Advertisment

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিয়লি গুৱাহাটী পাবহি প্ৰধানমন্ত্ৰী। গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব মোদীয়ে।

 আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী Photograph: (DY365)

বৰঝাৰ বিমান বন্দৰত জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৰঝাৰৰ পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ হ’ব ৰোড শ্ব’। 

এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বিজেপি কাৰ্যালয়ত কাৰ্যকৰ্তাৰ সৈতে বৈঠকত মিলিত হ’ব মোদী। কইনা ধৰা ৰাজ্যিক অতিথিশালাত নিশা কটাই প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব ব্ৰহ্মপুত্ৰৰ বুকুত আয়োজিত পৰীক্ষা পে চৰ্চা অনুষ্ঠানত। 

অনুষ্ঠানৰ পাছতেই বৰাগাঁৱত নৱনিৰ্মিত ছহিদ স্মাৰক প্ৰদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে। তাৰ পিছতেই নামৰূপলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে নামৰূপ। নামৰূপলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বহু প্ৰত্যাশিত নামৰূপ সাৰকাৰখানাৰ নতুন ইউৰিয়া প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। অসম ভেলী ফাৰ্টিলাইজাৰ কেমিকেলছ কোম্পানী লিমিটেডৰ অধীনত প্ৰায় ১১ হাজৰ কোটি টকা ব্যয়ৰে ১২ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদক্ষম প্ৰকল্প হ'ব নামৰূপত।

DY365 ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত লাইভ আপডেটসমূহ অনুসৰণ কৰক।

  • Dec 21, 2025 12:34 IST

    নামৰূপত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    নামৰূপত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
    বায়ুসেনাৰ বিশেষ বিমানেৰে উপস্থিত সাৰ কাৰখানাত
    গুৱাহাটীৰ পৰা বায়ুসেনাৰ বিমানেৰে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈছিল মোদী
    ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰেৰে নামৰূপত উপস্থিত প্ৰধানমন্ত্ৰীগৰাকী

  • Dec 21, 2025 11:40 IST

    গুৱাহাটী এৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    গুৱাহাটী এৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
    বৰঝাৰ বিমানবন্দৰৰ পৰা বায়ুসেনাৰ বিমানযোগে ডিব্ৰুগড় বিমানবন্দৰলৈ ৰাওনা প্ৰধানমন্ত্ৰী
    নামৰূপত বিশাল জনসভাত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

  • Dec 21, 2025 10:57 IST

    বৰাগাঁৱৰ ছহিদ স্মাৰকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    মহানগৰীৰ বৰাগাঁৱৰ ছহিদ স্মাৰকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
    প্ৰথমবাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম আন্দোলনৰ ছহিদক 
    শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে গুৱাহাটীৰ পৰা নামৰূপলৈ যাব মোদী

  • Dec 21, 2025 10:52 IST

    প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনাব অসম আন্দোলনৰ ছহিদক

    ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীৰ পিছতে গুৱাহাটীৰ বৰাগাঁৱৰ ছহিদ স্মাৰকক্ষেত্ৰলৈ ৰাওনা মোদী
    প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনাব অসম আন্দোলনৰ ছহিদক
    শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপ্তৰ পিছতে গুৱাহাটীৰ পৰা নামৰূপলৈ যাব মোদী
    নামৰূপ সাৰ কাৰখানাৰ নতুন ইউনিটৰ স্থাপন কৰিব আধাৰশিলা
    ব্ৰাউন ফিল্ড এম’নিয়া ইউৰিয়া কমপ্লেক্সৰ স্থাপন কৰিব আধাৰশিলা 
    সন্ধিয়া ভ্ৰমণ সামৰি পোনে পোনে প্ৰধানমন্ত্ৰী উৰা মাৰিব দিল্লীলৈ

  • Dec 21, 2025 08:55 IST

    ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

    ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ
    ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজত উঠি প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’
    ব্ৰহ্মপুত্ৰৰ বুকুত চৰাইদেউ -২ জাহাজত উঠি প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচী
    ৪০ মিনিটৰ কাৰ্যসূচীত ২৫গৰাকী শিক্ষাৰ্থীৰ অংশগ্ৰহণ 
    অসমৰ ভিন্ন প্ৰান্তৰ পৰা বাছনি কৰা হৈছে মেধাৱী শিক্ষাৰ্থীসকলক
    অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দ্বিতীয়টো দিন

  • Dec 21, 2025 07:47 IST

    অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন

    অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন
    কিছু সময়ৰ পিছতে প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচী
    ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজত উঠি প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’
    সাজু কৰি তোলা হৈছে চৰাইদেউ -২ (Charaidew II) জাহাজ
    অসমত ‘পৰীক্ষা পে চৰ্চা’ৰ ব্যতিক্ৰমী কাৰ্যসূচীক লৈ ব্যাপক চৰ্চা
    ৪০ মিনিটৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ২৫গৰাকী শিক্ষাৰ্থীয়ে
    অসমৰ ভিন্ন প্ৰান্তৰ পৰা বাচনি কৰা হৈছে মেধাৱী শিক্ষাৰ্থীসকলক
    এই অনুষ্ঠানৰ পিছতেই বৰাগাঁৱৰ ছহিদ স্মাৰকলৈ যাব মোদী
    প্ৰথমবাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি যাচিব অসম আন্দোলনৰ ছহিদক
    গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী যাব ডিব্ৰুগড় আৰু নামৰূপলৈ
    নামৰূপত সাৰ কাৰখানাৰ ভূমিপূজন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
    সন্ধিয়া ভ্ৰমণ সামৰি পোনে পোনে প্ৰধানমন্ত্ৰী উৰা মাৰিব দিল্লীলৈ

