায় মুৰ্দাবাদ, ৰিদিপ ৰায়ক নিলম্বন কৰক, আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। Read More- সাৱধান! সুৰাপান কৰি বাহন চলালেই বাতিল হ’ব লাইচেঞ্চঅভিযোগ অনুসৰি, কিছুদিন পূৰ্বে ৰছিদুল হক নামৰ কিশোৰ জনে প্ৰেমজনিত এটা ঘটনাত জড়িত হৈ কেইবাদিন ধৰি জেলত থাকি অৱশেষত জেলৰ পৰা মুকলি হৈ ঘৰলৈ উভতি আহিছিল। কিন্তু জেলৰ পৰা মুক্তি পোৱাৰ পাছতো কিশোৰজনক দিনে নিশাই সাপটগ্ৰাম আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰিদীপ ৰায় আৰু সাপটগ্ৰাম আৰক্ষীয়ে মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাই আহিছিল। এই হাৰাশাস্তি আৰু অত্যাচাৰ সহিব নোৱাৰি অৱশেষত ১৭ বছৰীয়া কিশোৰ জনে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হয় বুলি জানিব পৰা গৈছে।ঘটনাটোৰ পাছতেই পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে |Read More- সময় গতিশীল...। উভতি চাওঁ ২০২৫এই প্ৰতিবাদৰ জৰিয়তে ন্যায়িক তদন্তৰ দাবী জনাইছে ৰাইজে। এই ঘটনাই আৰক্ষীৰ ভূমিকা আৰু আইন-শৃঙ্খলা ব্যৱস্থাক লৈও গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। ঘটনাৰ ৩ ঘন্টা উকলি যোৱাৰ পিছতো ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত নোহোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰিছে |AdvertismentAdvertisment Read the Next Article