Assameseগহপুৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমি পূজনআজি বিশ্বনাথৰ গহপুৰৰ ভোলাগুৰিত প্ৰস্তাৱিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজন কৰা হয়। কনকলতা বিশ্ববিদ্যালয়ৰ শিলান্যাস স্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।Jyotiprasad Sarma Nov 08, 2025 17:27 ISTকনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমি পূজন Photograph: (DY365)গহপুৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমি পূজনআজি বিশ্বনাথৰ গহপুৰৰ ভোলাগুৰিত প্ৰস্তাৱিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজন কৰা হয়। কনকলতা বিশ্ববিদ্যালয়ৰ শিলান্যাস স্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ৪১৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব বিশ্ববিদ্যালয়খন। ৭৩১ বিঘা ভূমিত নিৰ্মাণ হ’ব বিশ্ববিদ্যালয়খন। ৪১৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব বিশ্ববিদ্যালয়খন। ভূমি পূজনেৰে কাৰিকৰী বিশ্ববিদ্যালয়খনৰ শিলান্যাস কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ৰাজ্যৰ ২৬টা সমষ্টিৰ পৰা সংগ্ৰহ কৰা অমৃত কলহৰ মাটিৰে কৰা হয় ভূমি পূজন। এইখনেই হ’ব অসমৰ প্ৰথমখন কাৰিকৰী, বৃত্তিমূলক শিক্ষা বিশ্ববিদ্যালয়। AdvertismentAlso Read: CID কাৰ্যালয়ত জুবিনৰ প্ৰাক্তন মেনেজাৰ তাৰচেম মিট্টালকনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খনৰ বাবে প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰৰ পৰা ৩৫০ কোটি টকা আৱণ্টন দিয়া হৈছে। শিলান্যাস আৰু ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগু, ৰাজ্যিক বিত্ত মন্ত্ৰী অজন্তা নেওগ। অনুষ্ঠানত উপস্থিত থাকে অশোক সিংঘল, বিধায়ক উৎপল বৰা, দিগন্ত ঘাটোৱাল, বিধায়ক প্ৰমোদ বৰঠাকুৰ, সাংসদ ৰঞ্জিত দত্তকে ধৰি কনকলতা বৰুৱা ছহিদ পৰিয়ালৰ আত্মীয়ৰ লগতে বহু সংখ্যক লোক।Also Read: অসমীয়া ছবিৰ ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ 'ৰৈ ৰৈ বিনালে'ৰগহপুৰৰ কনকলতা বিশ্ববিদ্যালয়ত ১০ হাজাৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পাৰিব। গতানুগতিক বিষয়সমূহৰ উপৰিও কাৰিকৰী বিষয় সমূহেও স্থান পাব এই বিশ্ববিদ্যালয়খনত। এ আই ৰবটিক, থ্ৰিডি প্ৰিণ্টিং, ড্ৰোন প্ৰযুক্তি, নৱীকৰণ যুক্ত শক্তি, জীৱ-বৈচিত্ৰ আদি বিষয় সন্নিৱিষ্ট হ'ব।অৰুণাচলৰ হোলেংগী এয়াৰ প'ৰ্টত বিমানযোগে উপস্থিত হৈ তাৰ পৰা হেলিকপ্টাৰেৰে ভোলাগুৰিত উপস্থিত হয় কেন্দ্ৰীয়মন্ত্ৰীগৰাকী। শিলান্যাস আৰু ভূমি পূজনৰ পিছতে বিশাল জনসভা সম্বোধন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। স্মৃতি বিজড়িত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী ভোলাগুৰিৰ বিশাল জনসভাত হাজাৰ জনতা সমবেত হয়। উল্লেখ্য যে, শুকুৰবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ৷AdvertismentAdvertisment Read the Next Article