Advertisment

মুখ্যমন্ত্ৰীৰ সংকল্প, অচিনাকী লোকক শান্তিত থাকিবলৈ নিদিও

জাতিৰ বৰঘৰত অচিনাকি লোকক সোমাবলৈ নিদিব। কোনো অচিনাকী লোককে অসমভূমিত শান্তিৰে থাকিবলৈ নিদিও। যিমান সোনকালে পাৰে আমাৰ সত্ৰৰ ভূমিৰ পৰা আঁতৰি যাওক অচিনাকী লোক। বটদ্ৰৱাৰ পৰা হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।  

 File Photo
File Photo

মুখ্যমন্ত্ৰীৰ সংকল্প, অচিনাকী লোকক শান্তিত থাকিবলৈ নিদিও


জাতিৰ বৰঘৰত অচিনাকি লোকক সোমাবলৈ নিদিব। কোনো অচিনাকী লোককে অসমভূমিত শান্তিৰে থাকিবলৈ নিদিও। যিমান সোনকালে পাৰে আমাৰ সত্ৰৰ ভূমিৰ পৰা আঁতৰি যাওক অচিনাকী লোক। বটদ্ৰৱাৰ পৰা হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।  

Advertisment

Read More- অভিযোগ! মুছলমানৰ ইতিহাস বিকৃত কৰিছে মুখ্যমন্ত্ৰীয়ে

অচিনাকী লোকৰ বিৰুদ্ধে পুনৰ সৰৱ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অচিনাকী লোকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ বাৰ্তা- যিমান পাৰে সোনকালে আমাৰ সত্ৰৰ ভূমিৰ পৰা আঁতৰি যাওক অচিনাকী লোক। অন্যথা বিজেপি চৰকাৰে ৰেহাই নিদিব কোনো অচিনাকী লোকক। 

Read More- মিত্ৰতা হ'বই! কংগ্ৰেছে ল'লে বৃহত্‍ সিদ্ধান্ত

অসমীয়া জাতি এতিয়া জাগিছে। শংকৰ-মাধৱৰ প্ৰেৰণাৰে অসমীয়া জাতিক আমি মহাশক্তিলৈ ৰূপান্তৰ কৰিম। অসমৰ ৰাইজলৈও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান- অচিনাকী লোকৰ হাতত মাটি বিক্ৰী নকৰিব, অচিনাকী লোকক চাকৰি নিদিব আৰু অচিনাকী লোকসকলক অসমীয়া জাতিৰ বৰঘৰত সোমাবলৈ নিদিব। 

Read More- দেশৰ ভিতৰতে দ্ৰুত বিকাশশীল ৰাজ্যত পৰিণত অসম

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্মুখত উদাত্ত ভাষণেৰে মুখ্যমন্ত্ৰী ক'লে- কৰিবলৈ আৰু বহু কাম বাকী আছে। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো, 'যেতিয়ালৈকে আমাৰ দেহত শক্তি থাকিব, তেতিয়ালৈকে আমি অচিনাকী লোকক অসমভূমিত শান্তিত থাকিব নিদিওঁ'। বটদ্ৰৱাত এই সংকল্প ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

Read More- ডাঙৰ সিদ্ধান্ত, ৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী!

লগতে মুখ্যমন্ত্ৰীয়ে ক'লে- অসমৰ ৰাইজৰ আশীৰ্বাদত আমি এনে এখন চৰকাৰ গঠন কৰিছো, যিখন চৰকাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমলৈ বিকাশৰ গংগা বোৱাই আনিছে। কিন্তু মই বিশ্বাস কৰো, বিকাশৰ লগে লগে আমাৰ জাতিৰ পৰিচয় আৰু অস্তিত্বও থাকিব লাগিব। কাৰণ জাতিৰ পৰিচয় নাথাকিলে বিকাশৰ কোনো মূল্য নাই। 

Read More- ভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো?

অসমীয়া জাতি আজি সংকটৰে পৰিপূৰ্ণ। চাৰিওফালে আমি এচাম মানুহৰ দ্বাৰা পৰিৱেষ্টিত হৈ আছো। মই কেইদিনমান আগতে কৈছিলো, আমি সাৱধানে চলিব লাগিব। আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল, শংকৰ আৰু আজান নাছিল। সূৰ্য আৰু চন্দ্ৰ থকালৈকে শংকৰ-মাধৱ গুৰু দুজনা আমাৰ মাজত জীয়াই থাকিব।

Advertisment
Advertisment