Advertisment

‘প্ৰতিদিনে ৩০ৰ পৰা ৫০ জনকৈ লোকে অৱৈধ ভাৱে প্ৰৱেশ কৰে অসমত’- মুখ্যমন্ত্ৰী

‘প্ৰতিদিনে ৩০ৰ পৰা ৫০ জনকৈ লোকে অৱৈধ ভাৱে প্ৰৱেশ কৰে অসমত’। ‘খেদি দিলেই সমস্যা শেষ নহয়’। ‘ভিতৰৰ পৰা কোনো শক্তিয়ে সহায় কৰে এইসকল লোকক’। অৱৈধ প্ৰৱেশকাৰীক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য।

 Filephoto

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা- নিৰ্বাচনৰ পাছতেই যিকোনো প্ৰকাৰে, যি পৰ্যায়লৈ গৈ হ'লেও ফৰেষ্ট এলেকাৰ মাটি দখলমুক্ত কৰা হ'ব। চৰ অঞ্চলৰ ভূমি সমূহত চাৰ্ভে কৰা হ'ব। চাৰ্ভেৰ অন্তত ন্যায় সংগতভাৱে থকা সকলো লোককে প্ৰদান কৰা হ'ব ভূমি পট্টা। 

নতুনকৈ অসমলৈ অহা কোনো লোককে আমি মাটিৰ পট্টা দিব নোৱাৰো। বিধানসভাত সকলো বিধায়কলৈ মুখ্যমন্ত্ৰী অনুৰোধ- নতুনকৈ অবৈধভাৱে অসমত প্ৰৱেশ কৰা লোকসকলক চিনাক্ত কৰাত আপোনালোকে আমাৰ সহযোগ কৰক। টুইটাৰত আপোনালোকে মোক দেখিছেই, ‘প্ৰতিদিনেই ৩০ৰ পৰা ৫০ জনকৈ লোকে অসমত অৱৈধ ভাৱে প্ৰৱেশ কৰে’। মুখ্যমন্ত্ৰীৰ প্ৰশ্ন- প্ৰতিদিনেই অসমত সোমাই থকা এই লোকসকলক অসমৰে কোনোবাই সহায় কৰে। অসমৰ কোনোবাই সহায় নকৰিলে এই লোকসকলে প্ৰতিদিনে কেনেকৈ অসমত সোমাব পাৰে? কিন্তু প্ৰশ্ন হৈছে অবৈধ অনুপ্ৰৱেশকাৰী সকলক অসমলৈ বাট দেখুওৱা এই লোকসকল কোন?

১৯৫১ চনৰ আগতে অসমলৈ অহা প্ৰতিজন লোকেই অসমীয়া। গতিকে সকলোৱে অসমীয়াৰ নিচিনাকৈ কথাবোৰ ভাৱক। অবৈধভাৱে প্ৰতিদিনে অসমত প্ৰৱেশ কৰা এই মানুহখিনিক কোনোবাই ভিতৰৰ পৰা ৰাস্তা নেদেখালে এই মানুহবোৰে কেনেকৈ অসমত প্ৰৱেশ কৰিব? এনেদৰে অসমৰ বিধানসভাৰ শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনটোত প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

Advertisment
Advertisment