Advertisment

আমেৰিকাত উজলিল অসমৰ জীয়ৰী

আমেৰিকাত উজলিল অসমৰ জীয়ৰী। ডিব্ৰুগড়ৰ টিংখাঙৰ ষ্টেফী গগৈৰ শিৰত 'মিছ গ্ল’বেল এছিয়া ২০২৫'ৰ খিতাপ। ৩০ নৱেম্বৰত ৱাশ্বিংটনত অনুষ্ঠিত Empowering Global Women's Festivalত অংশ লৈ ষ্টেফীৰ এই সুনাম। 

 আমেৰিকাত উজলিল অসমৰ জীয়ৰী Photograph: (DY365)
আমেৰিকাত উজলিল অসমৰ জীয়ৰী Photograph: (DY365)

আমেৰিকাত উজলিল অসমৰ জীয়ৰী


ষ্টেফী গগৈৰ শিৰত ‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ

আমেৰিকাত উজলিল অসমৰ জীয়ৰী। ডিব্ৰুগড়ৰ টিংখাঙৰ ষ্টেফী গগৈৰ শিৰত 'মিছ গ্ল’বেল এছিয়া ২০২৫'ৰ খিতাপ। ৩০ নৱেম্বৰত ৱাশ্বিংটনত অনুষ্ঠিত Empowering Global Women's Festivalত অংশ লৈ ষ্টেফীৰ এই সুনাম। প্ৰতিযোগিতাখনৰ ‘টেলেণ্ট ৰাউণ্ড’ত বিহু নৃত্য প্ৰদৰ্শন কৰি সফলতা কঢ়িয়াই আনে ষ্টেফী গগৈয়ে। 

Advertisment

Also Read: ঘপিয়াই হত্যা পত্নীসহ ২ কন্যা সন্তানক


সুদূৰ আমেৰিকাত নিজৰ প্ৰতিভাৰে জিলিকিল অসমৰ জীয়ৰী ষ্টেফী গগৈ। ডিব্ৰুগড়ৰ টিংখাঙৰ ষ্টেফী গগৈয়ে Empowering Global Women's Festivalত অংশ লৈ গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত অনুষ্ঠিত Empowering Global Women's Festivalত ষ্টেফী গগৈয়ে ‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। ৱাশ্বিংটনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন ‘Empowering’ৰ উদ্যোগত যোৱা ৩০ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। 

Also Read: প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব নামৰূপবাসী

আমেৰিকাত 'ইউজাৰ এক্সপেৰিয়েন্স ডিজাইনাৰ' (User Experience Designer) হিচাপে কৰ্মৰত ষ্টেফীৰ ঘৰ অসমৰ টিংখাঙৰ দিল্লীবাৰীত। অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়া ৰামেশ্বৰ গগৈ আৰু বিজু গগৈৰ কন্যা ষ্টেফীয়ে পিতৃৰ কৰ্মসূত্ৰে পুনেত শিক্ষা জীৱন আৰম্ভ কৰে। পুনেতেই ষ্টেফী গগৈয়ে কম্পিউটাৰ ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰে। কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ শিক্ষা সম্পূৰ্ণ হোৱাৰ পিছত উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যাত্ৰা কৰে। 

Also Read: চিন্তনীয়! দ্ৰুতগতিত ভাৰতীয়ই ত্যাগ কৰিছে নাগৰিকত্ব

আমেৰিকাত থাকিও নিজৰ শিপা পাহৰি যোৱা নাই ষ্টেফী গগৈয়ে । Empowering Global Women's Festivalৰ প্ৰতিযোগিতাখনৰ ‘টেলেণ্ট ৰাউণ্ড’ত ষ্টেফীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰি বিচাৰকৰ উচ্চ প্ৰশংসা লাভ কৰে। 

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ষ্টেফী গগৈয়ে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ কনচাৰ্টত আৰু বলীউডৰ ছবি ‘জাগ্গা জাচুছ’তো বিহু নৃত্য পৰিৱেশন কৰি অসমীয়া লোক-সংস্কৃতিৰ পৰিচয় দাঙি ধৰিছিল।

Advertisment
Advertisment