Assameseপ্ৰচণ্ড শীত! ৭ দিনলৈ বন্ধ বিদ্যালয়ৰাজ্যত এতিয়া প্ৰচণ্ড শীত। প্ৰচণ্ড শীতৰ মাজতে শিক্ষাৰ্থীসকললৈ আহিল ডাঙৰ খবৰ। শীতৰ বাবেই বন্ধ ঘোষণা কৰা হ'ল বিদ্যালয়। কামৰূপ মহানগৰ জিলাত আগন্তুক ৭ দিনলৈকে বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান। সমগ্ৰ শিক্ষা বিভাগে জাৰি কৰিলে নিৰ্দেশনা। Mrinmoy Talukdar Dec 31, 2025 09:31 ISTFile Photoপ্ৰচণ্ড শীত! ৭ দিনলৈ বন্ধ বিদ্যালয়ৰাজ্যত এতিয়া প্ৰচণ্ড শীত। প্ৰচণ্ড শীতৰ মাজতে শিক্ষাৰ্থীসকললৈ আহিল ডাঙৰ খবৰ। শীতৰ বাবেই বন্ধ ঘোষণা কৰা হ'ল বিদ্যালয়। কামৰূপ মহানগৰ জিলাত আগন্তুক ৭ দিনলৈকে বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান। সমগ্ৰ শিক্ষা বিভাগে জাৰি কৰিলে নিৰ্দেশনা। AdvertismentRead More- মন্ত্ৰীৰ দুৰ্নীতি! বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰৰাজ্যৰ চৌদিশে এতিয়া প্ৰচণ্ড শীত। দিন-প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। শীতৰ লগে লগে ঘন কুঁৱলীৰ আচ্ছাদনে আৱৰিছে অসম। বিগত তিনিটা দিন ধৰি গুৱাহাটী মহানগৰতো অনুভূত হৈছে প্ৰচণ্ড শীত। ক্রমান্বয়ে হ্ৰাস পাইছে গুৱাহাটীৰ তাপমাত্ৰা। ঠেৰেঙা শীতে ব্যাহত কৰিছে জনজীৱন। Read More- মাত্ৰ ১৫ দিন! কাৰ্বি পাহাৰত চলিব প্ৰশাসনৰ বুলড'জাৰপুহৰ ঠেঁটুৱে ধৰা শীতে কঁপাইছে ৰাজ্যবাসীক। একেই পৰিৱেশ গুৱাহাটী মহানগৰতো। তিনিটা দিন ধৰি গুৱাহাটীৰ তাপমাত্ৰ হ্ৰাস পাই হৈছেগৈ ১৩ৰ পৰা ১৫ ডিগ্ৰী চেলচিয়াচ। এই শীতৰ প্ৰতি লক্ষ্য ৰাখিয়েই সমগ্ৰ শিক্ষা বিভাগে জাৰি কৰিলে কামৰূপ মহানগৰ জিলাত সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশনা। Read More- মুখ্যমন্ত্ৰীৰ সংকল্প, অচিনাকী লোকক শান্তিত থাকিবলৈ নিদিওইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ আগমনৰ সময়তে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। এই শীতৰ মাজতেই বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে নিৰ্দেশনা। আগন্তুক ৫ দিনলৈ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলত পুনৰ বৃদ্ধি হ'ব শীতৰ প্ৰকোপ। ঠায়ে ঠায়ে বৃদ্ধি পাব ঘন কুঁৱলী। ইতিমধ্যে ঘন কুঁৱলীৰ ব্যাহত হৈছে বিমানৰ উৰণ। কুঁৱলীৰ বাবেই উৰণ বাতিল কৰা হৈছে কেইবাখনো বিমানৰ।Read More- ডাঙৰ সিদ্ধান্ত, ৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী!শীতৰ প্ৰতি লক্ষ্য ৰাখিয়েই এতিয়া সমগ্ৰ শিক্ষা বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে। আজিৰে পৰা ৬ জানুৱাৰীলৈকে কামৰূপ মহানগৰ জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। আনহাতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ প্ৰতিগৰাকী জিলা আয়ুক্তক দিছে বিশেষ নিৰ্দেশনা। শীতজনিত পৰিস্থিতিৰ বাবে নিজ নিজ জিলাৰ পৰিস্থিতিৰ মূল্যায়ন কৰিবলৈ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। গ্ৰীষ্মপ্ৰবাহৰ সময়ত পূৰ্বে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰয়োজন অনুসৰি বিদ্যালয়সমূহৰ পাঠদানৰ সময় পুনৰ্নিৰ্ধাৰণ বা পাঠদান সাময়িকভাৱে বন্ধ কৰাৰ সন্দৰ্ভতো উপযুক্ত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিয়া হৈছে। AdvertismentAdvertisment Read the Next Article