Assameseদেশৰ ভিতৰতে দ্ৰুত বিকাশশীল ৰাজ্যত পৰিণত অসমভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুযায়ী দেশৰ ভিতৰতে দ্ৰুত বিকাশশীল ৰাজ্যত পৰিণত অসম। বিগত ৫টা বৰ্ষত অসমৰ বিকাশৰ হাৰ ৪৫শতাংশলৈ বৃদ্ধি। RBIৰ পৰিসংখ্যা অনুসৰি ২০২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৫ বিত্তীয় বৰ্ষৰ ভিতৰত অসমৰ জি এছ ডি পি প্ৰায় ৪৫ শতাংশ বৃদ্ধি পাইছে। Jyotiprasad Sarma Dec 29, 2025 09:48 ISTদেশৰ ভিতৰতে দ্ৰুত বিকাশশীল ৰাজ্যত পৰিণত অসম Photograph: (DY365)দেশৰ ভিতৰতে দ্ৰুত বিকাশশীল ৰাজ্যত পৰিণত অসমভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুযায়ী দেশৰ ভিতৰতে দ্ৰুত বিকাশশীল ৰাজ্যত পৰিণত অসম। বিগত ৫টা বৰ্ষত অসমৰ বিকাশৰ হাৰ ৪৫শতাংশলৈ বৃদ্ধি। RBIৰ পৰিসংখ্যা অনুসৰি ২০২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৫ বিত্তীয় বৰ্ষৰ ভিতৰত অসমৰ জি এছ ডি পি প্ৰায় ৪৫ শতাংশ বৃদ্ধি পাইছে, ২.৪ লাখ কোটিৰ পৰা ৩.৫ লাখ কোটিলৈ বৃদ্ধি পাইছে। AdvertismentAlso Read: মিত্ৰতা হ'বই! কংগ্ৰেছে ল'লে বৃহত্ সিদ্ধান্তদেশৰ ভিতৰতে অসম দ্ৰুত বিকাশশীল ৰাজ্যত পৰিণত। বিগত পাঁচ বছৰত (২০২০-২০২৫) অসম ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বিকাশ লাভ কৰা ৰাজ্যিক অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। য'ত মুঠ ৰাষ্ট্ৰীয় ঘৰুৱা উৎপাদন (GSDP) ৪৫% বৃদ্ধি পাইছে, যি ৰাষ্ট্ৰীয় গড় ২৯%তকৈ বহুগুণে বেছি। আৰু ইয়াৰ মূল চালিকা শক্তি হৈছে কৃষি, খাৰুৱা তেল, গেছ আৰু উত্তৰ-পূবৰ শক্তিশালী আন্তঃগাঁথনি বিনিয়োগ।বছৰটোৰ শেষত এটা ভাল খবৰ। ভাৰতৰ ১০ দ্ৰুত বিকাশশীল ৰাজ্যৰ প্ৰথম স্থানত আছে অসম। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই স্বীকৃতি। অসমৰ বিকাশৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ ১৬শতাংশ বেছি। বিকাশৰ হাৰ ৰাষ্ট্ৰীয় গড় ২৯ শতাংশৰ বিপৰীতে অসমৰ ৪৫শতাংশ। অসমৰ সামগ্ৰিক ৰাজ্যিক ঘৰুৱা উত্পাদন ৩.৪৯ লাখ কোটি। ২০২০ বিত্তীয় বৰ্ষত অসমৰ GSDP আছিল ২.৪ লাখ কোটি। ২০২৫ বিত্তীয় বৰ্ষত অসমৰ GSDP হ’লগৈ ৩.৫ লাখ কোটি। Also Read: অভিযোগ! মুছলমানৰ ইতিহাস বিকৃত কৰিছে মুখ্যমন্ত্ৰীয়েতামিলনাডু, কৰ্ণাটক, উত্তৰ প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগনা, বিহাৰ, ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশতকৈ অধিক অসমৰ বিকাশৰ হাৰ। বিগত ৫ বছৰত অভিলেখ হাৰত বিকাশ হৈছে অসমত। RBIয়ে প্ৰকাশ কৰা GSDP প্ৰতিবেদনত এই তথ্য। কৃষি, তেল, গেছ আৰু আন্তঃগাঁথনিত বিনিয়োগ সৰ্বাধিক। উল্লেখ্য যে, কৃষি, তেল আৰু গেছ উৎপাদনকে ধৰি মুখ্য খণ্ডসমূহে এই বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উত্তৰ-পূব অঞ্চলত হোৱা ব্যাপক আন্তঃগাঁথনি বিনিয়োগে অসমৰ অৰ্থনৈতিক বিকাশক গতি দিছে।AdvertismentAdvertisment Read the Next Article