  • Dec 20, 2025 17:54 IST

    জানুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    জানুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী
    কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
    ফেব্ৰুৱাৰীত গুৱাহাটী–উত্তৰ গুৱাহাটী দলং মুকলি কৰিব মোদীয়ে
    বৰঝাৰৰ সভাত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

  • Dec 20, 2025 16:57 IST

    বৰঝাৰ বিমানবন্দৰৰ পৰা বাজপেয়ী ভৱনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল ৰোড শ্ব’

    বৰঝাৰ বিমানবন্দৰৰ পৰা বাজপেয়ী ভৱনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল ৰোড শ্ব’
    ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে মোদীক চাবলৈ অগণন লোকৰ সমাগম
    বিজেপি কাৰ্যালয়ত কাৰ্যকৰ্তাৰ সৈতে বৈঠকত মিলিত হ’ব মোদী

  • Dec 20, 2025 16:19 IST

    বৰঝাৰ বিমান বন্দৰত বিশাল জনসভা সম্বোধন প্ৰধানমন্ত্ৰীৰ

    প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে বিমানবন্দৰৰ নতুন টাৰ্মিনেল।

    বৰঝাৰ বিমান বন্দৰত বিশাল জনসভা সম্বোধন প্ৰধানমন্ত্ৰীৰ।

    বিজেপি কাৰ্যালয়ত কাৰ্যকৰ্তাৰ সৈতে বৈঠকত মিলিত হ’ব মোদী।

  • Dec 20, 2025 15:44 IST

    সৰ্বাধিক অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত নৰেন্দ্ৰ মোদী

    সৰ্বাধিক অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত নৰেন্দ্ৰ মোদী
    ২০১৪ চনৰ পৰা ১৮ বাৰ অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
    বৰ্তমানলৈকে অসমৰ ২৫টা কাৰ্যসূচীত অংশগ্ৰহণ নৰেন্দ্ৰ মোদীৰ
    ১১ বাৰ গুৱাহাটীৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ মোদীৰ
    ৬ বাৰৰ বাবে উজনি অসম ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
    ২০২০ চনত এদিনৰ বাবে কোকৰাঝাৰলৈ গৈছিল মোদী

  • Dec 20, 2025 15:40 IST

    প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে বিমানবন্দৰৰ নতুন টাৰ্মিনেল

    বৰঝাৰ বিমান বন্দৰত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি
    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনালে প্ৰধানমন্ত্ৰীক
    বৰঝাৰত ৰাজ্যপালেও আদৰণি জনালে প্ৰধানমন্ত্ৰীক
    উপস্থিত থাকে উদ্যোগপতি গৌতম আদানিও
    প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে বিমানবন্দৰৰ নতুন টাৰ্মিনেল
    উন্মোচন কৰিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও

  • Dec 20, 2025 15:19 IST

    বৰঝাৰ বিমান বন্দৰত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি

    অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
    বৰঝাৰ বিমান বন্দৰত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি
    প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে বিমানবন্দৰৰ নতুন টাৰ্মিনেল
    বৰঝাৰ বিমান বন্দৰত বিশাল জনসভা সম্বোধন প্ৰধানমন্ত্ৰীৰ
    বৰঝাৰৰ পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ ৰোড শ্ব’
    বিজেপি কাৰ্যালয়ত কাৰ্যকৰ্তাৰ সৈতে বৈঠকত মিলিত হ’ব মোদী
    কইনাধৰাত নিশাটো কটাব প্ৰধানমন্ত্ৰীয়ে
    ২১ ডিচেম্বৰৰ পুৱা ৮ বজাত শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ মোদীৰ
    ব্ৰহ্মপুত্ৰৰ বুকুত ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
    ৪০ মিনিটৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ২৫গৰাকী শিক্ষাৰ্থীয়ে
    এই অনুষ্ঠানৰ পিছতেই বৰাগাঁৱৰ ছহিদ স্মাৰকলৈ যাব মোদী
    ২১ ডিচেম্বৰতে ডিব্ৰুগড় আৰু নামৰূপলৈও যাব প্ৰধানমন্ত্ৰীগৰাকী
    ডিব্ৰুগড়ত অনুষ্ঠান সামৰি পোনে পোনে উৰা মাৰিব দিল্লীলৈ

  • Dec 20, 2025 14:55 IST

    অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
    দুদিনীয়া ভ্ৰমণসূচীৰে বৰঝাৰত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
    দুটা দিনত কেইবাটাও কাৰ্যসূচীত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে

  • Dec 20, 2025 14:37 IST

    সৰ্বাধিক অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত নৰেন্দ্ৰ মোদী

    সৰ্বাধিক অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত নৰেন্দ্ৰ মোদী
    ২০১৪ চনৰ পৰা ১৮ বাৰ অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
    বৰ্তমানলৈকে ২৫টা কাৰ্যসূচীত অংশগ্ৰহণ নৰেন্দ্ৰ মোদীৰ
    ১১ বাৰ গুৱাহাটীৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ মোদীৰ
    ৬ বাৰৰ বাবে উজনি অসম ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
    ২০২০ চনত এদিনৰ বাবে কোকৰাঝাৰলৈ গৈছিল মোদী

  • Dec 20, 2025 14:07 IST

    ক্ষন্তেক সময়ৰ পাছতেই অসমত উপস্থিত হ’ব মোদী

    এঘণ্টা আগুৱাই দিয়া হৈছে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী
    ক্ষন্তেক সময়ৰ পাছতেই অসমত উপস্থিত হ’ব মোদী
    কিছু সময়ৰ পাছতেই বিমান বন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিশেষ বিমান
    প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব বিমান বন্দৰৰ নতুন টাৰ্মিনেল

Advertisment
Advertisment