Assameseব্যস্ততাৰে ভৰা জীৱনৰ কোলাহলৰ পৰা আঁতৰি...প্ৰতিবছৰে বছৰৰ শেষৰ ফালে দেখা যায় বনভোজস্থলীসমূহত বনভোজপ্ৰেমীৰ ভিৰ। এই বছৰো তাৰ ব্যতিক্ৰম নহয়। ৰাজ্যৰ ‘পিকনিক স্পট’বোৰত দেখা গৈছে উখল-মাখল পৰিৱেশ। বনভোজ খোৱা লোকেৰে ভৰি পৰিছে বনভোজস্থলীসমূহ।Jyotiprasad Sarma Dec 28, 2025 10:19 ISTপৰ্যটনস্থলীত ভিৰ বনভোজকাৰীৰ Photograph: (DY365)ব্যস্ততাৰে ভৰা জীৱনৰ কোলাহলৰ পৰা আঁতৰি...পৰ্যটনস্থলীত ভিৰ বনভোজকাৰীৰশীতৰ আগমনৰ লগে লগে আৰম্ভ হয় বনভোজৰ বতৰ। ডিচেম্বৰ আৰু জানুৱাৰী মাহত পিকনিক বা বনভোজ খোৱাৰ জোৱাৰ উঠে। ব্যস্ততাৰে ভৰা জীৱনৰ কোলাহলৰ পৰা আঁতৰি প্ৰাকৃতিক পৰিৱেশ তথা নৈসৰ্গিক পৰিৱেশৰ মাজত আনন্দ, স্ফূতিৰে এটা দিন পাৰ কৰাৰ হেঁপাহ সকলোৰে থাকে। সেয়ে আমি সকলোৱে এই সময়ছোৱাত কোনোবা এটা দিনত ওলাই যাও মনৰ হেঁপাহবোৰ উপভোগ কৰাৰ মানসেৰে বনভোজস্থলীসমূহলৈ। Advertismentপ্ৰতিবছৰে বছৰৰ শেষৰ ফালে দেখা যায় বনভোজস্থলীসমূহত বনভোজপ্ৰেমীৰ ভিৰ। এই বছৰো তাৰ ব্যতিক্ৰম নহয়। ৰাজ্যৰ ‘পিকনিক স্পট’বোৰত দেখা গৈছে উখল-মাখল পৰিৱেশ। বনভোজ খোৱা লোকেৰে ভৰি পৰিছে বনভোজস্থলীসমূহ। উচ্চস্বৰত বাজি থকা গানৰ তালে তালে নাচি-বাগি আনন্দত আত্মহাৰা হৈ পৰা দেখা গৈছে বনভোজপ্ৰেমীসকলক।Also Read: চিয়াং নৈৰ পাৰত সেউজ বিপ্লৱপ্ৰাকৃতিক শোভাৰে পৰিপূৰ্ণ বাক্সা জিলাৰ এক অন্যতম বনভোজস্থলী হ’ল মানস চৌকী। বছৰৰ শেষৰটো ৰবিবাৰে মানস চৌকীত দেখা গ’ল উৎসৱমুখৰ পৰিৱেশ। পুৱাৰে পৰাই অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকে ভৰি পৰিছে এই বনভোজস্থলীত। বনভোজকাৰীৰ উপস্থিতিয়ে মানস চৌকীৰ পৰিৱেশ উল্লাসময় আৰু সজীৱ কৰি তুলিছে। ব্যস্ততাৰে পৰিপূৰ্ণ দৈনন্দিন জীৱনত অৱসৰ বিচাৰি বছৰৰ শেষ দিনটোত চৌকীৰ বুকুত ভিৰ কৰিছে বহু বনভোজকাৰীৰ লগতে পৰ্যটকে। পাগলা আৰু দিয়া নদীৰ সংগমস্থলী মানস চৌকীৰ নৈসৰ্গিক শোভা অতি মনোমহা। পাহাৰ আৰু নৈ, নৈৰ পাৰে পাৰে বিস্তৃত এলেকাত বহু বনভোজকাৰী দলে নিজৰ নিজৰ অৱসৰ উদযাপন কৰা পৰিলক্ষিত হৈছে। কোনোৱেখেলিছে, কোনোৱে নাচিছে আন কোনোৱে আকৌ প্ৰাণ খুলি গাইছে গান। এনেদৰেই বছৰৰ শেষ ৰবিবাৰ দিনটো উদযাপনৰ বাবে লোকসকল উপস্থিত হয় মানস চৌকীত৷Also Read: ৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুকইফালে, পুৰণিক বিদাই দি নতুন বছৰক আদৰাৰ প্ৰাকক্ষণত কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পৰ্যটকৰ সংখ্যা৷ কাজিৰঙাৰ সৰ্বত্ৰ দেখা পোৱা গৈছে পৰ্যটকৰ সমাগম৷ শীতৰ সময়ছোৱাত অৱসৰ বিনোদনৰ লগতে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ অহা পৰ্যটকক লৈ জীপছীৰ লানি নিছিঙা শাৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশ পথত৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ চাৰিওটা বনাঞ্চলতে দেখা পোৱা গৈছে পৰ্যটকৰ ভিৰ৷ ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি আনন্দিত হৈ পৰা দেখা গ'ল পৰ্যটকক৷ আনহাতে পৰ্যটকৰ আগমনত আনন্দিত স্থানীয় বাসিন্দাও। সকলোৰে আশা পৰ্যটকৰ বিপুল সঁহাৰিয়ে কাজিৰঙাৰ পৰ্যটনথলীক আৰু সমৃদ্ধিশালী কৰি তুলিব৷AdvertismentAdvertisment Read the Next Article