Assameseমিত্ৰতা হ'বই! কংগ্ৰেছে ল'লে বৃহত্ সিদ্ধান্ত’২৬ৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ বৃহত্ সিদ্ধান্ত। ’২৬ৰ নিৰ্বাচনত ১০০খন আসনত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে। এইপৰ্যন্ত প্ৰাৰ্থিত্বকেন্দ্ৰিক আলোচনা হোৱা নাই যদিও আসন বুজাবুজি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ। Mrinmoy Talukdar Dec 28, 2025 19:38 ISTFile Photoমিত্ৰতা হ'বই! কংগ্ৰেছে ল'লে বৃহত্ সিদ্ধান্ত’২৬ৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ বৃহত্ সিদ্ধান্ত। ’২৬ৰ নিৰ্বাচনত ১০০খন আসনত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে। এইপৰ্যন্ত প্ৰাৰ্থিত্বকেন্দ্ৰিক আলোচনা হোৱা নাই যদিও আসন বুজাবুজি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ। AdvertismentRead More- ভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো?ৰাজ্যৰ বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত BIG UPDATE। বৰ্তমানেও বিৰোধী ঐক্যৰ মাজত হোৱা নাই প্ৰাৰ্থিত্বকেন্দ্ৰিক আলোচনা। কিন্তু আসন বুজাবুজি সন্দৰ্ভত APCCৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য- ’২৬ৰ নিৰ্বাচনত ১০০খন আসনতেই প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে।Read More- জুবিন বিহীন ১০০টা দিন, ন্যায়ৰ অপেক্ষাত অসমীয়াঅকলেই নহয়, ’২৬ৰ নিৰ্বাচনত মিত্ৰতাৰে নিৰ্বাচন খেলিব কংগ্ৰেছ দলে। '২৬ৰ বিধানসভা নিৰ্বাচনত বিৰোধী সকলো দলৰ সৈতে মিত্ৰতা হ'বই বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। মিত্ৰতা হোৱাৰ সম্ভাৱনা ১০০ শতাংশই নিশ্চিত বুলি ঘোষণা কৰি গৌৰৱ গগৈয়ে ক'লে- বিৰোধী ঐক্যৰ মাজত হোৱা নাই প্ৰাৰ্থিত্বকেন্দ্ৰিক আলোচনা এইপৰ্যন্ত হোৱা নাই যদিও পৰৱৰ্তী বিধানসভা নিৰ্বাচনত ১০০ খন আসনত কংগ্ৰেছে নিজেই প্ৰতিদ্বন্দিতা কৰিব। আনহাতে বাকী ২৬ খন আসন অন্য বিৰোধী মিত্ৰ দলক বুজাবুজিৰে ভগাই দিয়া হ'ব। Read More- ডাঙৰ সিদ্ধান্ত, ৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী!লগতে গৌৰৱ গগৈয়ে ক'লে যে- ৰাইজে চিন্তা কৰিব নালাগে। ’২৬ৰ নিৰ্বাচনত আমি বিৰোধী সকলো ৰাজনৈতিক দলে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হম আৰু হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনৰ পৰা অসমৰ ৰাইজক পৰিত্ৰাণ দিম। উল্লেখ্য যে গৌৰৱ গগৈৰ এই ফৰ্মূলা কিমান কাৰ্যকৰী হয়, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু মূল কথাটো হৈছে- ২৬তকৈ কম আসন দিলে কংগ্ৰেছৰ সহযোগী দলসমূহে মানিব ল'ব নে নামানিব? Read More- অভিযোগ! মুছলমানৰ ইতিহাস বিকৃত কৰিছে মুখ্যমন্ত্ৰীয়েউল্লেখ্য যে মিত্ৰতাৰ আসন প্ৰসংগত গৌৰৱ গগৈৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া সাংসদ অজিত কুমাৰ ভূঞাৰ। অজিত কুমাৰ ভূঞাই কয় যে- গৌৰৱ গগৈয়ে যি কৈছে সেয়া ঠিক কৈছে বুলি ভাবিছো। গৌৰৱ গগৈয়ে স্পষ্টকৈ আসন বুজাবুজি সন্দৰ্ভত মন্তব্য কৰিছে। গৌৰৱ গগৈৰ এই সিদ্ধান্তই বিজেপিক প্ৰতিহত কৰাত সহায় কৰিব।AdvertismentAdvertisment Read the Next Article