Advertisment

জুবিন বিহীন ১০০টা দিন, ন্যায়ৰ অপেক্ষাত অসমীয়া

জুবিন গাৰ্গ বিহীন ১০০টা দিন। ১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোত আমাৰ মাজৰ পৰা কায়িকভাৱে আতৰি গৈছিল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ নামৰ সত্বাটোক অসমীয়াই কোনোকালে নাপাহৰে, পাহৰিব নোৱাৰে। এতিয়া মাথো অসমবাসীয়ে বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ বাবে ন্যায়। 

 File Photo
File Photo

জুবিন বিহীন ১০০টা দিন, ন্যায়ৰ অপেক্ষাত অসমীয়া

জুবিন গাৰ্গ বিহীন ১০০টা দিন। ১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোত আমাৰ মাজৰ পৰা কায়িকভাৱে আতৰি গৈছিল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ নামৰ সত্বাটোক অসমীয়াই কোনোকালে নাপাহৰে, পাহৰিব নোৱাৰে। এতিয়া মাথো অসমবাসীয়ে বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ বাবে ন্যায়। 

Advertisment

Read More- ১ জানুৱাৰীৰ পৰা সলনি হ’ব বহুকেইটা নিয়ম

১৯ ছেপ্টেম্বৰৰ দুপৰীয়া ছিংগাপুৰৰ পৰা আহিছিল অসমবাসীয়ে কেতিয়াও শুনিব নিবিচৰা সেই খবৰটো-‘‘জুবিন গাৰ্গ আৰু নাই’’। এই খবৰটো অহাৰ লগে লগে মূহুৰ্ত্ততে স্তব্ধ হৈ পৰিছিল সমগ্ৰ অসম। অসমৰ ৰাজপথলৈ লাখ লাখ জনতা ওলাই আহি শেষ বিদায় জনাইছিল হাৰ্টথ্ৰ'ৱক। 

Read More- ভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো?

কিন্তু অসমবাসীয়ে এতিয়াও জানিবলৈ অপেক্ষাৰত যে, ১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোত জুবিন গাৰ্গৰ সৈতে কি হৈছিল? কিয় আমি জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল? জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিজন অসমীয়াৰ অন্তৰত জ্বলি থকা জুইকুৰাও ক্ষান্ত নহয়। 

Read More- প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ-মুখ্যমন্ত্ৰী

উল্লেখ্য যে ছিংগাপুৰত আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। তাৰ পাছতেই এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নর্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা অসম আৰক্ষীৰ তদানীন্তন DSP সন্দীপন গার্গ, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল৷ তাৰ পাছতে ১২ ডিচেন্বৰত কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ২,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছিল SIT-এ। জুবিন গাৰ্গ ঘটনাৰ SITৰ চাৰ্জশ্বীটত আছে কেতবোৰ চাঞ্চল্যকৰ, বিস্ফোৰক তথ্য। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃতপ্ৰভা, শেখৰজ্যোতিৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে BNSৰ ১০৩ ধাৰা। হত্যাৰ গোচৰত প্ৰয়োগ কৰা হয় এই ধাৰা। 

Read More- চৰকাৰী আঁচনিৰ নামত পঞ্চায়তে পঞ্চায়তে দুৰ্নীতি

এইসকলোবোৰৰ মাজত প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ বাবে অপেক্ষা কৰিছে হাৰ্টথ্ৰ'ৱৰ পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে। ইতিমধ্যে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে চলা ডিজিটেল আন্দোলনেও অভিলেখ স্পৰ্শ কৰিছে। ৰাজ্যবাসীৰ দাবী ফাষ্টট্ৰেক আদালতৰ জৰিয়তে হওক জুবিন গাৰ্গ হত্যাৰ তদন্ত।

Advertisment
Advertisment