Assameseঅভিযোগ! মুছলমানৰ ইতিহাস বিকৃত কৰিছে মুখ্যমন্ত্ৰীয়েঅসমৰ মুছলমানৰ ইতিহাসক বিকৃতকৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে শংকৰদেৱৰ লগত আজান পীৰ লগত থাকিলে অসমীয়া জাতি দুৰ্বল হৈ নপৰে। লগতে বাঘ হাজৰিকাৰ অস্তিত্ব নাইকীয়া কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? প্ৰশ্ন আমছুৰ। Mrinmoy Talukdar Dec 28, 2025 19:36 ISTFile Photoমুছলমানৰ ইতিহাস বিকৃত কৰিছে মুখ্যমন্ত্ৰীয়েঅসমৰ মুছলমানৰ ইতিহাসক বিকৃতকৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে শংকৰদেৱৰ লগত আজান পীৰ লগত থাকিলে অসমীয়া জাতি দুৰ্বল হৈ নপৰে। লগতে বাঘ হাজৰিকাৰ অস্তিত্ব নাইকীয়া কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? প্ৰশ্ন আমছুৰ। AdvertismentRead More- ডাঙৰ সিদ্ধান্ত, ৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী!ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ। হিন্দীভাষী লবীৰ ওচৰত আঁঠু লৈ অসমীয়া জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰীয়ে। ইতিহাস নজনাকৈ অসমৰ ৰাইজক সাধুকথা শুনাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুছলমানৰ ইতিহাসকো বিকৃতকৰণ কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। Read More- জুবিন বিহীন ১০০টা দিন, ন্যায়ৰ অপেক্ষাত অসমীয়াআমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ কয় যে, আজান পীৰ চাহাবক লৈ তুচ্ছ-তাচ্ছিল্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আজান ফকীৰ ক’ৰ পৰা আহিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰাটো দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আজান পীৰ থাকিলে অসমীয়া জাতি দুৰ্বল হৈ নপৰে। শংকৰদেৱ, মাধৱদেৱ আৰু আজান পীৰে গঢ়ি থৈ যোৱা অসমখন দুৰ্বল নাছিল। বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে গঢ়িব বিছৰা অসমখনহে দুৰ্বল। হিমন্ত বিশ্ব শৰ্মাই বিভাজনৰ ৰাজনীতি কৰি অসমখন থানবান কৰিব বিছৰাৰ অভিযোগ আমছুৰ। Read More- ভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো?উল্লেখ্য যে শনিবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি উদাত্ত ভাষণ দিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ভাষণত হিমন্ত বিশ্ব শৰ্মাই কৈছিল- "অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছোঁ--অসমত শংকৰ-মাধৱ আছে, শংকৰ-আজান অসমত নাই৷ শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল৷ শংকৰ-আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নোৱাৰিব৷ ঠিক একেদৰে লাচিত বৰফুকনৰ সৈতে বাঘ হাজৰিকাক একত্ৰিত কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে৷ কৰবাত যদি বাঘ হাজৰিকা আছিল থাকক কিন্তু আমি মোগলক পৰাজিত কৰা বিশ্ববিজয়ী বীৰ হিচাপে লাচিত বৰফুকনক চাব বিচাৰো। লগতে মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল- বাঘ হাজৰিকাক লৈ ক'ৰ পৰা আহিছে বুৰঞ্জীৰ তথ্য"?AdvertismentAdvertisment Read the Next Article