Advertisment

অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন

আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন। পুৱাই ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচী অংশগ্ৰহণ প্ৰধানমন্ত্ৰীগৰাকীৰ। ব্ৰহ্মপুত্ৰৰ বুকুত চৰাইদেউ -২ (Charaidew II) জাহাজত উঠি প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচী।  

 ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজত উঠি প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ Photograph: (DY365)
ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজত উঠি প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ Photograph: (DY365)

ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজত উঠি প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’


আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন। পুৱাই ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচী অংশগ্ৰহণ প্ৰধানমন্ত্ৰীগৰাকীৰ। ব্ৰহ্মপুত্ৰৰ বুকুত চৰাইদেউ -২ (Charaidew II) জাহাজত উঠি প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচী। অসমত ‘পৰীক্ষা পে চৰ্চা’ৰ ব্যতিক্ৰমী কাৰ্যসূচীক লৈ ব্যাপক চৰ্চা। ৪০ মিনিটৰ ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত ২৫গৰাকী শিক্ষাৰ্থীৰ অংশগ্ৰহণ। অসমৰ ভিন্ন প্ৰান্তৰ পৰা বাছনি কৰা হৈছে মেধাৱী শিক্ষাৰ্থীসকলক। 

Advertisment

এই অনুষ্ঠানৰ পিছতেই বৰাগাঁৱৰ ছহিদ স্মাৰকলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰথমবাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি যাচিব অসম আন্দোলনৰ ছহিদক। 

ইয়াৰ পিছতে গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী যাব ডিব্ৰুগড় আৰু নামৰূপলৈ। নামৰূপত সাৰ কাৰখানাৰ ভূমিপূজন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। সন্ধিয়া ভ্ৰমণ সামৰি পোনে পোনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উৰা মাৰিব দিল্লীলৈ। 

দুদিনীয়া কাৰ্যসূচীৰে ২০ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমানবন্দৰত নতুন টাৰ্মিনেল উন্মোচন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে বৰঝাৰৰ পৰা বাজপেয়ী ভৱনলৈ যোৱাৰ পথত ৰোড শ্ব’ত অংশগ্ৰহণ কৰে মোদীয়ে। লখৰাৰ পৰা ৰোড শ্ব’ কৰি বাজপেয়ী ভৱনত উপস্থিত হয় প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীগৰাকীক চাবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে অগণন লোকে ভিৰ কৰা দেখা গ’ল। পথৰ দাঁতিত প্ৰদৰ্শিত হয় অসমৰ কলা-সংস্কৃতি। প্ৰথমবাৰৰ বাবে বাজপেয়ী ভৱনত প্ৰৱেশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। বাজপেয়ী ভৱনত বিজেপি নেতা-কৰ্মীৰে চমু বৈঠকত মিলিত হয় মোদী। ‘মন কী বাত’ত টিফিন বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ। কেৱল শ্লোগানতে সীমাবদ্ধ নাথাকি কাম কৰি যাবলৈ নিৰ্দেশ মোদীৰ। দুৰ্নীতিমুক্ত অসম, দুৰ্নীতিমুক্ত ভাৰত শ্লোগানেৰে কামত গুৰুত্ব দিবলৈ নিৰ্দেশ। বিজেপিৰ কৰ্মকৰ্তাক আগন্তুক নিৰ্বাচনী ইচ্ছ্যু কি বুলিও প্ৰধানমন্ত্ৰীৰ প্ৰশ্ন। চৰকাৰী উন্নয়নমূলক আঁচনিক ইচ্ছ্যুৰূপে লৈ আগবাঢ়ি যোৱাৰ নিৰ্দেশ। ৰাজ্যৰ প্ৰতিটো বুথতে উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণৰ নিৰ্দেশ নৰেন্দ্ৰ মোদীৰ। 
ৰাজ্যৰ মূল ভোটাৰৰ আশা–আকাংশাক গুৰুত্ব দিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ। প্ৰসংগত সন্দেহযুক্ত লোকৰ বিৰুদ্ধে চলা উচ্ছেদ অভিযানক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বৈঠকৰ পিছত কইনাধৰালৈ যায় প্রধানমন্ত্ৰী মোদী। কইনাধৰাৰ ১নং ৰাজ্যিক অতিথিশালাত নিশা কটায় প্ৰধানমন্ত্ৰীয়ে। 

Advertisment
Advertisment