Assameseকঠোৰ ন্যায়ালয়! ৰেহাই নাপায় ধৰ্ষণকাৰী বিজেপি নেতাইধৰ্ষণকাৰী বিজেপি নেতাক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। জামিন নাপাব উন্নাও ধৰ্ষণ গোচৰত জড়িত বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদীপ সিং চেংগাৰে। বিজেপিৰ হোৱা বাবেই জামিন পোৱা বুলি কুলদীপ সিং চেংগাৰৰ বিৰুদ্ধে উঠিছিল অভিযোগ ।Mrinmoy Talukdar Dec 30, 2025 14:04 ISTFile Photo কঠোৰ ন্যায়ালয়! ৰেহাই নাপায় ধৰ্ষণকাৰী বিজেপি নেতাইধৰ্ষণকাৰী বিজেপি নেতাক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। জামিন নাপাব উন্নাও ধৰ্ষণ গোচৰত জড়িত বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদীপ সিং চেংগাৰে। বিজেপিৰ হোৱা বাবেই জামিন পোৱা বুলি কুলদীপ সিং চেংগাৰৰ বিৰুদ্ধে অভিযোগ উঠিছিল। দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক স্থগিত ৰাখিলে সৰ্বোচ্চ ন্যায়ালয়ে। AdvertismentRead More- যুঁজখন দুৰ্বল কৰাৰ চেষ্টা! অসমত শংকৰ-মাধৱ আছে, আজান নাইউন্নাও ধৰ্ষণ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদীপ চেংগাৰৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয়। কঠোৰ স্থিতি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে স্থগিত ৰাখে কুলদীপ সিং চেংগাৰৰ জামিনৰ ৰায়। আদালতে এই অভিযোগ গুৰুতৰ বুলিও উল্লেখ কৰে আৰু অপৰাধীক কোনো ক্ষেত্ৰতে জামিন দিয়াটো উচিত নহয় বুলি মন্তব্য কৰে। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তই ভুক্তভোগীৰ লগতে পৰিয়ালৰ লোকক কিছু পৰিমানে সকাহ দিছে।Read More- ১ জানুৱাৰীৰ পৰা সলনি হ’ব বহুকেইটা নিয়মউল্লেখ্য যে কুলদীপ সিং চেংগাৰক আই পি চিৰ ৩৭৬ ধাৰাত দোষী সাব্যস্ত কৰা হৈছিল। আৰু এই ধাৰা অনুসৰিয়েই ২০১৯ চনত চেংগাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। কিন্তু এই গোচৰে নতুন ৰূপ লৈছিল যেতিয়া ২৩ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে কুলদীপ সিং চেংগাৰৰ শাস্তি স্থগিত ৰাখি তেওঁক জামিন প্ৰদান কৰিছিল। কুলদীপ চেংগাৰৰ শাস্তি স্থগিত ৰখাৰ ফলত সৃষ্টি হয় হুলস্থুলৰ। কুলদীপ চেংগাৰে জামিন পোৱাৰ পিছতেই একাংশই প্ৰতিবাদ সাব্যস্ত কৰিছিল আনহাতে একাংশই অভিযোগ আনিছিল যে বিজেপিৰ নেতা হোৱা বাবেই জামিন লাভ কৰিছে কুলদীপ চেংগাৰে। Read More- ডাঙৰ সিদ্ধান্ত, ৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী!কিন্তু শেহতীয়াভাৱে দিল্লী উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰিছে যদিও দিল্লী উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক লৈ বিতৰ্ক অব্যাহত আছে।AdvertismentRead More- ভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো?AdvertismentAdvertisment Read the Next Article