Assameseমাত্ৰ ১৫ দিন! কাৰ্বি পাহাৰত চলিব প্ৰশাসনৰ বুলড'জাৰকাৰ্বি পাহাৰত চলিব প্ৰশাসনৰ বুলড'জাৰ। অশান্ত কাৰ্বি আংলঙৰ বেদখলকাৰীক বান্ধি দিয়া হ'ল সময়সীমা। বিহুৰ পাছতে কাৰ্বি-আংলঙৰ PGR-VGR ভূমিত বসবাস কৰা বেদখলকাৰী সকলক কৰা হ'ব উচ্ছেদ।Mrinmoy Talukdar Dec 30, 2025 13:58 ISTFile Photoমাত্ৰ ১৫ দিন! কাৰ্বি পাহাৰত চলিব প্ৰশাসনৰ বুলড'জাৰকাৰ্বি পাহাৰত চলিব প্ৰশাসনৰ বুলড'জাৰ। অশান্ত কাৰ্বি আংলঙৰ বেদখলকাৰীক বান্ধি দিয়া হ'ল সময়সীমা। বিহুৰ পাছতে কাৰ্বি-আংলঙৰ PGR-VGR ভূমিত বসবাস কৰা বেদখলকাৰী সকলক কৰা হ'ব উচ্ছেদ।AdvertismentRead More- মুখ্যমন্ত্ৰীৰ সংকল্প, অচিনাকী লোকক শান্তিত থাকিবলৈ নিদিওৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। এইবাৰ কাৰ্বি আংলঙৰ PGR-VGR ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। PGR-VGR ভূমিত বসবাস কৰা বেদখলকাৰী সকলক বান্ধি দিয়া হ'ল ১৫ দিনৰ সময়সীমা। খেৰণিৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছতে এই সিদ্ধান্ত Read More- ডাঙৰ সিদ্ধান্ত, ৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী!অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ কাৰ্বি আংলঙৰ খেৰণিত কাৰ্বি লোকসকলে কৰিছিল প্ৰতিবাদ। কিন্তু প্ৰতিবাদৰ মাজতেই প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে উঠাই লৈ যোৱাক লৈ অশান্ত হৈ পৰিছিল কাৰ্বি আংলং। এটা সময়ত প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলৈও বাধ্য হৈছিল। আৰক্ষীৰ এই গুলীচালনাত নিহত হৈছিল এজন প্ৰতিবাদকাৰী।Read More- ভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো?আনহাতে প্ৰতিবাদৰ মাজতেই শ শ প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙৰ বাসগৃহ। লগতে কেইবাটাও অনাকাৰ্বি পৰিয়ালৰ বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠানো জ্বলাই দিছিল প্ৰতিবাদকাৰীসকলে। ইয়াৰ পাছতেই অনা কাৰ্বি লোকসকলেও ৰাজপথলৈ ওলাই আহিছিল। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্বি আংলঙত জাৰি কৰা হৈছিল ১৬৩ ধাৰা, কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱাও। Read More- ১ জানুৱাৰীৰ পৰা সলনি হ’ব বহুকেইটা নিয়মতাৰ পাছতেই ২৬ ডিচেম্বৰত ৰাজ্য চৰকাৰৰ সৈতে অনুষ্ঠিত হৈছিল এখন ত্ৰিপাক্ষিক বৈঠক। এই ত্ৰিপাক্ষিক বৈঠকৰ অন্তত সোমবাৰে ডিফুত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক বৈঠকত গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকৰ অন্তত এই কথা সদৰী কৰে CEM তুলিৰাম ৰংহাঙ আৰু প্ৰতিবাদী নেতৃত্বই। Read More- প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ-মুখ্যমন্ত্ৰীউল্লেখ্য যে ৫ জানুৱাৰীত উচ্ছেদ সন্দৰ্ভত গুৱাহাটী HCত দিয়া হ’ব শপতনামা। ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰা ৩৩৯ আবেদনকাৰীৰ বাহিৰে বাকীসকলক কৰা হ’ব উচ্ছেদ। বাতিল হ’ব PGR-VGRত থকা ব্যৱসায়ৰ অনুজ্ঞাপত্ৰও।AdvertismentAdvertisment Read the Next Article